নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ অক্টোবৰত ৰাজ্যসভাৰ নির্বাচনঃ আসন এখন; বিজেপিৰ প্রার্থী হ’ব সোণোৱাল

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ:  অসমত খালী হৈ থকা ৰাজ্যসভাৰ এখন আসনৰ বাবে নির্বাচন আয়োগে বৃহস্পতিবাৰে নির্বাচনৰ দিন ঘোষণা কৰিছে৷ বিপিএফ সাংসদ হিচাপে পদত্যাগ কৰা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ আসনখনত ৪ অক্টোবৰত নির্বাচন অনুষ্ঠিত হ’ব৷

ৰাজনৈতিক মহলত চলি থকা জল্পনা–কল্পনা অনুসৰি কেন্দ্রীয় মন্ত্রী হিচাপে মোদী মন্ত্রীসভাত স্থান লাভ কৰা সর্বানন্দ সোণাৱালেই হ’ব উক্ত ৰাজ্যসভা আসনখনত শাসকীয় বিজেপি দলৰ প্রার্থী৷

ইপিনে, নির্বাচন আয়োগে জাৰি কৰা প্রেছ বিজ্ঞপ্তি অনুসৰি অসমৰ এখনৰ লগতে তামিলনাডুৰ দুখন, পশ্চিমবংগ, মহাৰাষ্ট্র, পডুচেৰী আৰু মধ্যপ্রদেশৰ এখনকৈ আসনতো উপ–নির্বাচন অনুষ্ঠিত হ’ব৷

আয়োগে জাৰি কৰা নির্বাচনী কার্যসূচীত কোৱা হৈছে যে মুঠ ৭খন ৰাজ্যসভা আসনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব ১৫ ছেপ্টেম্বৰত৷ ২২ ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন–পত্র৷ মনোনয়ন–পত্র প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে ২৭ ছেপ্টেম্বৰ৷ কোৱা হৈছে ৪ অক্টোবৰত নির্বাচন অনুষ্ঠিত হোৱাৰ দিনাই ভোট গণনা তথা ফলাফল ঘোষণা কৰা হ’ব৷

আয়োগে জাৰি কৰা প্রেছ বিজ্ঞপ্তিত এয়াও জনোৱা হৈছে যে অধিসূচনা জাৰি কৰা মাত্রেই সমগ্র নির্বাচনী প্রক্রিয়া ক’ভিড–১৯ নির্দেশনা অনুসৰি পৰিচালিত হ’ব৷

You might also like