নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুইপোৰ বিষয়াৰ মুক্তি বিচাৰি পৰেশ বৰুৱাৰ ভাতৃক সাক্ষাৎ দুই অপহূতৰ পৰিয়ালৰ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ বিগত এমাহ ধৰি আলফা (স্বাধীন)ৰ জিম্মাত থকা কুইপ’ৰ দুই অপহৃত বিষয়া ক্রমে শিৱসাগৰৰ প্রণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ জীৱন ৰক্ষাৰ বাবে দুয়ো বিষয়াৰ পৰিয়ালে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছে।

শেহতীয়াকৈ আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাসগৃহত উপস্থিত হৈছেগৈ দুয়োগৰাকী অপহৃতৰ পৰিয়াল। প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক মুক্তি দিবলৈ কাতৰ আহ্বান জনায় দুয়োটা পৰিয়ালৰ লোকে পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাক সাক্ষাৎ কৰে। বিহাৰৰ পৰা অহা ৰাম কুমাৰৰ পিতৃয়ে কাতৰ অনুৰোধ জনায় পুত্ৰৰ মুক্তিৰ বাবে।

অপহৃত বিষয়াদ্বয়ৰ পৰিয়ালৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভাতৃ পৰেশ বৰুৱাৰ প্ৰতি বিমল বৰুৱায়ো আহ্বান জনাইছে দুয়োৰে মুক্তিৰ বাবে। উল্লেখ্য, বিহাৰৰ ৰাম কুমাৰৰ ক্ষেত্ৰত ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপো কোম্পানীৰ লগত কোনো মীমাংসা নহ’লে ৰাম কুমাৰক মৃত্যুদণ্ড বিহাৰ ভাবুকি দিছিল আলফাই। এতিয়া এই বিষয়ক লৈ দুয়োটা পৰিয়াল যথেষ্ট উদ্বিগ্নতাৰ মাজত জীৱন কটাইছে।

You might also like