নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিৰ খাৰুৱা তেলচোৰ চক্ৰৰ মূল অভিযুক্ত ৰাকেশ সিঙক বিহাৰত গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা,  ২৩ জুলাই : উজনিত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেলচোৰ চক্ৰৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই সাংবাদিক, বিজেপি কৰ্মীসহ কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ পাছত তিনিচুকীয়া তেলচোৰ চক্ৰৰ স’তে গুৱাহাটীৰ তেলৰ দালাল চক্ৰক বিচাৰি ব্যাপক অভিযান চলায় তিনিচুকীয়া আৰক্ষীয়ে ৷ তেলচোৰ চক্ৰক সমূলঞ্চে উৎখাত কৰাৰ স্বাৰ্থত শেহতীয়াকৈ তিনিচুকীয়া আৰক্ষীৰ সদৰ আৰক্ষী থানাৰ SI মহেন্দ্ৰ শইকীয়াৰ নেতৃত্বত ১৭ জুলাইত যোৱা ছয়জনীয়া আৰক্ষীৰ দলটোৱে বিহাৰত অভিযান চলাই তেলচোৰৰ মূল অভিযুক্ত ৰাকেশ সিঙক ২১ জুলাইত নিশা আটক কৰি ৰাজধানী এক্সপ্ৰেছেৰে দেওবাৰে পুৱাই তিনিচুকীয়াত উপস্থিত হয়হি অভিযানকাৰী আৰক্ষীৰ দলটো ৷ তিনিচুকীয়াৰ পৰা যোৱা আৰক্ষীৰ দলটোৱে বিহাৰৰ  চাপৰা জিলাৰ বনিয়াপুৰৰ নিজা বাসগৃহৰ পৰা খেদি খেদি আটক কৰে ৰাকেশ সিঙক ৷ তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে জানিবলৈ দিয়া অনুসৰি, ৰাকেশ সিঙে গুৱাহাটীৰ বেহাৰবাৰীত এটা ভাড়াঘৰ লৈ উজনিৰ অইলৰ চুৰি খাৰুৱা তেল চোৰাংভাৱে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছিল৷ সমান্তৰালভাৱে তিনিচুকীয়া হোটেল হাইৱেত বহি উজনিত তেলচুৰিৰ সমগ্ৰ কৌশল প্ৰস্তুত কৰিছিল তিনিচুকীয়াৰ চক্ৰটোৰ স’তে ৷ তিনিচুকীয়া জিলাৰ মাকুম লাংকাচি উৰাং বস্তিৰ খাৰুৱা তেলচুৰি ঘটনাৰ মাষ্টাৰ মাইণ্ড আছিল ৰাকেশ সিং ৷ সম্প্ৰতি তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে ৰাকেশ সিঙক চলাইছে মাৰথান জেৰা৷
প্ৰেৰক বিবেক বড়া
You might also like