নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাষা–সাহিত্যৰ সাহসী যুঁজাৰু

চিত্তৰঞ্জন ওজা

আমেৰিকান সাহিত্যিক আর্নেষ্ট হেমিংৱে’ই লিখা এখন বিখ্যাত উপন্যাস ‘দ্য অ’ল্ড মেন এণ্ড দ্য ছী’ বহুতে হয়তো পঢ়িছে৷ ১৯৫২ চনত প্রকাশিত উপন্যাসখন অতি কম দিনৰ ভিতৰতে গোটেই বিশ্বৰ সাহিত্যানুৰাগীয়ে আঁকোৱালি লয়৷ ১৯৫৩ চনত উপন্যাসখনে কল্পকাহিনীৰ পুলিৎজাৰ বঁটা লাভ কৰে আৰু ১৯৫৪ চনত বিশ্ব সাহিত্য জগতৰ সর্বশ্রেষ্ঠ সন্মান ন’বেল বঁটাৰ বাবে নির্বাচিত হয়৷
উপন্যাসখন এগৰাকী বৃদ্ধ মাছমৰীয়াৰ কাহিনীক লৈ লিখা৷ ছাণ্টিয়াগো নামৰ মাছমৰীয়াজনে বয়সৰ ওচৰত হাৰ নামানি প্রতিদিনে বিশাল সাগৰত নাও মেলি দিয়ে মাছ ধৰিবলৈ, চফল ডেকা মেন’লিনক সংগী কৰি৷ কিন্তু ৮৪ দিনৰ বিফলতাৰ পাছত নিজৰ পিতৃৰ কথা পেলাব নোৱাৰি মেন’লিনে ছাণ্টিয়াগোৰ পৰা আঁতৰি যায়৷ এইবাৰ অকলেই মাছ মাৰিবলৈ নাও বাই যায়, সঁচাকৈয়ে সেই দিনা এটা বৃহৎ আকাৰৰ মার্লিন মাছে বৰশীৰ টোপ গিলে৷ মাছটো ইমানেই ডাঙৰ যে মাছেহে নাওখন টানি লৈ যায়৷ সম্পূর্ণ দুদিন–দুৰাতি এই বৃহদাকাৰ মাছৰ লগত ছাণ্টিয়াগোৰ যুদ্ধ চলি থাকে৷ তেওঁ আঘাতপ্রাপ্ত, ভাগৰুৱা হ’লেও হাৰ নামানিলে৷ মাছটো ভাগৰুৱা হোৱাৰ উমান পাই ঘৰমুৱা হ’বলৈ লয়৷ দুর্ভাগ্যৰ কথা যে সেই সময়তে কেইবাটাও হাঙৰে মাছটো আক্রমণ কৰে৷ ছাণ্টিয়াগোৱে হাঙৰবোৰ মাৰিবলৈ আপ্রাণ চেষ্টা কৰে যদিও হাঙৰবোৰে শেষলৈ মূৰ, জঁকা আৰু ফিছাডাল বাদ দি মার্লিনটো খাই পেলায়৷ ঘৰ আহি ছাণ্টিয়াগো চোতালতে পৰি যায় সম্পূর্ণ ভাগৰুৱা, আঘাতেৰে ক্ষত–বিক্ষত হৈ আৰু গভীৰ টোপনিত লালকাল দিয়ে৷ পিছদিনা ওচৰৰ মাছমৰীয়াসকলে আহি দেখে যে ১৮ ফুট দৈর্ঘ্যৰ এটা বৃহৎ মাছৰ জঁকা নাৱত বন্ধা আছে৷ মেন’লিনে বৃদ্ধ মাছমৰীয়াজনক তেনেকৈ শুই থকা দেখি দুখত কান্দি পেলায়৷ দুয়ো পুনৰ একেলগে মাছ মৰাৰ সংকল্প লয়৷ টোপনিতে ছাণ্টিয়াগোৱে এক সপোন দেখে– আফ্রিকান বালিচৰত সিংহৰ সৈতে খেলি থকা ভৰ যৌৱনপ্রাপ্ত ছাণ্টিয়াগো৷
