নিয়মীয়া বাৰ্তা, ২৮ জুনঃ আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে৷ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুওৱা চাৰি যুৱকৰ ভিতৰত এজন আছিল মাজলীৰ ৰাহুল সেনাপতি৷ মাজুলী জিলাৰ নতুন বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰবিল গাঁৱৰ ৰমেশ সেনাপতি আৰু অঞ্জলি সেনাপতিৰ একমাত্র পুত্ৰ আছিল ৰাহুল৷ ছাত্ৰজনৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে ঘৰখনত এক বুজাব নোৱাৰা অৱৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হয়৷ যোৰহাট মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ৰাহুল সেনাপতিৰ মৃত্যুৰ খবৰত সমগ্ৰ অঞ্চলটোতে উঠিছে কেৱল কান্দোনৰ ৰোল৷ কোনোদিন উভতি নহাৰ প্ৰতিশ্ৰুতিৰে পিতৃ-মাতৃৰ বুকু শুদা কৰি অজান দেশলৈ চিৰ দিনৰ বাবে গুচি গ’ল ৰাহুল৷ অতি অমায়িক ছাত্ৰজনৰ মৃত্যুত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক ৰূপজ্যোতি বৰা, চুতীয়া জাতি উন্নয়ন পৰিষদৰ সদস্য বিপুল চুতীয়া, সদৌ মাজুলী জিলা চুতীয়া ছাত্র সন্থা, মাজুলী জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন, যুৱ সন্মিলন, বৰবিল গাঁও যুৱ সংঘ, গাওঁৰক্ষী বাহিনী, গেজেৰা আঞ্চলিক ছাত্ৰ সন্থা, মিচিং ছাত্ৰ সন্থা, বৰবিল হাইস্কুলৰ শিক্ষক গোট, ছাত্র একতা সভা, জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোট, ছাত্র একতা সভাকে আদি কৰি বিভিন্ন দল- সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰেৰক ৰূপজ্যোতি বৰা