নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ দেশজুৰি চলিছে মহামাৰী ক’ৰোনৰ সন্ত্ৰাস। যাৰ বাবে দেশত চলিছে লক্ ডাউন। এই লক ডাউনৰ প্ৰভাৱত আজি এহাল দম্পতীৰ বিলৈ। বিগত এমাহে লক ডাউনৰ ফলত সম্পৰ্কীয় ঘৰত আলহী খাবলৈ গৈ আৱদ্ধ হৈ পৰা গুৱাহাটীৰ যোৰাবাটৰ শকুন্তলা হীৰা আৰু দীপ হীৰা নামৰ দম্পতী হালে অৱশেষত চাইকেল চলাই গন্তব্য স্থানলৈ মেলিলে ঢাপলি। কোলাত চাৰিমহীয়া কেঁচুৱা সন্তানকলৈ এখন লেডিজ্ চাইকেলেৰে হোজাই জিলাৰ তিনি নং কাকীৰ পৰা গুৱাহাটীৰ যোৰাবাটলৈ বুলি আজি পুৱাই ঢাপলি মেলিছিল পৰিয়ালটোৱে । প্ৰায় নব্বৈ কিল’মিটাৰ পথ চাইকেল আৰু খোজকাঢ়ি আহি আজি সন্ধিয়া ৰহা চাৰিআলিত উপস্থিত হয়। কিন্তু ৰহা চাৰিআলিত নগাঁও জিলা প্ৰশাসনে স্থাপন কৰা স্কীনিং স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থকা প্ৰশাসনৰ বিষয়া-চিকিৎসকে দম্পতী হালক দেখি সোধা-পোছা কৰাতহে উক্ত তথ্য পোহৰলৈ আহে।দম্পতীহালৰ ভাষ্য অনুসৰি লক্ ডাউনৰ পূৰ্বে আলহী খাবলৈ গৈ আৱদ্ধ হৈ থকাৰ পাছত শেহতীয়াকৈ চৰকাৰে মুকলি কৰা আন্তঃজিলা যাতায়তৰ বাবে ১০৪ নম্বৰত ডায়েল কৰি বিফল হয়। পাছত একো উপায় নেদেখি অৱশেষত এখন চাইকেলেৰে নিজ গৃহলৈ বুলি ঢাপলি মেলে। প্ৰায় ৯০ কিল’মিটাৰ পথ অতিক্ৰমি ৰহাত উপস্থিত হোৱাত একমাত্ৰ মানৱীয়তাৰ খাতিৰত প্ৰশাসনৰ লোকে চাইকেলখন নিজৰ জিম্মাত ৰাখি পৰিয়ালটিক এখন চৰকাৰী বাহনত তেওঁলোকৰ গন্তব্য স্থানলৈ পঠিয়াই দিয়ে।