নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমেন বৰগোহাঞিক কাষতে পাই উৎফুল্লিত ৰংজুলিবাসী

সাম্প্রতিক পৰিস্থিতি–লিখামেলা–থলুৱা খাদ্যসম্ভাৰক লৈ মত বিনিময় বিশিষ্ট কথাশিল্পীৰ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ অসমৰ প্রথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, ‘নিয়মীয়া বার্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞি  গোৱালপাৰালৈ যোৱাৰ পথত ৰংজুলিত কিছু সময় স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে৷ ৰংজুলি পৰিদর্শন বঙলাত বিশিষ্ট সাহিত্যিকগৰাকীক থলুৱা শিপিনীয়ে বোৱা এখন গামোচাৰে আদৰণি জনাই এক ঘৰুৱা পৰিৱেশত অন্তৰংগ আলাপ কৰে স্থানীয় লোকসকলে৷ সম্পূর্ণ অনানুষ্ঠানিকভাৱে কৰা আলোচনাত সাম্প্রতিক ‘ক’ৰোনা’ পৰিস্থিতিৰ পৰা আৰম্ভ কৰি বিভিন্ন লিখা–মেলা, গ্রন্থ অধ্যয়ন, থলুৱা খাদ্য সম্ভাৰ ইত্যাদিৰ লগতে কিছু সমস্যা আৰু তাৰ সমাধানৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়৷ বিশিষ্ট সাহিত্যিকগৰাকীক কাষত পাই উৎফুল্ল হৈ পৰে স্থানীয় লোকসকল৷ বিশিষ্ট কথাশিল্পী বৰগোহাঞিয়েও লোকসকলৰ অতি সৰল আলাপ আলোচনাত মুগ্ধ হোৱা বুলি জানিবলৈ দিয়ে৷ ভৱিষ্যতে ৰংজুলি অঞ্চলৰ গ্রামাঞ্চলত ভ্রমণ কৰাৰ হেঁপাহ ব্যক্ত কৰে৷ আলোচনাত ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাধ্যক্ষ বাণীকান্ত ৰাভা, অৱসৰপ্রাপ্ত বিষয় শিক্ষক ৰঘুৰাম মজুমদাৰ, ৰংজুলিৰ শৈক্ষিক অনুষ্ঠান ‘প্রয়াস’ গোষ্ঠী’ৰ সভাপতি ৰাজেন ৰাভা, উপসভাপতিদ্বয় বিচিত্র খাখলাৰী আৰু ৰুদ্রকান্ত ৰাভা, ৰংজুলি ক্রীডা সন্থাৰ সভাপতি কনক ৰায়কে ধৰি কেইবাগৰাকীও লোক উপস্থিত থাকে৷ উল্লেখ্য যে পুত্র–বোৱাৰীৰ সৈতে ব্যক্তিগত কাৰণত গোৱালপাৰালৈ অহা হোমেন বৰগোহাঞিয়ে আজি গোৱালপাৰাতে থাকিব৷

You might also like