নিয়মীয়া বাৰ্তা ২৩ জুনঃ ৰঙাপৰাৰ পুৰুষোত্তম আগৰৱালা আৰু ইছলাম আলীৰ সংস্পর্শলৈ অহা মুঠ ৩২জন লোকৰ ছোৱাবৰ নমুনাৰ ফলাফল নিগেটিভ হয়৷ যাৰ বাবে আতংকিত হৈ থকা অঞ্চলবাসীয়ে স্বস্তিৰ নিশ্বাস পেলায়৷ ইফালে, ১৬ জুনত প্রশাসনে কনটেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা ৰঙাপৰাৰ নামনিগাঁৱৰ পথত বান্ধি দিয়া বাঁহ খুলি নিয়ন্ত্রিত এলেকাত গাড়ী সোমোৱাক লৈ পুৱা উত্তপ্ত হৈ পৰে পৰিৱেশ৷ অনুমতি অবিহনে যিকোনো লোকৰ প্রৱেশ তথা প্রস্থান নিষিদ্ধ কৰাৰ লগতে কোনো লোকৰ আৰু যান–বাহনৰ চলাচল সম্পূর্ণৰূপে নিষিদ্ধ৷ ইয়াৰ পাছতো সোমবাৰে পুৱা নিয়ন্ত্রিত এলেকাত থকা খাদ্য প্রস্তুত কৰা এটা উদ্যোগলৈ নাগালেণ্ডৰ পঞ্জীয়নভুক্ত এন এল–০২ ডি–৬৯৭২ নম্বৰৰ এখন ট্ৰাক সোমোৱাক লৈ ৰাইজে জবাবদিহি কৰে উদ্যোগৰ গৰাকীক৷ পাছত আৰক্ষী আহে যদিও প্রভাৰী বিষয়াগৰাকীয়ে ৰাইজক মই কেনেকৈ অনুমতি দিম বুলিহে প্রশ্ন কৰাত ‘গোসাঁই ঘৰত কোন মই কল খোৱা নাই’ নেকি বুলিহে চর্চিত হৈছে৷
উল্লেখ্য যে ট্ৰাক খন উক্ত মুৰি ফেক্টৰীলৈ বুলি কঢ়িয়াই অনা এটা মেচিন নমোৱাৰ বাবেও আন ৮জন শ্রমিক গাড়ীখনত অনা প্রত্যক্ষ কৰি খর্গহস্ত হৈ পৰে৷ ইফালে, প্রশাসনৰ নীতি–নির্দেশনাকে ভৰসা কৰি আশ্বস্ত হোৱা ৰাইজ সোমবাৰে পুৱা বিভ্রান্তিত পৰে৷ কিয়নো ২০ জুনৰ নিশা কনটেনমেণ্ট জ’ন আৰু বাফাৰ জ’নৰ লগতে নগৰ অঞ্চলত ২৪ জুনলৈ ক’ভিড–১৯ সংক্রমণ প্রতিৰোধৰ বাবে বন্ধ ঘোষণা কৰিছিল যদিও সোমবাৰে পুৱা দোকান–পোহাৰৰ একাংশ খোলাত বিভ্রান্তিত পৰে সাধাৰণ লোকসকল৷ কিয়নো বন্ধৰ বাবে যিদৰে মাইকযোগে ঘোষণা দিয়া হ’ল, একেদৰে বন্ধ বাতিলৰ ঘোষণা দিয়া নহ’ল৷ ইতিমধ্যে ক’ভিড–১৯ত আক্রান্ত আগৰৱলা পৰিয়াল আৰু চালকজন চিকিৎসাধীন হৈ আছে৷