নিয়মীয়া বাৰ্তা ৯ জুনঃ সমগ্ৰ ৰাজ্যজুৰি মহামাৰী ক’ৰোনা মহামাৰীয়ে সন্ত্ৰাস চলাই অসমবাসীৰ লগতে দেশবাসীকো আতংকিত কৰি থকাৰ সময়ত ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগৰ তৎপৰতাত ৰাজ্যখনত বৰ্তমানলৈকে নিয়ন্ত্ৰিত ৰূপত আছে মহামাৰী ক’ৰোনা ভাইৰাছ। লক ডাউন, সামাজিক দূৰত্ব , মাস্ক পৰিধান বাধ্যতামূলক আৰু ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ কঠোৰ পদক্ষেপৰ বাবে অসমত বৰ্তমানলৈকে সামাজিক সংক্ৰমণৰ দৰে ঘটনা সংক্ৰমিত হ’বলৈ সক্ষম হোৱা নাই। ইয়াৰ লগতে চৰকাৰৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন প্ৰান্তত কৰ্মচাৰী, সাধাৰণ ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানেও জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ চেষ্টা অব্যাহত ৰখাৰ দৰে নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ বিভিন্ন পঞ্চায়তত জনসাধাৰণৰ মাজত মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছে এজন বিজেপি সক্ৰিয় কৰ্মীয়ে।
জানিব পৰা মতে ৰহা বিজেপিৰ যুৱ নেতা সঞ্জীৱ হাজৰিকাই সমষ্টিৰ ৰহা,জৰাবাৰী,চহৰী,গৰুবাট, জাগীয়াল মৌজাৰ ২৭টা পঞ্চায়তৰ বিভিন্ন গাঁৱ অঞ্চলত গৈ ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যক্তিক হাতে হাতে মাস্ক বিতৰণ কৰিছে। বিগত মাৰ্চ মাহৰ পৰাই বিজেপি কৰ্মী জনে ব্যক্তিগত প্ৰচেষ্টাৰে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰি ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা সুৰক্ষিত থাকিবলৈ সজাগ কৰে। ইয়াৰ লগতে শেহতীয়াকৈ ৰহা আৰক্ষী থানা, ভিডিপি, স্বাস্থ্যকৰ্মী, সংবাদমাধ্যমৰ ব্যক্তি সকলকো ব্যক্তিগত ভাৱে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে। অন্যহাতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে ৰাজ্যখনৰ ভিতৰতে দশম স্থান লাভ কৰি ৰহালৈ গৌৰৱ কঢ়িয়াই অনা ঋত্বিক কুমাৰ সূতৰ লগতে শাৰিৰীক প্ৰতিবন্ধতাকো নেওচি ৯৫ শতাংশ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই অনা ভবেশ কাহাৰকো ব্যক্তিগত ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ লগতে দৰিদ্ৰ মেধাৱী ছাত্ৰ ভবেশ কাহাৰৰ উচ্চশিক্ষা লাভৰ বাবে প্ৰয়োজনীয় আৰ্থিক ক্ষেত্ৰতো এক সাহাৰ্য প্ৰদান কৰা আশ্বাস দিয়ে। তদুপৰি বিজেপিৰ কৰ্মী সঞ্জীৱ হাজৰিকাই ৰহাৰ বিভিন্ন পঞ্চায়তৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলৰ ঘৰে ঘৰে গৈ শুভেচ্ছা জনোৱাৰ লগতে আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলৰ কিতাপ , বিদ্যালয়ৰ ইউনিফৰ্ম ক্ৰয় আদিৰ ক্ষেত্ৰতো আৰ্থিক সকাহ দিবলৈ সাহাৰ্য প্ৰদান কৰিছে। বিজেপি কৰ্মীজনৰ এনে কাৰ্যক অভিভাৱকৰ লগতে ৰহা সমষ্টিৰ বিভিন্ন সচেতন লোকে আদৰণি জনাইছে।