নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ বাবে পূব কামৰূপত কৰ্মহীন তিনিশতাধিক পুৰোহিত

দেৱালয় বন্ধ থকাত স্থবিৰ হৈছে জীৱনঃ চৰকাৰক দৃষ্টি দিয়াৰ আহ্বান

নিয়মীয়া বার্তা, ২৬ এপ্রিলঃ দেশত লকডাউন। যাৰ বাবে অসমৰ অধিকাংশ লোক আৰ্থিকভাৱে ক্ষতিগ্ৰস্থ হৈছে । ইয়াৰ ভিতৰত  ৰাজ্যৰ পুৰোহিতসকলো একমাত্র লকডাউনৰ ফলত কর্মহীন হৈ পৰিছে৷ অসমৰ বিভিন্ন মঠ–মন্দিৰত পুৰোহিত হিচাপে কর্মৰত লোকসকলৰ জীৱন ধাৰণ বৰ্তমান স্থবিৰ ৷ লকডাউনৰ সময়ত দেশৰ সকলো ধর্মীয় অনুষ্ঠান বৰ্তমান বন্ধ ৷  ফলস্বৰূপে অসমৰ অন্যান্য ঠাইৰ লগতে পূব কামৰূপ অঞ্চলৰ ভিতৰত পিংগলেশ্বৰ দেৱালয়, মদন কামদেৱ দেৱালয়, গোপেশ্বৰ দেৱালয়, দীপ্তেশ্বৰী দেৱালয়, কুর্ম মাধৱ দেৱালয়সহ কেইবাখনো দেৱালয় যোৱা ২৫ মার্চৰ পৰা একপ্রকাৰ বন্ধ হৈ আছে৷ পূব কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি দণ্ডধৰ শর্মা আৰু সম্পাদক অপূর্ব শর্মাই জনোৱা অনুসৰি লকডাউনৰ কাৰণে আটাইতকৈ বেছি ক্ষতিগ্রস্ত হোৱা লোকৰ ভিতৰত আছে পুৰোহিত সমাজ৷ পূব কামৰূপ পুৰোহিত সন্মিলনৰ অধীনত থকা ৰান্ধনী, যোগালি আৰু পুৰোহিত মিলি ৩০০ লোকে এই সময়ত কর্মহীন হৈ দিন পাৰ কৰিছে৷

    প্রাপ্ত তথ্য মতে, লকডাউনৰ বাবে তীব্র আর্থিক সংকটৰ সন্মুখীন হৈছে পুৰোহিতসকল৷ দর্শনার্থীৰ অভাৱ আৰু লকডাউন চলি থকা হেতুকে পূব কামৰূপ অঞ্চলৰ ধর্মীয় মঠ–মন্দিৰৰ ৰান্ধনী, যোগালি আৰু পুৰোহিত শ্রেণীৰ পৰিয়ালত এতিয়া খাদ্য সংকটে দেখা দিছে৷ পূব কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি–সম্পাদকে প্রকাশ কৰা মতে, পুৰোহিতসকলক সদায় সমাজৰ উচ্চ আসন অলংকৃত কৰি অহা হয়৷ ইয়াৰ বাবে পুৰোহিতসকলক আন চৰকাৰী শিক্ষক–কর্মচাৰীৰ লগতে অনুষ্ঠান–প্রতিষ্ঠানে সততে সহায় কৰিবলৈ আগবাঢ়ি নাহে৷ কিন্তু নিজৰ জীৱন আৰু পুত্র–কন্যা তথা সংসাৰৰ কথা পিছ পেলাই কেৱল মঠ–মন্দিৰৰ দায়িত্বত নিয়োজিত হয় পুৰোহিতসকল৷ লকডাউন চলি থকা হেতুকে অমানিশা নামি আহিছে পুৰোহিতৰ পৰিয়ালত৷ তদুপৰি ব’হাগ মাহত হিন্দু ধর্মৰ লোকসকলৰ মাজত একমাত্র লকডাউনৰ কাৰণে মাংগলিক পর্ববোৰ বাতিল কৰা হৈছে৷ গতিকে মঠ–মন্দিৰৰ উপৰি মাংগলিক অনুষ্ঠানবোৰ বাতিল হোৱাৰ ফলতো আর্থিকভাৱে ক্ষতি হৈছে পুৰোহিতসকলৰ৷ এনে সংকটৰ মাজত থাকিও পূব কামৰূপ পুৰোহিত সন্মিলনৰ তৰফৰ পৰা অসম আৰোগ্য নিধিত ১০ হাজাৰ টকা জমা দি মানৱতাৰ নিদর্শন দাঙি ধৰিছে৷ তদুপৰি পূব কামৰূপ পুৰোহিত সন্মিলনীয়ে তেওঁলোকৰ অধীনৰ সকলো ৰান্ধনী, যোগালি আৰু পুৰোহিতক সামান্যভাৱে আর্থিক সকাহ দি সংকট নিৰাময়ৰ চেষ্টা কৰিছে৷ ৰাজ্য চৰকাৰ অথবা জিলা প্রশাসনৰ ফালৰ পৰা এনে পৰিস্থিতিত পুৰোহিতসকলৰ বাবে বিশেষ আঁচনি হাতত লোৱাৰ দাবী উত্থাপন কৰে পূব কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি দণ্ডধৰ শর্মাই৷ অসম চৰকাৰৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পুৰোহিত শ্রেণীৰ লোকৰ সমস্যাৰ দিশ অনুধাৱন কৰি এক ইতিবাচক, আৰু গঠনমূলক পদক্ষেপ হাতত ল’ব লাগে বুলি দাবী জনায় পূব কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি আৰু সম্পাদকে৷

You might also like