ড০ অনিল শইকীয়া
তাহানি আকাশবাণী গুৱাহাটী কেন্দ্রযোগে অনাতাঁৰ ধাৰাবাহিক ৰূপে প্রচাৰিত হৈ বিপুল জনপ্রিয়তা লাভ কৰা নাট্যকাৰ তৰুণ শইকীয়াৰ ‘গোবৰধন চৰিত’ শুনিবলৈ প্রতি সপ্তাহৰ নির্দিষ্ট দিনটোলৈ খাপ পাতি আছিলোঁ৷ মূল চৰিত্র ‘গোবৰধন’ আৰু ‘মইনা’ চৰিত্রত অভিনয় কৰা ইন্দ্র বণিয়া আৰু চেতনা দাসৰ মাত দুটি আজিও কর্ণ–কুব্জৰত অনুৰণিত হৈ আছে৷ অকল সেয়াই নহয়, নাটকখনৰ বহুতো সংলাপ মনতো আছে৷ সম্প্রতি জনপ্রিয় ‘ৰং’ চেনেলত সীমান্ত ফুকনৰ পৰিচালনাত যোৱা ২০ জুলাইৰ পৰা ‘দুপৰৰ ৰং’ অনুষ্ঠানযোগে দিনৰ দুই বজাৰ পৰা অমিত সিন্হা আৰু অয়ন সিন্হা প্রযোজিত আৰু ‘স্বস্তকা’ প্রডাক চন নিবেদিত ‘গোবৰধন চৰিত’ সম্প্রচাৰিত হৈ আছে৷ খবৰটো পোৱা দিনাৰ পৰা সকলো কাম এফলীয়া কৰি ‘গোবৰধন’ক চাবলৈ বহিলোঁ৷ দুদিন মান চোৱাৰ পাছত নিচাগ্রস্ত মানুহৰ দৰে নির্দিষ্ট সময়ত দূৰদর্শনৰ কাষত বহিবলৈ বাধ্য হ’লোঁ৷ এইবাৰ ধাৰাবাহিকখনৰ মুখ্য চৰিত্র ‘গোবৰধন’ আৰু ‘মইনা’ চৰিত্রত অভিনয় কৰিছে বৃকোদৰ বৰুৱাখ্যাত জ্যোতি ভূঞা আৰু বলিষ্ঠ অভিনেত্রী পাকিজা বেগমে৷ দুয়োজনৰ অভিনয় দেখি পোনছাটেই মনলৈ অহা ভাবটো হ’ল– এইখন যদি বোলছবি হ’লহেঁতেন আৰু যদি বোলছবিখন ৰাষ্ট্রীয় বোলছবি প্রতিযোগিতালৈ গ’লহেঁতেন, তেন্তে জ্যোতি ভূঞা আৰু পাকিজা বেগমে ৰাষ্ট্রীয় পর্যায়ত শ্রেষ্ঠ অভিনেতা আৰু অভিনেত্রীৰ মনোনয়ন পালেহেঁতেন৷ দুয়োগৰাকী অভিনেতা–ভিনেত্রীৰ প্রতিটো সংলাপ নিক্ষেপ, প্রতিটো অভিব্যক্তি, প্রতিটো শৰীৰৰ অংগী–ভংগী, খোজ–কাটল আৰু দৃষ্টি নিক্ষেপ অতি সাৱলীল আৰু বলিষ্ঠ৷ দুয়োগৰাকী চৰিত্রৰ সংলাপ নিক্ষেপত গ্রাম্য সৰলতাৰ পূর্ণ প্রকাশ বিদ্যমান৷ দুয়োগৰাকীৰ অভিনয়ৰ প্রতিটো অনুক্রমতে অৱশ্যে পৰিচালক সীমান্ত ফুকনৰ বলিষ্ঠ নির্দেশ পোহৰৰ দৰে জিলিকি থাকে৷ ধাৰাবাহিকখনত কেইবাটাও গুৰুত্বপূর্ণ চৰিত্রত অভিনয় কৰা অৰুণ নাথ, অনুপ হাজৰিকা, অতুল পাচনি, গুণাকৰ দেৱগোস্বামী, ৰাজেন হাজৰিকা, জিণ্টু ভট্টাচার্য, নাজিম আহমেদ, দুলাল বৰুৱা, পূর্ণেশ্বৰ ভূঞা, দীপক গগৈ, দুলাল