নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত সংগ্রামী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙালী বিহু উদযাপনঃ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

বিশেষ বাৰ্তা, ২৩ এপ্ৰিলঃ সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ অসমৰ মৰিয়নি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সংগ্রামী মহিলা পৰিষদ মৰিয়নি আৰু নকছাৰি আঞ্চলিক সমিতিৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে মৰিয়নি ৰাজহুৱা প্ৰেক্ষাগৃহত ৰঙালী বিহু উদযাপন কৰা হয় । ৰঙালী বিহুৰ ওলগ আৰু সম্বৰ্ধনা অনুষ্ঠান শীৰ্ষক অনুষ্ঠানটো পুৱা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিক সমিতিৰ উপদেষ্টা নৱজিত বৰাই পতাকা উত্তোলন কৰি মুকলি কৰে । আনহাতে বিহুৱান উত্তোলন কৰে বিশিষ্ট নাট্যকাৰ তথা সমাজকৰ্মী ৰঞ্জিত গোহাঁইবৰুৱাই । মৰিয়নি আঞ্চলিক সমিতিৰ সম্পাদক নবীন সন্দিকৈয়ে শ্বহীদ তৰ্পণ কৰাৰ অন্তত বিহুৰ ওলগ আৰু সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হয় । নৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক পৱিত্ৰ প্ৰাণ বৰঠাকুৰে। এই অনুষ্ঠানতে ধর্মপ্রাণ ব্যক্তি নিত্যানন্দ হাজৰিকা, ৰাজ্যিক কৃতী শিক্ষকৰ বঁ‌টাপ্ৰাপক – বিহুৱা শিল্পী নগেন গগৈ, জিলা কৃতী শিক্ষকৰ বঁ‌টাপ্ৰাপ্ত মনোজ কুমাৰ শৰ্মা, প্রবীণ নাট্যকাৰ সমৰেশ চক্রৱর্তী, ঢুলীয়া শিল্পী ক্ষীৰোদ গগৈ , অনাতাঁ‌ৰ শিল্পী আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল লাহন, মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফুল্ল চন্দ্ৰ বৰুৱা, মৰিয়নি প্ৰেছ ক্লাৱৰ সভাপতি জীৱন চন্দ্ৰ দত্ত, জ্যেষ্ঠ ব্যক্তি- বিশিষ্ট ব্যৱসায়ী শিৱ ভগৱান আগৰবালা , বিহুৱা ৰোহিত বৰা, বিহুৱা অনু গগৈ, বিশিষ্ট সমৰকলাবিদ ত্রিদীপ গগৈ, ধৰ্মপ্ৰাণা মহিলা অনিতা দত্ত ধর্ম, ৰাষ্ট্ৰীয় মহিলা ভাৰোত্তলক মধুস্মৃতা বৰুৱা, শিক্ষাবিদ- কবি – সাহিত্যিক নেকিব ইছলাম আদিক চেলেং চাদৰ, প্ৰশস্তি পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়। মনোগ্ৰাহী অনুষ্ঠানটোত বিশিষ্ট নাট্যকাৰ তথা মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোঁহাইবৰুৱা, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্রভা শইকীয়া, উপ-পৌৰপতি প্রদীপ দাস, ৱাৰ্ড কমিছনাৰ বিজন মজুমদাৰ, জ্যেষ্ঠ সংবাদকৰ্মী ৰমেশ আগৰৱালা, আদিত্য নন্দন কোঁচ, দীপক দত্ত ( জোন ), সমাজকৰ্মী কৃষ্ণ প্ৰসাদ শৰ্মা, শিক্ষক চহন কানু, আছু নেতা অনন্ত বৰঠাকুৰ ,বিবেক সাহা ,সংগ্রামী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সম্পাদক নৱজ্যোতি নেওগ, মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি বিতুল বৰা, উপ- সভাপতি প্রাণজিৎ খনিকৰ, টাই আহোম যুৱ পৰিষদ (টাইপা) তিতাবৰৰ উপদেষ্টা ৰবীন গগৈ, কাটনী জিলা পৰিষদৰ সদস্য প্রদীপ দত্ত, যুৱ ব্যৱসায়ী প্ৰশান্ত দাস ( বাবা) আদি ব্যক্তিসকল উপস্থিত থাকে । অনুষ্ঠানটোত নামৰূপীয়া জেং বিহু দল আৰু মৰিয়নিৰ ৰাংঢালী শিল্পী সমাজৰ জেং বিহু দলৰ জেং বিহু প্রদর্শন আছিল অন্যতম আকৰ্ষণ । বিশেষকৈ নামৰূপীয়া জেং বিহু দলত দুগৰাকী অশীতিপৰ আইতাৰ বিহু নাচে উপস্থিত ৰাইজক আপ্লুত কৰে । আশী বছৰ গৰকা আইতা সুমিত্ৰা গগৈ আৰু অকণি গগৈয়ে এই বয়সতো কঁ‌কাল ভাঙি নাচি সকলোকে মুগ্ধ কৰে । অনুষ্ঠানটোত আন্তৰিকা বৰা, পিংকী কলিতা আদিয়ে বিহু নাচ পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like