‘দ্য অ’ল্ড মেন এণ্ড দ্য ছী’ উপন্যাসৰ বয়সে হাৰ নমনা ছাণ্টিয়াগোৰ মনোৰম কাহিনী এইটো৷ ৮৪ দিন সাগৰত মাছ ধৰিব নোৱাৰিলেও হাৰ নমনা সাহসী তেওঁ, ডেকা সংগীজন গুচি যোৱাৰ পাছত অকলশৰীয়া হৈ হাৰ নমনা সাহসী তেওঁ, বৃহদাকাৰ মাছ এটাক বশ কৰিবলৈ দুদিন–দুৰাতি একেৰাহে যুঁজি থাকিও হাৰ নমনা সাহসী তেওঁ৷ লেখকে ছাণ্টিয়াগোৰ মুখেৰে জীৱনৰ মহত্ত্বম বাণী প্রকাশ কৰিবলৈ বিচাৰিছে এনেদৰে–’Man is not for defeat- A man can be destroyed not defeated’৷ ছাণ্টিয়াগোৰ জীৱন কাহিনীয়ে মোক অসমৰ এজন মহান ব্যক্তিলৈ মনত পেলাই দিয়ে, নাম তেওঁৰ ড০ ৰমেশ পাঠক৷
ড০ ৰমেশ পাঠক এগৰাকী গৱেষক, অধ্যাপক, বিশ্লেষক, সাহিত্য সমালোচক, সম্পাদক, ভাষাবিদ, ব্যাকৰণবিদ, নিবন্ধকাৰ আৰু সুবক্তা৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি অৰুণাচল প্রদেশত শিক্ষকতা আৰম্ভ কৰে৷ পাছত ১৯৭০ চনৰ পৰা ২০০০ চনলৈ তেখেতে কটন কলেজত অসমীয়া বিভাগত অধ্যাপক হিচাপে সেৱা আগবঢ়ায়৷ অৱসৰ গ্রহণৰ পাছতো তেওঁ গৱেষক হিচাপে ডিব্রুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত বহু বছৰলৈ কাম কৰি যায়৷
ড০ ৰমেশ পাঠকৰ সাহিত্যিক জীৱনৰ আৰম্ভণি ঘটিছিল ৰম্য ৰচনা, উপন্যাস আৰু কবিতাৰ জৰিয়তে৷ কবিতাৰ পুথি ‘পাহৰা গীতৰ সুৰ’, উপন্যাস ‘এটা নতুন সূর্য লাগে’, ‘ছন্দহাৰা পৃথিৱীত’, অনাতাঁৰ নাটক ‘তোমাক মই ভাণ্ডো, তুমি মোক ভাণ্ডা’, ‘অসমাপ্ত স্বর্গ ভ্রমণ’ ইত্যাদি তেখেতৰ লেখত ল’বলগীয়া অৱদান৷
ভাষাবিদ আৰু গৱেষক হিচাপে ড০ ৰমেশ পাঠকৰ অৱদান অতুলনীয়৷ তেখেতে লিখা কিতাপ ‘ভাষা বিজ্ঞানৰ ভূমিকা’, ‘অসমীয়া ভাষাৰ ইতিহাস’, ‘ব্যাকৰণ আৰু প্রাকৃতি বিজ্ঞান’, ‘পুৰণি অসমীয়া ভাষাৰ ৰূপতত্ত্ব’, ‘পুৰণি অসমীয়া সাহিত্যৰ সুবাস’, ‘উপভাষা বিজ্ঞান আৰু অসমীয়া ভাষা’, ‘অসমীয়া ভাষা চর্চাকাৰীসকলৰ হাতপুথি’, ‘অসমীয়া ভাষাৰ সংৰক্ষণ, সংবর্ধন আৰু সম্প্রচাৰ’, ‘সামগ্রিক অসমীয়া শব্দকোষ’ আৰু ‘উচ্চতৰ অসমীয়া ব্যাকৰণ’ অন্যতম৷
ড০ পাঠক ছাৰে কেইবাখনো মূল্যৱান গ্রন্থ সম্পাদনা কৰি উলিয়ায়৷ তাৰ ভিতৰত হৰিবৰ বিপ্রৰ ‘বব্রুবাহনৰ যুদ্ধ’, শংকৰদেৱৰ ‘পাৰিজাত হৰণ’, ‘ৰুক্মিণী হৰণ’, মাধৱদেৱৰ ‘অর্জুন ভঞ্জন’, সত্যনাথ বৰাৰ ‘বহল ব্যাকৰণ’ আদি সম্পাদিত গ্রন্থবোৰৰ পাতনিত লিখা গৱেষণামূলক লেখাবোৰ অসমীয়া ভাষাৰ এক অমূল্য সম্পদ হিচাপে থাকিব৷ তেখেতৰ সম্পাদনাত নতুন ৰূপত উলিওৱা হেমকোষ (দ্বাদশ সংস্কৰণ) অভিধানখন অসমীয়া ভাষাৰ বাবে আগবঢ়োৱা এক অন্যতম অৱদান৷