বেজবৰুৱা, ৰেবা ফুকন, সাগৰিকা গোস্বামী, চিমি গোস্বামী, জুলেন ভূঞা, ৰূপ কুমাৰ বৰা, প্রশান্ত ফুকন আদি প্রত্যেকজনৰ অভিনয় অতি সাৱলীল আৰু চিত্তাকর্ষক৷ মনোমুগ্ধকৰ৷ ধাৰাবাহিকখনত ৰাজেন হাজৰিকাৰ মুখত ‘কথাটো বুইছনে নাই’, জিণ্টু ভট্টাচার্যৰ মুখত ‘মানে মানে’, অতুল পাচনিৰ মুখত ‘কণ্টোলত আছোঁ’, দুলাল বৰুৱাৰ (গাঁওবুঢা) মুখত ‘সমুদায়’ আদি বাৰম্বাৰ উচ্চাৰিত মুদ্রাদোষজনিত শব্দসমূহে এক নির্দোষ আনন্দৰ পৰিৱেশ সৃষ্টি কৰে৷ ধাৰাবাহিকখনত পাণ–দোকানৰ সমুখত গাঁৱৰ খুটি–নাতি সমালোচনা, মইনাই কোৰ মৰা, কুঠাৰেৰে খৰি ফলা, ভাওনাত গোবৰে গান্ধাৰীৰ অভিনয় কৰা, অভিনয়ৰ মাজতে চাহ তপতোৱা, গোবৰধনে গা–ধোৱা আৰু মইনাই অপলক নেত্রে চাই থকা, মইনাই লোকৰ ঘৰত কাম কৰিবলৈ গৈ শুদা খৰাহিটো লৈ বেজাৰ মনেৰে ঘূৰি অহা, বিয়াৰ বাবে গোবৰে গাখীৰৰ বইনা দিবলৈ যোৱা, বিয়াঘৰত প্রেমিক–প্রেমিকাৰ লুকাই–চুৰকৈ বার্তালাপ, গাঁৱৰ বিভিন্ন মানুহৰ ঘৰত গোবৰৰ কামৰ ব্যস্ততা, গোবৰ দৰাৰ লগত যাবলৈ নোপোৱা, গোবৰ ঘৰৰ পৰা নাইকিয়া হোৱা, বঁটাৰ তলত চিঠি গুজি দিয়া, ৰঙালাউৰ ভিতৰত চিঠিৰ উত্তৰ অহা, বজাৰত ছাগলী হেৰোৱা, গোবৰৰ অসুখ, গোবৰক চাবলৈ গাঁৱলীয়া ডাক্তৰ অহা, মহাজনৰ ঘৰলৈ মইনাই পইচা বিচাৰি যোৱা আদি নাটকীয় অনুক্রমসমূহ পৰিচালক সীমান্ত ফুকনে অতি সূক্ষ্ম মননশীলতাৰে ধাৰাবাহিকখনত উপস্থাপন কৰিছে৷ সকলোতে পৰিচালকৰ এক নিপুণ শিল্পকর্ম বিদ্যমান৷ ধাৰাবাহিকখনৰ চিত্রগ্রহণ শিৱানন্দ বৰুৱাৰ৷ সংগীত অমিত সিন্হাৰ, আৱহ সংগীত অহিৰ ভৈৰৱৰ৷ শীর্ষগীতৰ কথা অজিত ফুকনৰ৷ কণ্ঠশিল্পী বিজু বৰা৷ চিত্রগ্রহণ, সংগীত, শীর্ষগীতৰ সুৰ, সাজসজ্জা আদি প্রতিটো দিশতে ধাৰাবাহিকখনে শ্রেষ্ঠত্ব দাবী কৰিব পাৰে৷ আমাৰ আশা– ধাৰাবাহিকখন প্রাইম টাইমত আকৌ এবাৰ প্রচাৰ কৰিব৷ শেষ কথা– ধাৰাবাহিকখনৰ নাট্যকাৰ তৰুণ শইকীয়াই অসমবাসীক এক অমূল্য অৱদান দি অসমীয়া নাট্য–সাহিত্যক ঐশ্বর্যশালী কৰিলে৷ এনে এটা কাহিনীৰ নাটকেৰে ধাৰাবাহিক নির্মাণ কৰাৰ বাবে সীমান্ত ফুকন অনাগত দিনত সাধুবাদৰ পাত্র হৈ ৰ’ব৷