সাপটগ্ৰামৰ আই শাখাতি মন্দিৰত ৰঙালী বিহুৰ উপলক্ষে আয়োজিত বিশেষ পূজাত ভক্তিপ্ৰাণ লোকৰ সমাগম
নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিল :- কোকৰাঝাৰ জিলা আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী সাপটগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত আই শাখাতি মন্দিৰত ৰাঙালি বিহুৰ লগত সংগতি ৰাখি পহিলা বহাগৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আই শাখাতি বিশেষ পূজা আৰু মেলা অনুষ্ঠিত হয় । পৈৰণিক কাহিনী অনুসৰি আই শাখাতি মন্দিৰত দেবীৰ অস্তিত্ব আছে বুলি ভক্তপ্ৰাণ ৰাইজৰ মাজত প্ৰবাদ আছে।এই আধ্যাত্মিক বিশ্বাস অনুসৰি যুগ যুগ ধৰি উক্ত পাহাৰীয়া স্হানত বিভিন্ন স্হানৰ পৰা দেবীক পূজা অৰ্চনা কৰি আহিছে । আনকি জনশ্ৰুতি অনুসৰি আই শাখাতি মন্দিৰত দেবীক পূজা অৰ্চনা কৰিলে ভক্তৰ মনত আকাংক্ষা পূৰণ হয়। প্ৰতি বছৰৰ দৰে এই বেলিও পহিলা বহাগৰ পৰা তিনি বহাগত আই শাখাতি মন্দিৰত এই তিনি দিনত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে এই তিনি দিনীয়া বিশেষ পূজাত অংশ গ্ৰহণ আৰু আই শাখাতিৰ ওচৰত পূজা অৰ্চনাৰ অংশ গ্ৰহণ কৰে। এই উপলক্ষে মন্দিৰৰ পাদ দেশত বাৰেৰহনীয়া মেলা অনুষ্ঠিত হয় আৰু এই তিনি দিনীয়া মেলাৰ ৰাইজৰ বাট নোপোৱা পৰিবেশৰ সৃষ্টি হয়।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী