নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ বাবেই পেট্র’ল–ডিজেলৰ দাম বৃদ্ধিঃ মন্ত্রী তেলী

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ আন্তঃৰাষ্ট্রীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি আৰু ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ বাবেই পেট্র’ল–ডিজেলৰ দাম বৃদ্ধি হৈছে৷ আন্তঃৰাষ্ট্রীয় বজাৰত দাম কমিলেই অসমতো পেট্র’ল–ডিজেলৰ দাম হ্রাস পাব৷ –এই মন্তব্য কেন্দ্রীয় পেট্র’লিয়াম দপ্তৰৰ ৰাজ্যমন্ত্রী ৰামেশ্বৰ তেলীৰ৷

দিছপুৰত সংবাদ মাধ্যমৰ আগত কেন্দ্রীয় মন্ত্রী তেলীয়ে কয় যে ভাৰতত পেট্র’ল–ডিজেলৰ দাম মূলতঃ ইণ্ডিয়ান অইল, ভাৰত পেট্র’লিয়াম আৰু হিন্দুস্তান পেট্র’লিয়াম কোম্পানী তিনিটাই নিজে নির্ধাৰণ কৰে৷ আন্তঃৰাষ্ট্রীয় বজাৰতো খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বাবে পেট্র’ল–ডিজেলৰ দাম বাঢ়িছে৷ মন্ত্রী তেলীয়ে আৰু কয় যে ভাৰতত পেট্র’ল–ডিজেলৰ আটাইতকৈ বেছি দাম হৈছে ৰাজস্থানত৷ ৰাজস্থানতকৈ চুবুৰীয়া হাৰিয়ানাত পেট্র’ল–ডিজেলৰ দাম ১৫ টকা কম৷ অলপতে তেওঁ নিজেই ৰাজস্থানলৈ গৈ ৰাজস্থান চৰকাৰক পেট্র’ল–ডিজেলৰ দাম সমান কৰিব কৈছে৷ কাৰণ দামৰ এনে তাৰতম্যৰ বাবে ৰাজস্থানত পেট্র’ল–ডিজেলৰ বিক্রী কমিছে আৰু হাৰিয়ানাত বিক্রী বাঢ়িছে৷ বিজেপিশাসিত ৰাজ্যসমূহত ৰাজ্যিক কৰ কমাই দিয়া হৈছে৷ তদুপৰি কেন্দ্রীয় কৰো ১০ টকা আৰু ৫ টকাকৈ কমাই দিয়া হৈছে৷ কিন্তু অ–বিজেপিশাসিত বহু ৰাজ্যই এতিয়াও ৰাজ্যিক কৰ কমাই দিয়া নাই৷ আনহাতে, ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ বাবেও পেট্র’ল–ডিজেলৰ দাম বৃদ্ধি পাইছে৷ সেই যুদ্ধৰ বাবে বহু দেশ পেট্র’ল–ডিজেলৰ দামক লৈ ভুক্তভোগী হৈছে৷ মন্ত্রী তেলীৰ মতে, আন্তঃৰাষ্ট্রীয় বজাৰত পেট্র’ল–ডিজেলৰ দাম কমিলেই ভাৰতৰ লগতে অসমতো পেট্র’ল–ডিজেলৰ দাম কমিব৷

You might also like