যোগীঘোপাৰ জ্ঞানপীঠ জাতীয় বিদ্যালয়ত প্ৰাক ৰঙালী বিহু
নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ কাইলৈৰ পৰা আৰম্ভ হব হেপাহৰ ৰঙালী বিহু ।বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানপীঠ জাতীয় বিদ্যালয়ত আজি অনুষ্ঠিত কৰা হয় প্ৰাক ৰঙালী বিহু উৎসৱৰ । বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু সম্পৰ্কে জ্ঞান দিয়াৰ উদ্দেশ্যে বিদ্যালয়খনত এই উৎসৱৰ আয়োজন কৰা হয় । বিদ্যালয়খনৰ ৰেক্টৰ জগদীন্দ্ৰ নাৰায়ণ চৌধুৰীৰ লগতে একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে ৰঙালী বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰী সকলক ঢোল, পেঁপা, গগনা, বাঁহী আদিকে ধৰি বিহুৰ বিভিন্ন বাদ্য সমুহ প্ৰদৰ্শন কৰি পৰিচয় কৰাই দিয়ে । অনুষ্ঠানত কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক- শিক্ষয়িত্ৰী একাংশই বিহু নৃত্য প্ৰদৰ্শন কৰে । বিদ্যালয়খনৰ সচিৱ খাদেমুল হুছেইনে আঁত ধৰা অনুষ্ঠানটোত বহুসংখ্যক অভিভাৱকেও অংশগ্ৰহন কৰে । অনুষ্ঠানত চলন্তাপাৰাৰ মাজুলী বিহুৱা দলে বিহু হুছৰি পৰিৱেশন কৰে ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস