আজমলৰে গুৰুত্বপূর্ণ নির্বাচনী বৈঠক ৰাহুল গান্ধীৰঃ অসমৰ কংগ্রেছ নেতৃত্বক চূড়ান্ত উপেক্ষা
নিয়মীয়া বার্তা, ২১ ফেব্রুৱাৰীঃ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত আসন বুজাবুজিক লৈ কালি নতুন দিল্লীত কংগ্রেছৰ অঘোষিত মুৰব্বী ৰাহুল গান্ধী আৰু এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ লক্ষণীয়ভাৱে ৰাহুল গান্ধীৰ আমন্ত্রণমর্মেই তেওঁৰ চৰকাৰী বাসভৱনত আজমলৰে অনুষ্ঠিত এই বৈঠকত আসন বুজাবুজিৰ উপৰি আন এক অতি গুৰুত্বপূর্ণ তথা সংবেদনশীল বিষয়তো আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷
সূত্র অনুসৰি ধর্মীয় মেৰুকৰণৰ উদ্দেশ্যে শেহতীয়াকৈ আজমলৰ ৰাজহুৱা সাম্প্রদায়িক উচটনিমূলক ভাষণ কংগ্রেছ হাইকমাণ্ডে সহজভাৱে ল’ব পৰা নাই৷ সেয়েহে সমগ্র বিষয়টো আলোচনাৰ বাবে ৰাহুল গান্ধীয়ে এ আই ইউ ডি এফৰ মুৰব্বীজনক দিল্লীলৈ মাতি আনে৷
ধর্মীয় মেৰুকৰণৰ জৰিয়তে কেৱল সংখ্যালঘুৰ ভোটেৰে যে কংগ্রেছ অসমত ক্ষমতালৈ নাহে, সেয়া ভালদৰে উপলব্ধি কৰিহে অনাগত দিনত কোনো সাম্প্রদায়িক মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ ৰাহুল গান্ধীয়ে আজমলক পৰামর্শ দিয়ে৷
আনহাতে, বৈঠকত আসন বুজাবুজিৰ বিষয়টো বিশেষ গুৰুত্ব লাভ কৰা বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷ অৱশ্যে কোনে কিমানসংখ্যক আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াব তাক লৈ সিদ্ধান্তত উপনীত হোৱা নাই৷
জানিব পৰা মতে, এ আই ইউ ডি এফৰ তৰফৰ পৰা নির্দিষ্ট কিছু সমষ্টিৰ কথা দাঙি ধৰে আজমলে৷ আনহাতে, আজমলৰ লগতে বৈঠকত উপস্থিত থকা দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে পাছত সাংবাদিকৰ আগত কয়– আমি এটা নির্দিষ্টসংখ্যক আসনৰ কথা ৰাহুল গান্ধীৰ সমুখত দাঙি ধৰিছোঁ৷ আমিনুলৰ দাবী– সংবাদ মাধ্যমত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈ বিভিন্ন ধৰণৰ নেতিবাচক বাতৰি প্রকাশ পাই আহিছে যদিও দুয়োপক্ষৰ মাজত কোনো ধৰণৰ সংঘাত কিম্বা মনোমালিন্য নাই৷
আজিৰ বৈঠককখন যথেষ্ট ইতিবাচক আছিল বুলিও আমিনুলে সংবাদিকৰ আগত মন্তব্য কৰে৷ আমিনুলৰ মতে, অসমত পৰৱর্তী চৰকাৰ কংগ্রেছৰ মিত্রজোঁটেই গঠন কৰিব৷ তাৎপর্যপূর্ণভাৱে বদৰুদ্দিন আজমলে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ প্রার্থী তালিকা একেলগে প্রকাশ কৰাৰ বাবে ৰাহুল গান্ধীক আহ্বান জনাইছে৷
উল্লেখ্য যে ৰাহুল গান্ধীৰে হোৱা বৈঠকত আজমল আৰু আমিনুল ইছলামৰ উপৰি কৰিমুদ্দিন বৰভূঞাও উপস্থিত থাকে৷