নিয়মীয়া বাৰ্তা ২১ জুলাইঃ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্য চৰকাৰেও কৰ’না ভাইৰাছৰ বিৰুদ্ধে চলাই থকা যুঁজত জিলা প্ৰশাসনৰ লগত খোজ মিলাই বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান সমূহেও বিভিন্ন প্ৰকাৰে সৰ্বাধাৰণ মানুহক সুৰক্ষিত কৰিবলৈ সহযোগিতা আগবঢ়াই আহিছে। কৰ’নাৰ বিৰুদ্ধে চলি যুঁজত সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি পঞ্জাব নেচনেল বেংকৰ মৰিগাঁও ইউ বি আই শাখাইও কালি জিলা প্ৰশাসনক মাস্ক আৰু চেনিটাইজাৰ প্ৰদান কৰে। জিলাখনৰ দৰিদ্ৰ মানুহৰ মাজত বিতৰণ কৰিব লগা মাস্ক আৰু চেনিটাইজাৰ সমূহ উপায়ুক্ত ঋতুৰাজ বৰাৰ হাতত অৰ্পণ কৰে। জিলা প্ৰশাসনক প্ৰদান কৰা মাস্ক আৰু চেনিটাইজাৰ প্ৰদান অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,ৰমী বৰুৱা,এল ডি এম পুলেন বৰদলৈ,মৰিগাঁও ইউ বি আই শাখাৰ প্ৰবন্ধক গৌতম মেধীকে আদি কৰি কেইবাজনো বেংক বিষয়াই অংশ গ্ৰহণ কৰে।