নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ বিধায়ক ৰমাকান্ত দেউৰীৰ অদ্ভুট মন্তব্য। ব্ৰাহ্মণ-গোঁসাই-মহন্তক লৈ অসাংবিধানিক মন্তব্য বিধায়কগৰাকীৰ। এখন জনসভাত বিধায়কগৰাকীয়ে কয় যে ব্ৰাহ্মণসকল ভিক্ষাৰী, নিৰ্লজ। ভিক্ষাৰীৰ জাত। বামুণৰ নিচিনা ভিক্ষাৰী নহয়, মহন্ত-গোঁসায়ে আমাক ব্যৱহাৰ কৰি আহিছে। আমাৰ জাতি-জনগোষ্ঠীসকলক ৰাস্তালৈ মাতি আনি গুলীয়াই মাৰিছে। সিহঁত ৰজাৰ দৰে নেতা হৈ আহিছে। এইবাৰ টুকুৰা-টুকুৰকৈ কাটি দিম। মোক চিনি পোৱা নাই বুলি তীব্ৰ কটাক্ষ কৰে বিধায়কগৰাকীয়ে।
লগতে আছুকো তীব্ৰ সমালোচনা কৰে মৰিগাঁৱৰ বিধায়কগৰাকীয়ে। এই সন্দৰ্ভত মৰিগাঁও আছুৱে কটাক্ষ কৰি কয় যে এই গৰাকী অকৰ্মন্য বিধায়কে আছুৰ সদস্যক কথা কোৱাৰ আগতে নিজে শিক্ষিত হৈ লওঁক। সঁচা অৰ্থত এজন জনপ্ৰতিনিধিয়ে এনে মন্তব্য কৰিব নোৱাৰে। ক্ষমতাৰ খকত বলিয়ান হৈ এনে মন্তব্য কৰিছে। বিধায়কগৰাকীক শীঘ্ৰে ক্ষমা খোজাৰো আহ্বান মৰিগাওঁ আছুৰ।