নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনত ধাৰাবাহিক পৰাজয়ৰ গ্লানিঃ ৰাজীৱ ভৱন এৰি তৃণমূল কৰ্মীৰ কাষত কংগ্ৰেছ নেতৃত্বঃ জুয়ে পোৰা সোণ বিচাৰি মাৰ্ঘেৰিটাত প্ৰদেশ কংগ্ৰেছৰ সভা

নিয়মীয়া বাৰ্তা, ৫ মেঃ ৰাজ্যত ধাৰাবাহিকভাৱে বিভিন্ন নিৰ্বাচনত মুখ থেকেচা খোৱা অসম প্ৰদেশ কংগ্রেছ দলটো পুনৰ শক্তি শালী ৰূপত প্রতিষ্ঠাৰ প্রচেষ্টাৰে অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই আৰম্ভ কৰা জুয়ে পোৰা সোণ বিচাৰি শীৰ্ষক কাৰ্য্যসূচী অংশহিচাপে আজি উপস্থিত হয় এসময়ৰ কংগ্রেছ দলৰ দূৰ্গ ৰূপে পৰিচিত মাৰ্ঘেৰিটা সমষ্টিত। সভাপতি ভূপেন বৰা আৰু দেবব্রত শইকীয়াৰ নেতৃত্বত অহা কংগ্রেছ নেতৃত্বৰ দলটোৱে মাৰ্ঘেৰিটা কংগ্রেছ ভৱনত উপস্থিত হৈ এক দলীয় কৰ্মী সভাত অংশ গ্রহণ কৰে । দলটোক কিদৰে পুনৰ শক্তিশালী ৰূপত গঢ়ি তুলিব পাৰি সেই সন্দৰ্ভত দলীয় কৰ্মীসকলৰ মতবিনিময় কৰে । কেইবাশ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে সভাখনত । ২০১৪ চনৰ পৰা ধাৰাবাহিকভাৱে পৰাজিত হৈ অহাৰ পাছতো নিষ্ঠাৰে দলৰ হকে কাম কৰি অহা কৰ্মী সকলক প্রশংসা কৰি সভাপতি গৰাকীয়ে কয় যে দলীয় কৰ্মী সকলৰ দিহা পৰামৰ্শ , সমালোচনা আৰু সঠিক নিৰ্দেশনাৰে দলটোক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ প্রয়াস চলোৱা হ’ব। বিভাজনৰ ৰাজনীতিৰ বিপৰীতে অসমৰ ৰাইজৰ স্বাৰ্থত দলে কাম কৰিব বুলিও মন্তব্য কৰে । জেষ্ঠ কংগ্রেছ নেতা দেবব্রত শইকীয়াই সাংবাদিকৰ আগত কয় যে গণতন্ত্রৰ প্রতি বিজেপি দলে ভাবুকি আনিছে কংগ্রেছ দলক জীয়াই ৰাখিলেহে গনতন্ত্র জীয়াই থাকিব। নেতা গৰাকীয়ে বিজেপিয়ে প্রলোভনৰ ৰাজনীতি কৰাৰ অভিযোগ কৰে। গণতন্ত্রত প্রলোভনৰ ৰাজনীতি চলা উচিত নহয় বুলিও কয় । এফালে অৰণোদয় নামত ধন দিছে অন্য ফালে গেছ, পেট্রলত কৰ আৰোপ কৰি জনসাধাৰণক মাধমাৰ দিছে | কংগ্রেছ দলৰ নেতা কৰ্মীৰ দল ত্যাগ সন্দৰ্ভত সাংবাদিকৰ এক প্রশ্নৰ উত্তৰত নেতাগৰাকীয়ে কয় যে সুবিধাবাদী আৰু পদবী লোভী হোৱাৰ বাবে তেনে হ’ব পাৰে । মাৰ্ঘেৰিটা ব্লক কংগ্রেছৰ কায্যকৰি সভাপতি তাৰা প্রসাদ দিহিঙীয়াৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত অংশ গ্রহণৰ পাছতেই ডিগবৈ আন এখন কৰ্মী সভাৰ অভিমুখে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি সহ দলটো ৰাওনা হয়। আজিৰ সভাত দলে আশা কৰাতকৈ অধিক লোক সমবেত হোৱাত দলৰ মাজত উচাহ বৃদ্ধি পৰিলক্ষিত হৈছে।
প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like