তিনিদিনীয়া ভ্রমণসূচী লৈ অসমত উপস্থিত ৰাম নাথ কোৱিন্দ
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ বহুকেইটা গুৰুত্বপূর্ণ কার্যসূচীত অংশগ্রহণৰ উদ্দেশ্যে আজি তিনিদিনীয়া ভ্রমণসূচীৰে অসমত আহি উপস্থিত হ’ল দেশৰ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দ৷ আজি বিশেষ বিমানযোগে আহি বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক আদৰি আনে৷ ইয়াৰ পৰাই তেওঁ পোনে পোনে যাব শক্তিপীঠ কামাখ্যা ধামলৈ৷ সপৰিয়ালে শক্তিপীঠ দর্শনৰ পাছতে কিছু সময়ৰ বাবে কইনাধৰাত থকা চৰকাৰী অতিথিশালাত দুপৰীয়াৰ আহাৰ গ্রহণ কৰি জিৰণি লোৱাৰ পাছত বিয়লি শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ৰাজ্য চৰকাৰে আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত তেওঁ উপস্থিত থাকিব৷
Honoured to receive Hon’ble President Shri Ram Nath Kovind ji at LGBI Airport along with Hon’ble Governor Prof @jagdishmukhi ji.
During his three-day visit to Assam, we hope to be enriched by his invaluable guidance for taking our state to new heights.@rashtrapatibhvn pic.twitter.com/RFSFluSzI8
— Himanta Biswa Sarma (@himantabiswa) February 25, 2022
লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপনৰ কার্যসূচী আৰম্ভ কৰাৰ লগতে আলাবৈ যুদ্ধ স্মাৰক আৰু লাচিত বৰফুকনৰ সমাধি ক্ষেত্রৰ সৌন্দর্যবর্ধনৰ কামৰ তেওঁ স্থাপন কৰিব আধাৰশিলা৷ নিশা গুৱাহাটীতে কটোৱাৰ পাছত ২৬ ফেব্রুৱাৰীত তেওঁ বায়ুসেনাৰ হেলিকপ্টাৰেৰে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা তেজপুৰলৈ ৰাওনা হ’ব৷
ইতিমধ্যে খানাপাৰাৰ খেলপথাৰত নির্মাণ কৰা হৈছে চাৰিখনকৈ হেলিপেড৷ সেই দিনা তেজপুৰ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত উপস্থিত থকাৰ লগতে সংশ্লিষ্ট বিশ্ববিদ্যালয়খনৰ শিক্ষার্থীসকলক সম্বোধন কৰিব ৰাষ্ট্রপতি কোৱিন্দে৷ দীক্ষান্ত সমাৰোহৰ পাছতে তেওঁ হেলিকপ্টাৰেৰে আহি অৱতৰণ কৰিব বোকাখাতত৷ বোকাখাতৰ পৰা গাড়ীৰে আহি তেওঁ কাজিৰঙাৰ আয়ৰা ৰিজ’টত উপস্থিত হ’ব আৰু তাতে নিশা কটাব৷ আনহাতে ২৬ ফেব্রুৱাৰীৰ বিয়লি বাগৰিত জীপ ছাফাৰি কৰাৰ লগতে ২৭ ফেব্রুৱাৰীৰ পুৱা কঁহৰাত হাতী ছাফাৰিও কৰিব ৰাষ্ট্রপতিগৰাকীয়ে৷ কাজিৰঙা পৰিদর্শনৰ সময়তে ৰাষ্ট্রীয় উদ্যানখনৰ সামগ্রিক উন্নয়নৰ বাবে গ্রহণ কৰা বিভিন্ন প্রকল্পৰ পর্যালোচনাও কৰিব ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷ ২৭ ফেব্রুৱাৰীৰ দিনাই তেওঁ নতুন দিল্লীলৈ উভতি যাব৷ ৰাষ্ট্রপতিগৰাকীৰ ভ্রমণৰ প্রাক্ক্ষণত গুৱাহাটী মহানগৰীৰ লগতে তেজপুৰ আৰু কাজিৰঙাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা৷ গুৱাহাটীৰ প্রতিটো ৰাস্তাতে নিৰাপত্তাৰক্ষীৰ লোক মোতায়েন কৰা হৈছে৷