ড০ পাঠক ছাৰে শুদ্ধ ৰূপ বিকাশৰ ক্ষেত্রত আৰু অসমীয়া ভাষাৰ সামগ্রিক ৰূপ পুংখানুপুংখভাৱে দাঙি ধৰাত নিজকে সম্পূর্ণৰূপে নিয়োজিত কৰিছিল আৰু সফল হৈছিল৷ ড০ পাঠক ছাৰে চাকৰিৰ পৰা অৱসৰ গ্রহণৰ পাছত যিমানখিনি সৃষ্টিশীল কামত নিজকে নিয়োজিত কৰি অসমীয়া ভাষা–সাহিত্যৰ বাবে অৱদান আগবঢ়ালে, তাক সকলোৱে স্বীকাৰ কৰিব লাগিব৷ তেখেতৰ এই অৱদানৰ বাবেই অসম সাহিত্য সভাই ‘সাহিত্যাচার্য’ উপাধিৰে সন্মানিত কৰে৷ ২০২০ চনত নলবাৰী সাহিত্য সভাই তেখেতক ‘নলবাৰী ৰত্ন’ উপাধিৰে সন্মানিত কৰে৷ শেহতীয়াকৈ অসম প্রকাশন পৰিষদে পাঠক ছাৰক জীৱনজোৰা সাধনা বঁটা আগবঢ়াইছিল৷
ড০ ৰমেশ পাঠকে জীৱনত বহুতো ঘাত–প্রতিঘাতৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ অৱসৰৰ কিছু বছৰ পাছত ২০০৯ চনত তেখেতৰ পত্নীৰ মৃত্যু হয়৷ ইয়াৰ পাছতো তেওঁ থমকি ৰোৱা নাই, ভাষা–সাহিত্যৰ সাধনাত ব্রতী হৈ ৰয়– একক প্রচেষ্টাত এক বৃহৎ অভিধানৰ ৰচনাৰ কামত লাগি যায়৷ ২০১৪ চনত তেওঁ জীৱনৰ আন এটা গভীৰ শোক পায়– তেখেতৰ একমাত্র পুত্র মণিকূট পাঠকৰ আততায়ীৰ হাতত অকাল মৃত্যু হয়৷ এই শোকতে পাঠক ছাৰৰ স্বাস্থ্য ভাগি পৰে৷ ভালদৰে খোজ কাঢ়িব নোৱাৰা হয়, হূদৰোগ, মধুমেহ ৰোগত আক্রান্ত হৈ শাৰীৰিকভাৱে যথেষ্ট দুর্বল হৈ পৰে৷ তথাপি তেওঁ হাৰ নামানিলে, ভাষা–সাহিত্যৰ সমুদ্রৰ পৰা এজন সফল মাছমৰীয়াৰ দৰে সাগৰৰ গভীৰ তলিৰ পৰা মূল্যৱান মণি–মুকুতা আনি আমাক দি গ’ল৷ নিজৰ দুর্বল শৰীৰ, পত্নী–পুত্র শোকত ম্রিয়মাণ, কিন্তু জীৱন যুদ্ধত হাৰ নমনা এক সাহসী ব্যক্তি ড০ পাঠক৷ এই দুর্ঘটনাবোৰৰ পাছত ১,৭০,০০০ শব্দৰ অন্তর্ভুক্তিৰে প্রকাশিত ‘সামগ্রিক অসমীয়া শব্দকোষ’ অসমীয়া ভাষাৰ এতিয়ালৈ প্রকাশিত অভিধানবোৰৰ ভিতৰত সর্বোত্তম বুলি দোহাৰিছে হোমেন বৰগোহাঞিদেৱে৷
কটন কলেজত ১৯৮৪–৮৬ বর্ষত পঢ়া দিনবোৰৰ কথা– এটা বিল্ডিঙৰ পৰা আনটো বিল্ডিঙলৈ দৌৰাদৌৰি কৰি যেতিয়া অসমীয়া শ্রেণীকোঠাত বহোঁ, টোপনিয়ে হেঁচা মাৰি ধৰে৷ ইপিনে শ্রেণীত ১৫০ৰো ওপৰ ছাত্র–ছাত্রী থাকিলে পিছফালে কথা পাতি থাকিলেও শিক্ষকে দেখা পোৱাৰ উপায় নাথাকে৷ কিন্তু ড০ পাঠক ছাৰে শিকাই থকা সময়খিনিত সকলো মৌন হৈ শুনি থাকে৷ ইমান সুন্দৰকৈ খুহুতীয়া আৰু ৰসাল কথাৰে পাঠবোৰ বুজায়, শ্রেণীৰ আটাইতকৈ দুষ্ট ছাত্র–ছাত্রীসকলেও মনোযোগ নিদিয়াকৈ নাথাকে৷ তেওঁৰ খুহুতীয়া কথাবোৰৰ ভিতৰত এষাৰ কথা এতিয়াও মনত পৰে– ‘প্রেয়সীৰ ঘৰৰ কুকুৰৰ ভুকভুকনিও সুমধুৰ সংগীত যেন লাগে’৷
