নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ হজুৱাত ৰঙালী বিহু উদযাপনঃ বড়ো আৰু অসমীয়া ভাষী জনগোষ্ঠীৰ যুগমীয়া সম্প্ৰীতিৰ নিদৰ্শনেৰে পুৱা খাম-চিফুং, ঢোল-তালৰ শব্দৰে মুখৰ চৌদিশ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিল: হজুৱা জ্ঞানোদয় যুৱক সংঘৰ উদ্যোগত কালিৰে (১৬ এপ্ৰিল) পৰা তিনিদিনীয়াকৈ ১৪ তম ৰঙালী বিহু উদযাপন কাৰ্যসূচী আৰম্ভ হয়। কালি বড়ো আৰু অসমীয়া ভাষী জনগোষ্ঠীৰ যুগমীয়া সম্প্ৰীতিৰ নিদৰ্শনেৰে পুৱা খাম- চিফুং, ঢোল- তালৰ শব্দেৰে চৌদিশ মুখৰিত কৰি পুৱা ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক গঙ্গাধৰ শৰণীয়াই। আজি (১৭ এপ্ৰিল) পুৱা ভাগৱত পাঠ কৰে অঞ্চলীৰ তংকেশ্বৰ দাসে । ইয়াৰ পিছতে হোম-যজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়। আবেলি লাউখাটাৰ দদেৰে হাৰিমু আফাদে খেৰাই নৃত্য পৰিবেশন কৰে। বিহু উপলক্ষে অনুষ্ঠিত খেল – ধেমালি প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰে। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নাগাৰা নাম পৰিবেশন কৰা হয়।

প্ৰেৰক দিগন্ত দাস

You might also like