নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চোৰ সেনাপতি’ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীলৈ অন্তৰ্ৱৰ্তীকালীন সকাহ

বিশেষ বাৰ্তা, ২ আগষ্টঃ ২০১৮ চনৰ এক অপমানজনক মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মানহানিৰ অভিযোগত সকাহ দিয়ে বোম্বাই উচ্চ ন্যায়ালয়ে। স্থানীয় আদালতত ব্যক্তিগতভাৱে হাজিৰ হোৱাৰ বাবে ৰাহুল গান্ধীক প্ৰদান কৰা অন্তৱৰ্তীকালীন সকাহ ২৬ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰে উচ্চ ন্যায়ালয়ে। সংবাদ সংস্থা পিটিআইৰ মতে, নিজকে বিজেপি কৰ্মী বুলি দাবী কৰা অভিযোগকাৰীয়ে ৰাফেল যুঁজাৰু বিমান চুক্তিৰ প্ৰেক্ষাপটত গান্ধীয়ে কৰা ‘চোৰ সেনাপতি’ মন্তব্য মানহানিৰ সমান বুলি অভিযোগ উত্থাপন কৰিছিল। ২০২১ চনত স্থানীয় আদালতে তেওঁক জাৰি কৰা চমনক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীৰ আবেদনৰ ভিত্তিত ভি কোটৱালৰ একক বিচাৰপীঠে ২৬ ছেপ্টেম্বৰলৈ শুনানি স্থগিত ৰাখিছিল। ন্যায়াধীশ কোটৱালে কয় যে ‘পূৰ্বতে দিয়া অন্তৰ্ৱৰ্তীকালীন সকাহ তেতিয়ালৈকে চলি থাকিব।’ অভিযোগকাৰীৰ অধিবক্তাই সময় বিচৰাৰ পিছত ৰাহুল গান্ধীৰ আবেদনৰ শুনানি স্থগিত ৰখা হয়। স্থানীয় আদালতে মহেশ শ্ৰীমলে দাখিল কৰা মানহানিৰ এজাহাৰ সন্দৰ্ভত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। ২০১৮ চনত ৰাফেল যুঁজাৰু বিমান চুক্তিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা “চোৰ সেনাপতি” মন্তব্যৰ বাবে ৰাহুলৰ বিৰুদ্ধে মানহানিৰ অভিযোগ দাখিল কৰা হৈছিল। ইয়াৰ পিছতে ৰাহুলে তেওঁৰ বিৰুদ্ধে জাৰি কৰা চমনক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ পিছত আদালতে দণ্ডাধীশক ২০২১ চনৰ নৱেম্বৰ মাহত মানহানিৰ অভিযোগৰ শুনানি পিছুৱাই দিবলৈ নিৰ্দেশ দিয়ে, যাৰ অৰ্থ হ’ল কংগ্ৰেছ নেতাগৰাকীয়ে দণ্ডাধীশৰ সন্মুখত হাজিৰ হ’ব নালাগিব। তেতিয়াৰ পৰাই সময়ে সময়ে ৰাহুলৰ আবেদনৰ শুনানি স্থগিত ৰখাৰ লগতে তেওঁক প্ৰদান কৰা অন্তৰ্ৱৰ্তীকালীন সকাহৰ সময়সীমাও বৃদ্ধি কৰা হৈছে। ২০১৯ চনৰ আগষ্ট মাহত ৰাহুলৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছিল দণ্ডাধীশগৰাকীয়ে। কিন্তু ৰাহুল গান্ধীয়ে উচ্চ ন্যায়ালয়ৰ সন্মুখত দাখিল কৰা আবেদনত দাবী কৰিছিল যে ২০২১ চনৰ জুলাই মাহত তেওঁ এই বিষয়ে জানিব পাৰিছিল। অভিযোগত ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত ৰাজস্থানত অনুষ্ঠিত এক সমাৱেশৰ সময়ত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, ইয়াৰ পিছতই ৰাহুল গান্ধীৰ টুইটাৰত ‘কমাণ্ডাৰ ইন থীফ’ নামেৰে এটা পোষ্টো শ্বেয়াৰ কৰে। অধিবক্তা কুশল মোৰৰ জৰিয়তে দাখিল কৰা আবেদনত ৰাহুল গান্ধীয়ে কয় যে অভিযোগকাৰীৰ গোপন ৰাজনৈতিক এজেণ্ডাক আগুৱাই নিয়াৰ একমাত্ৰ উদ্দেশ্যেৰেই এই আবেদন অনুপ্ৰাণিত কৰা হৈছে। তেওঁ কৈছিল যে অভিযোগকাৰীৰ কোনো অধিকাৰ নাই কাৰণ বদনাম কৰা বুলি অভিযোগ কৰাজনেহে মানহানিৰ কথা ক’ব পাৰে।

You might also like