নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ অৱসৰপ্রাপ্ত আই এ এছ বিষয়া ৰাজীৱ কুমাৰ বৰাক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্রদান কৰা হৈছে৷ আজি অসম চৰকাৰৰ কর্মচাৰী শাখাৰ প্রধান সচিব নিৰজ বার্মাই এক নির্দেশনাৰ জৰিয়তে বৰাক এ পি এছ চিত নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে৷ উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ পূর্বৰ অধ্যক্ষ অৱসৰপ্রাপ্ত আই পি এছ বিষয়া পল্লৱ ভট্টাচার্যৰ কার্যকাল বিগত ১৬ জানুৱাৰীত অন্ত পৰিছে৷ তাৰ পাছৰে পৰা ভাৰপ্রাপ্ত অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰি আছে ড০ অজন্তা নাথে৷ পূর্বে অসম চৰকাৰ বিভিন্ন বিভাগত দক্ষতাৰে কার্যনির্বাহ কৰা অৱসৰপ্রাপ্ত আই এ এছ বিষয়াগৰাকীয়ে এতিয়াৰে পৰা এ পি এছ চিৰ পূর্ণকালীন অধ্যক্ষৰ দায়িত্ব পালন কৰিব৷ প্রণিধানযোগ্য যে পূর্বৰ কংগ্রেছ চৰকাৰৰ আমোলত ৰাকেশ পালৰ কার্যকালত অসম লোকসেৱা আয়োগ পৰিণত হৈছিল দুর্নীতিৰ মুকলি বজাৰত৷ পৰৱর্তী সময়ত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে এ পি এছ চিৰ দুর্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি আয়োগৰ প্রতি হেৰুওৱা আস্থা বহু পৰিমাণে ঘূৰাই আনিবলৈ সক্ষম হয়৷ কিন্তু তাৰ পাছতো লোকসেৱা আয়োগৰ কেৰোণ সম্পূর্ণৰূপে আঁতৰ নহ’ল৷ যাৰ প্রতিফলন দেখা গ’ল ২০১৮ বর্ষৰ অসামৰিক আৰু অন্যান্য সংলগ্ণ সেৱাৰ পৰীক্ষাত৷ সেই বাবে ৰাজ্যৰ মেধাৱী ছাত্র–ছাত্রীসকলে অসম লোকসেৱা আয়োগৰ পূর্ণ সংস্কাৰৰ দাবী জনাই আহিছে৷ ৰাজীৱ কুমাৰ বৰাৰ কার্যকালত অসম লোকসেৱা আয়োগে পূর্বৰ কেৰোণসমূহ আঁতৰাবলৈ কিমানদূৰ সক্ষম হয়, সেয়া লক্ষণীয় হ’ব৷