কলেজ এৰাৰ সম্পূর্ণ ৩৪ বছৰ পাছত ছাৰক লগ ধৰিছিলোঁ নৱেম্বৰ, ২০২০ চনত, অনলাইন মাধ্যমত তেখেতৰ সাক্ষাৎকাৰ ল’বলৈ৷ কিছুদিন আগতে জি এন আৰ চি হাস্পতালৰ পৰা ওলাই আহিছেহে, দেহ অতি দুর্বল, কিন্তু তেখেতৰ অসমীয়া জাতিৰ প্রতি ভালপোৱা, অসমীয়া ভাষাৰ প্রতি তেওঁৰ দায়বদ্ধতা দেখি আচৰিত হৈ যাওঁ৷ নতুনচাম লেখক–লেখিকাৰ ভাষা জ্ঞান আৰু শব্দ জ্ঞানৰ সীমাবদ্ধতাৰ ওপৰত তেওঁ কৈছিল– ‘হাতৰ তলুৱাত শব্দ লিৰিকি–বিদাৰি চাব নাজানিলে, ইহাতৰ পৰা নি সিহাতলৈ দলিয়াই হেতালি খেলিবলৈ নাজানিলে আৰু তাৰ মাজত শব্দ শুঙি চাব নাজানিলে সাহিত্য সৃষ্টি নকৰাই ভাল৷’ আৰু কৈছিল– ‘সাহিত্যিকসকল সামাজিকভাৱে দায়বদ্ধ হ’ব লাগিব৷ সমসাময়িক সমাজ ব্যৱস্থাৰ বিষয়ে সাহিত্যিকসকলৰ স্পষ্ট অভিমত থাকিব লাগিব৷’ অসমীয়া ভাষাৰ ভৱিষ্যৎ সম্পর্কেও তেওঁৰ ধাৰণা স্পষ্ট– ‘ভাষা জীয়াই থাকে জাতিটোৰ স্বাভিমানৰ ওপৰত৷’ তেখেতে কৈছিল যে ভাষা সম্পর্কে যিমান প্রবন্ধ বা কিতাপ তেখেতে লিখি উলিয়াইছে তাৰ উদ্দেশ্য এটাই– অসমীয়া ভাষা–সাহিত্য বা ব্যাকৰণৰ যিবোৰ বিষয়ত এতিয়ালৈ কোনেও লিখা নাই, সেই বিষয়বোৰৰ ওপৰত লিখি ভাষা–সাহিত্য সম্পর্কত সেই অভাৱ পূৰণ কৰা৷
ড০ ৰমেশ পাঠকৰ জীৱনৰ বিপদ–বিঘিনি, বার্ধক্য, স্বাস্থ্য আৰু একাকিত্বৰ ওচৰত হাৰ নামানি যি সাহসিকতাৰ পৰিচয় দাঙি ধৰিছে, সিয়ে ‘দ্য অ’ল্ড মেন এণ্ড দ্য ছী’ উপন্যাসৰ বয়সে হাৰ নমনা, অকলশৰীয়া ছাণ্টিয়াগোৰ চৰিত্রৰ লগত ৰিজাব পাৰি৷ দুয়োটা চৰিত্রৰ পার্থক্য এইটোৱে যে ছাণ্টিয়াগোৰ যুঁজখন আছিল জীয়াই থকাৰ যুঁজ৷ কিন্তু ড০ পাঠকৰ যুঁজ আছিল অসমীয়া ভাষা অসমীয়া জাতিৰ ৰক্ষাৰ বাবে কৰা যুঁজ৷ নিজৰ জীৱনত ঘটা ঘাত–প্রতিঘাতবোৰ, নিজৰ দুর্বল দেহকো আওকাণ কৰি অসমীয়া ভাষাৰ উন্নতিৰ হকে তেখেতে সাহসেৰে কাম কৰি যায়৷
ভাষা–সাহিত্যৰ সমুদ্রৰ এই সাহসী যুঁজাৰু ড০ পাঠক ছাৰ নিশ্চয়কৈ এক সফল যোদ্ধা৷ কিন্তু নিয়তিৰ ওচৰত এদিন সকলোৱে হাৰ মানিব লাগিব৷ ড০ পাঠকৰ মৃত্যু অসমীয়া ভাষাৰ বাবে এক বৃহৎ ক্ষতি৷ এজন ভাষাবিদ, পণ্ডিত, গৱেষকক হেৰুৱালোঁ৷ তেওঁৰ আধৰুৱা কামবোৰ যাতে বন্ধ হৈ নাযায়, তাৰেই আশা থাকিল৷
(ম’বাইল- ৯৮৬৪০–৩৬১৪৩)

You might also like