নিয়মীয়া বাৰ্তা ২৯ মেঃ বিগত কেইদিনমান ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পাচত উত্তৰ শালমাৰা মহকুমাৰ কেৰখাবাৰীত ৰে’লৱে বিভাগৰ আণ্ডাৰগ্ৰাউণ্ড পথটো জলমগ্ন হোৱাত যাতায়ত বিঘ্নিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ প্ৰাপ্ত অভিযোগ মতে, অভয়াপুৰী-নয়াগাঁও পথৰ মাজেৰে পাৰ হোৱা ৰে’ল পথটো পাৰাপাৰৰ ক্ষেত্ৰত ৰে’লৱে বিভাগে ১ নং কেৰখাবাৰীত ৰে’ল পথৰ তলেৰে সুৰংগ পথ এটা নিৰ্মাণ কৰে ৷ যান-বাহন আদিকে ধৰি সৰ্বসাধাৰণৰ যাতায়াত বিঘ্নিত নহবৰ বাবে বিভাগে ৰাজকোষৰ বৃহৎ পৰিমানৰ ধন ব্যয় কৰি সুৰংগ পথ নিৰ্মাণ কৰিলে যদিও সেই পথ যাতায়াত কৰা যান-বাহন আদিৰ চালকসকলৰ বাবে মৰণফাণ্ডতহে পৰিণত হৈছে ৷ অভয়াপুৰী আৰু পাৰ্শ্বৱতী এলেকাৰ পৰা স্বাস্থ্য,অগ্নি নিৰ্বাপক বাহিনী,আৰক্ষী আদি জৰুৰী সেৱাৰ উপৰি বিভিন্ন সৰু-বৰ বাহনে নিতৌ উক্ত পথ হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰি আহিছে ৷ বিগত কেইদিনমান ধৰি হোৱা নেৰা- নেপেৰা বৰষুণৰ পাচত উক্ত পথচোৱাত একাঠুলৈকে পানী বৃদ্ধি হোৱাত যমৰ যাতনা ভুগিব লগা হৈছে পথাচাৰী আৰু যান-বাহনৰ চালকসকলে ৷ ইপিনে সুৰংগ পথটোৰ এফালে প্ৰৱেশ কৰা বাহনে আনফালেৰে সোমাই অহা বাহন খন চালকে প্ৰত্যক্ষ কৰিব নোৱাৰাৰ লগতে কোনো সংকেতৰ ব্যৱস্থা নথকাত বহু চালক বিপদত পৰা পৰিলক্ষিত হৈছে ৷ এনে পৰিস্থিতিত বিয়াগোম বিভাগটোৰ অভিজ্ঞ অভিযন্তা বিষয়াই প্ৰস্তুত কৰা প্ৰাক্কলনত উত্তৰ শালমাৰা মহকুমাৰ কেৰখাবাৰীত নিৰ্মাণ কৰা আণ্ডাৰগ্ৰাউণ্ড পথৰ ক্ষেত্ৰত দেখুওৱা চূড়ান্ত বিসংগতিয়ে সচেতন মহলক ভবাই তুলিছে ৷ ইপিনে উক্ত আণ্ডাৰগ্ৰাউণ্ড পথ নিৰ্মাণৰ জৰিয়তে ৰাইজক যাতায়তৰ ক্ষেত্ৰত হাৰাশাস্তি কৰাত সোচ্ছাৰ হৈ পৰিছে স্হানীয় ৰাইজ ৷ ৰে’লৱে
ৰে’লৱেৰ উক্ত পথত সৃষ্টি হোৱা আসোঁৱাহ শীঘ্ৰে আঁতৰ নকৰিলে ৰাইজে বিভাগটোৰ বিৰুদ্ধে আন্দোলনৰ পথ গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে ৷