নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাজিলে ইলেক্ট্রিক স্কুটী, ৫ টকাত ৮০ কিঃমিঃ

ৰঙিয়াৰ যুৱক চন্দন কলিতাৰ চমক

নিয়মীয়া বাৰ্তা ১ মেঃ লকডাউনৰ মাজতে ৰঙিয়াৰ প্রতিভাৱান যুৱক চন্দন কলিতাই উদ্ভাৱনী শক্তিৰ পৰিচয় দি সাজি উলিয়াইছে এখন ইলেক্ট্রিক স্কুটী৷ পেছাত মেকানিক তথা হেমন্ত অট’কালাৰ ৱর্কশ্বপ পইণ্টৰ স্বত্বাধিকাৰী চন্দনে ম্যাদ উকলি যোৱা পেট্ৰ’লৰ স্কুটী এখনক বেটাৰীৰে চলা ইলেক্ট্রিক স্কুটীলৈ পৰিৱর্তন কৰি সাজি উলিয়াইছে৷ অতি পুৰণি এই স্কুটীখনক চন্দনে সৃজনশীল মনৰ পৰিচয় দি সুন্দৰ আর্হিৰে নির্মাণ কৰি উলিয়াইছে৷ উক্ত ইলেক্ট্রিক স্কুটীখনে অন্য নামী–দামী কোম্পানীৰ স্কুটীৰ লগত সমানে ফেৰ মাৰিব পাৰিব বুলি তেওঁ জনায়৷ পুৰণি স্কুটীখনৰ পেট্ৰ’ল ইঞ্জিনটো আঁতৰাই চাৰিটা বিশেষ বেটাৰী, চকেট, চার্জাৰ আদি স্থাপন কৰি বেটাৰীৰে চলা ইলেক্ট্রিক স্কুটী সাজি উলিয়ায়৷ ঘণ্টাত ৪০ কিলোমিটাৰ স্পীডত যাব পৰা উক্ত স্কুটীখন এবাৰ ৫ টকাৰ বিজুলী খৰচ কৰি চার্জ দিলে ৮০ কিলোমিটাৰ চলাব পাৰি৷ পৰিৱেশ অনুকূল তথা প্রদূষণ মুক্ত এই স্কুটীখন দুর্ঘটনা ৰোধতো সহায়ক হ’ব৷ ইয়াৰ পূর্বেও চন্দনে উদ্ভাৱনী শক্তিৰে এখন ইলেক্ট্রিক চাইকেল আৰু এখন ইলেক্ট্রিক বাইক নির্মাণ কৰি উলিয়াই চমক সৃষ্টি কৰিছিল৷

You might also like