নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰতলিৰ নিৰৱচ্ছিন্ন ঢৌ বিজেপিঃ ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ  আগন্তুক বিধানসভা নির্বাচনক লক্ষ্য কৰি তৎপৰ হৈ পৰা বিজেপিয়ে  শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজন কৰিলে এক বিশেষ কর্মশালাৰ৷ ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ১২৬জন প্রভাৰীসহ সংযোজকৰ উপস্থিতিত অনুষ্ঠিত এই কর্মশালাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ঘোষণা– আগন্তুক বিধানসভা নির্বাচনত শেষ হাঁহি মাৰিব বিজেপিয়ে৷ সংগঠনৰ সক্রিয়তা আৰু চৰকাৰে সকলো ৰাইজকে সাঙুৰি গ্রহণ কৰা সর্বব্যাপী, সর্বস্পর্শী আঁচনিৰ দ্বাৰা বিজেপিয়ে পুনৰবাৰ ক্ষমতালৈ অহাটো নিশ্চিত৷

তেওঁ কয়– বিজেপিত ব্যক্তি সদায় গৌণ, দলহে প্রথম৷ বিজেপিয়ে আৱেগৰ ৰাজনীতিৰ আধাৰত কাম নকৰে৷ সংগঠনৰ আধাৰতহে কাম কৰে৷ সাগৰতলিত নিৰৱচ্ছিন্ন ঢ়ৌৰূপে বিজেপিয়ে কাম কৰি আহিছে৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে অসমৰ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ সকলো জাতি–জনগোষ্ঠীক একত্রিত কৰি উন্নয়নৰ বস্ত্র পিন্ধাইছে৷ ৰাজ্য চৰকাৰে শিক্ষাৰ পৰা আদি কৰি স্বাস্থ্য, আন্তঃগাঁথনি উন্নয়নৰ বাবে গ্রহণ কৰা সুদূৰপ্রসাৰী আঁচনিসমূহ অসমৰ সর্বস্তৰৰ ৰাইজৰ মাজত প্রসাৰিত কৰিবলৈ মুখ্যমন্ত্রীয়ে প্রভাৰী আৰু সংযোজকসকলক আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে বিধানসভা নির্বাচনৰ বাবে দলৰ কার্যকর্তাসকলক সকলো ধৰণে সাজু হ’বলৈও আহ্বান জনায়৷

You might also like