নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰকিবুলৰ সভাৰ পাছতে মাস্ক পৰিধান নিশ্চিতৰ দাবী দেৱব্রতৰ

প্রদেশ কংগ্রেছত তীব্রতৰ লবীকেন্দ্রিক ৰাজনীতি

নিয়মীয়া বাৰ্তা ১৩ জুনঃ চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক কেন্দ্র কৰি ৰাজ্যৰ কংগ্রেছ দলত অব্যাহত থকা সংঘাতৰ ৰাজনীতি অধিক তীব্রতৰ হৈ পৰিছে৷ যোৱা বুধবাৰে প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত দলৰ ক’ৰ কমিটীৰ বৈঠক উত্তপ্ত হোৱাৰ মূল প্রসংগই আছিল– ৰকিবুল হুছেইনৰ বিতর্কিত ভূমিকা৷ দলৰেই দুজন জ্যেষ্ঠ নেতা নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈ আৰু বিৰোধী দলপতি দেৱব্রত শইকীয়াই ৰকিবুল হুছেইন আৰু হুছেইন শিবিৰৰ ৱাজেদ আলী চৌধুৰী, নন্দিতা দাস আদিৰ সৈতে দুর্বাদল কাজিয়াত লিপ্ত হয়৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে যোৱা প্রায় এটা বছৰ ধৰি ৰকিবুল হুছেইনৰ নেতৃত্বত দলৰ একাংশ বিধায়কে বিৰোধী দলপতিৰ আসনৰ পৰা দেৱব্রত শইকীয়াক অপসাৰণৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে৷ বিভিন্ন সময়ত দেৱব্রত শইকীয়াক একাষৰীয়া কৰি হুছেইন শিবিৰে বিধায়িনী বৈঠক পর্যন্ত অনুষ্ঠিত কৰি আহিছে৷ ইয়াকে কেন্দ্র কৰি দুই নেতাৰ মাজত দিনকদিনে সংঘাত অধিক তীব্রতৰ হৈ পৰিছে৷

ইয়াৰ মাজতে কালি ৰকিবুল হুছেইনৰ গৃহ জিলা নগাঁৱৰ ধিঙৰ বটদ্রৱাত মেট্রিক উত্তীর্ণ ছাত্র–ছাত্রীক সম্বর্ধনা জনোৱাৰ বাবে এখন সভা অনুষ্ঠিত হয়, য’ত উলংঘন কৰা হৈছে সামাজিক দূৰত্ব মানি চলাৰ নীতি৷ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ উপস্থিতিত অনুষ্ঠিত সভাখনত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, প্রাক্তন মন্ত্রী গৌতম বৰাও উপস্থিত আছিল৷ সেই সভাখনৰ পাছতেই বিৰোধী দলপতি দেৱব্রত শইকীয়াই আজি এক বিবৃতিযোগে ৰাজহুৱা স্থানত মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব অক্ষুণ্ণ ৰখাটো নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায়৷ বিবৃতিটোত দেৱব্রত শইকীয়াই কাৰো নাম উল্লেখ কৰা নাই যদিও কালিৰ ঘটনাৰ পাছতেই সামাজিক দূৰত্ব মানি চলাৰ প্রসংগ উত্থাপনে তেওঁ যে ৰকিবুল হুছেইনকে উদ্দেশ্যি চৰকাৰক সেই দাবী জনাইছে, সেই কথা কংগ্রেছৰ ভিতৰচ’ৰাতে চর্চিত হৈছে৷ বিবৃতিটোত দেৱব্রত শইকীয়াই কয় যে সমগ্র দেশৰ লগতে অসমতো দিনকদিনে ক’ভিড–১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ যিহেতু এই ৰোগৰ দৰব এতিয়াও উপলব্ধ হোৱা নাই, সেয়ে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ বিকল্প নাই৷

এই সন্দর্ভত অসম চৰকাৰ আৰু প্রশাসন যিমান সতর্ক হ’ব লাগিছিল, সেয়া এতিয়া একেবাৰে দেখিবলৈ পোৱা নাই৷ যিটো সময়ত দৈনন্দিন ভয়ানকভাৱে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা ৰাজ্যখনত বৃদ্ধি পাইছে, সেই সময়ত চৰকাৰ আৰু আৰক্ষী প্রশাসনৰ ফালৰ পৰা মাস্ক পৰিধান কৰা তথা শাৰীৰিক দূৰত্ব বজাই ৰখাৰ নিয়ম বলৱৎ কৰিবলগীয়া কঠোৰ অনুশাসনৰ অভাৱ পৰিলক্ষিত হৈছে৷ তেওঁ আৰু কয় যে যেতিয়া ৰাজ্যত এজনো ক’ভিড–২৯ ৰোগী নাছিল, তেতিয়া চৰকাৰ আৰু আৰক্ষী প্রশাসনে ঔষধ কিনিবলৈ অহা ব্যক্তি, ঘৰৰ ৰেচন ল’ব অহা ব্যক্তিৰ ওপৰত বর্বৰতাৰে প্রহাৰ কৰিছিল৷ কিন্তু এতিয়া ৰাজ্যত এই ৰোগত আক্রান্ত হোৱা লোকৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পোৱাৰ পাছতো আৰক্ষী–প্রশাসন তথা চৰকাৰে কিয় নীৰৱ দর্শকৰ ভূমিকা পালন কৰিছে, তাত আশ্চর্য প্রকাশ কৰিছোঁ৷

ইপিনে, আন এক বিবৃতিত বিৰোধী দলপতি শইকীয়াই কোৱাৰেণ্টাইনৰ নীতি ভংগ কৰা কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীৰ ওপৰতো ব্যৱস্থা গ্রহণৰ দাবী জনায়৷ তেওঁ কয় যে যোৱা দুদিন আগত তিনিচুকীয়া জিলাৰ বাঘজানত অসম চৰকাৰৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ সৈতে ৰামেশ্বৰ তেলী উপস্থিত হৈ ৰাইজৰ স্বাস্থ্যৰ প্রতি আওকাণ কৰে৷ কিয়নো তেলী মাত্র দুদিন আগেয়ে দিল্লীৰ পৰা অসমলৈ আহিছিল আৰু দুদিন মাত্র কোৱাৰেণ্টাইনত থাকি বাঘজান পৰিদর্শনলৈ যায়৷ অথচ তেতিয়ালৈ তেলীৰ ক’ভিড–১৯ সম্বন্ধীয় স্বাস্থ্য পৰীক্ষাৰ ফলাফলো অহা নাছিল৷ কোৱাৰেণ্টাইনৰ নিয়ম উলংঘা কৰি ৰাইজৰ মাজত সংমিশ্রণ হোৱা কেন্দ্রীয় মন্ত্রী তেলীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ তেওঁ চৰকাৰক দাবী জনায়৷

You might also like