নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভাৰ পিছতেই গ্ৰেপ্তাৰ নিশ্চিত ৰাহুল গান্ধীৰ : ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ এক বৃহৎ ঘোষণা কৰে। তেওঁ কয় যে লোকসভা নিৰ্বাচনৰ পিছত ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰা হ’ব। শিৱসাগৰ জিলাৰ নাজিৰাত এক কাৰ্যসূচীত ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, আমি এফআইআৰ পঞ্জীয়ন কৰিছোঁ। বিশেষ তদন্তকাৰী দলে তদন্ত কৰিব আৰু লোকসভা নিৰ্বাচনৰ পিছত ৰাহুল গান্ধী গ্ৰেপ্তাৰ কৰা হ’ব। আমি যদি এতিয়াই এই কাম কৰো তেন্তে কংগ্ৰেছে ইয়াক ৰাজনৈতিক প্ৰতিশোধৰ বাবে লোৱা একচন বুলি ক’ব। দৰাচলতে কালি ভাৰত জোড়ো ন্য়ায় যাত্ৰাৰ সময়ত হিংসাৰ উচটনি দিয়াৰ অভিযোগত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু দলৰ অন্যান্য নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছিল। এই বিষয়ত অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে কয় যে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানে গঠন কৰা এছ আই টিৰ জৰিয়তে গোচৰটো পুংখানুপুংখ তদন্তৰ বাবে অসম চি আই ডিলৈ হস্তান্তৰ কৰা হৈছে। উল্লেখ্য যে কংগ্ৰেছৰ নেতা-সমৰ্থকে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশ ল’বলৈ গৈ আছিল যদিও গুৱাহাটীত বাধা দিয়া হয়। এই সময়ছোৱাত দলীয় কৰ্মী আৰু নেতাই গুৱাহাটীৰ মূল পথত প্ৰৱেশ কৰিব নোৱাৰাকৈ লগোৱা বেৰিকেডবোৰ আঁতৰাই পেলাইছিল। ইয়াৰ মাজতে আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ হয়। উক্ত ঘটনাত আহত হয় প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। আনহাতে ৰাহুল গান্ধীয়ে মঙলবাৰৰ বিষয়টো সন্দৰ্ভত কৈছিল, ‘কংগ্ৰেছৰ লোকে বেৰিকেড আঁতৰাইছে, কিন্তু আমি আইন ভংগ নকৰো।’ আনহাতে মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে মই এই বিষয়ত এফআইআৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছো।

You might also like