বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ আগন্তুক ৰাজস্থান বিধানসভা নির্বাচনত বিজেপি নে কংগ্রেছ জিকিব তাক লৈ বিভিন্ন মহলত আৰম্ভ হৈছে অংক৷ নির্বাচনী ইতিহাস দোহাৰিলে পাঁচ বছৰৰ মূৰে মূৰে ৰাজস্থানত চৰকাৰ সলনি হৈছে৷ ১৯৯৮ত অশোক গেহলটৰ নেতৃত্বত আহিছিল কংগ্রেছ চৰকাৰ৷ ২০০৩ বসুন্ধৰা ৰাজেৰ নেতৃত্বত আহে বিজেপি৷ ২০০৮ত পুনৰ গেহলট আৰু ২০১৩ত বসুন্ধৰা৷ ২০১৮ত আকৌ গেহলট আহিবলৈ সক্ষম হয়৷ গতিকে এইবাৰ বিজেপি পুনৰ ৰাজ্যখনৰ ক্ষমতালৈ আহিব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ কিন্তু বিজেপিৰ বাবে আশংকাৰ কাৰণ হৈ পৰিছে প্রাক্তন মুখ্যমন্ত্রী বসুন্ধৰা ৰাজে৷ নেতৃগৰাকীক এইবাৰ দলৰ শীর্ষ নেতৃত্বই গুৰুত্ব দিয়া নাই৷ গতিকে বসুন্ধৰাৰ শিবিৰে নির্বাচনৰ পূর্বে বিজেপিৰ বাবে বৃদ্ধি কৰিছে দুঃচিন্তা৷
#বাৰ্তা ডেস্ক