সংগীত শিল্পী মনোজ বড়াৰ প্ৰশংসনীয় পদক্ষেপঃ ছাত্ৰ-ছাত্ৰীৰ মাজত শিকন সামগ্ৰী প্ৰদান
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ উজনি অসমৰ এগৰাকী জনপ্ৰিয় সংগীত শিল্পী মনোজ বড়াৰ প্ৰশংসনীয় পদক্ষেপ৷ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ চিৰিপুৰীয়াৰ ১০৩নং শিলিখাগুৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবৰ বাবে শিল্পীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰদান কৰে উপহাৰৰ টোপোলা৷ ২০২১-২২ শৈক্ষিক বৰ্ষৰ মূল্যায়নত বিদ্যালয়খনৰ ভিতৰতে সৰ্বোচ্চ দহটা স্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকলক শিল্পী গৰাকীয়ে একোখনকৈ মানপত্ৰ প্ৰদান কৰাৰ লগতে বহী, কলম, পেঞ্চিল, ৰবৰ আদি শিক্ষণ সামগ্ৰী প্ৰদান কৰে৷ বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়ত্ৰীৰ উপস্থিতিত কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা জনোৱাৰ উদেশ্যে শিল্পীগৰাকীয়ে ব্যক্তিগত প্ৰচেষ্টাৰে ৰপায়ন কৰা এই অনুষ্ঠানত সংগীত শিল্পীজনে শিক্ষাৰ্থীসকলৰ অভিভাৱকক উদ্দেশ্যি এক মনোজ্ঞ বক্তব্য প্ৰদান কৰে৷ শিল্পীগৰাকীৰ এনে প্ৰচেষ্টাক অঞ্চলবৰ্তী সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে৷
প্ৰেৰক প্ৰণৱ খাটনিয়াৰ