নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি বছৰ ধৰি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো হাগ্রামাই বিজেপিৰ এমচিএলএক নিদিলে ইএম

ৰঞ্জিত দাসে উদঙালে মিত্রতা ভংগৰ আঁৰৰ কাহিনী

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ বিটিচি দখলৰ লক্ষ্যৰে অতি আগ্রাসী হৈ পৰা বিজেপিয়ে বি পি এফৰ সৈতে মিত্রতা ভংগই নহয়, শেহতীয়াকৈ দলটোৰ বিৰুদ্ধে অধিক আক্রমণাত্মক হৈ পৰিছে শাসকীয় দলটোৰ শীর্ষ নেতৃবৃন্দ৷ বিটিচি নির্বাচনৰ প্রাক্ক্ষণত হঠাতে বি পি এফৰ সৈতে মিত্রতা ভংগ হৈছিল নে ই আছিল পূর্বপৰিকল্পিত? তাক লৈ চলি থকা ব্যাপক চর্চাৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে উদঙালে মিত্রতা ভংগৰ আঁৰৰ কাহিনী৷ সভাপতিগৰাকীয়ে উল্লেখ কৰা মতে, বি পি এফৰ সৈতে মিত্রতা ভংগৰ বাবে তিনি বছৰ পূর্বেই ব্লুপ্রিণ্ট প্রস্তুত কৰিছিল বিজেপিয়ে৷ বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে বিজেপি নেতৃত্বৰ প্রতি দেখুওৱা গুৰুত্বহীনতা তথা মিত্রতাক সন্মান নজনোৱাৰ বাবেই দলটোৰ সৈতে সম্পর্ক ছেদৰ বাবে বিজেপিয়ে পূর্বৰে পৰাই প্রস্তুতি চলাইছিল৷ ৰঞ্জিত দাসে এই সন্দর্ভত জানিবলৈ দিয়া মতে, তিনি বছৰ পূর্বে কোকৰাঝাৰত সভাপতি ৰঞ্জিত দাসৰ লগতে ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, দলৰ সাংগঠনিক সম্পাদক ফণী শর্মা আৰু বিটিচিৰ চাৰি জিলাৰ দলীয় সভাপতিক লৈ হাগ্রামা মহিলাৰীৰ সৈতে অনুষ্ঠিত হৈছিল এক বৈঠক৷ মিত্রতাৰ ধর্ম পালন কৰি বিটিচি পৰিষদত বিজেপিৰ একমাত্র এমচিএলএ ধর্মনাৰায়ণ দাসক কার্যবাহী সদস্য হিচাপে নিযুক্তি দিবলৈ বিজেপি নেতৃত্বই উক্ত বৈঠকতে হাগ্রামা মহিলাৰীৰ ওচৰত প্রস্তাৱ দাঙি ধৰিছিল৷ কিন্তু বি পি এফৰ মুৰব্বীগৰাকীয়ে বিজেপিৰ প্রস্তাৱৰ প্রতি সন্মান জনোৱা দূৰৰে কথা, চিৰাং আৰু কোকৰাঝাৰৰ বিজেপি জিলা সভাপতি ক্রমে বিভূতি বৰগয়াৰী আৰু কার্তিক বড়োক বিভিন্ন কথাৰে অপমানিতহে কৰে৷ সেয়াই নহয়, বিজেপিৰ প্রস্তাৱক প্রথম অৱস্থাত প্রত্যাখ্যান কৰিছিল হাগ্রামা মহিলাৰীয়ে৷ পাছত ১৫ দিনৰ সময় লৈ এইক্ষেত্রত সিদ্ধান্ত জনাম বুলি কৈছিল৷ কিন্তু ১৫ দিনৰ পাছতো হাগ্রামা মহিলাৰীয়ে বিজেপিৰ প্রস্তাৱৰ প্রতি তিলমাত্রও সঁহাৰি নিদিলে৷ হাগ্রামা মহিলাৰীৰ মন্তব্য আছিল– মিত্রতা কেৱল বিধানসভা নির্বাচনক লৈহে৷ বি পি এফে মিত্রতা বিটিচি পৰিষদত বজাই ৰাখিব নিবিচাৰে৷ ৰঞ্জিত দাসে এই সন্দর্ভত কয়– উক্ত ঘটনাৰ পাছতে আমি প্রতিজ্ঞা কৰিছিলোঁ যে পৰৱর্তী বিটিচি নির্বাচনত আমি এককভাৱে প্রতিদ্বন্দ্বিতা কৰিম আৰু বিটিচি দখল কৰিম৷ মিত্রতাৰ ধর্ম পালন কৰি বি পি এফৰ ১২জন বিধায়কৰ তিনিজনক কেবিনেট মন্ত্রী দিয়া হৈছে৷ সেয়াই নহয়, বি পি এফৰ সৈতে মিত্রতাৰ বিষয়টো বিজেপিৰ ক’ৰ কমিটীৰ বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হৈছিল আৰু সেইমর্মে বিটিচি পৰিষদতো আমি মিত্রতা আগুৱাই নিয়াৰ প্রস্তাৱ দিছিলোঁ৷ কিন্তু হাগ্রামা মহিলাৰীয়ে এই মিত্রতাৰ প্রতি তিলমাত্রও সন্মান জনোৱা নাই৷ উল্লেখ্য যে বি পি এফৰ সৈতে মিত্রতা ভংগ কৰা বিজেপিয়ে এই মিত্রতা কেৱল ৫ বছৰৰ বাবেহে বর্তি আছিল বুলি নির্বাচনী সভাত উল্লেখ কৰি থকাই নহয়, আগন্তুক বিধানসভা নির্বাচনৰ পূর্বেই বি পি এফৰ সৈতে আপোনা–আপুনি মিত্রতা ভংগ হৈ যাব৷ আগন্তুক নির্বাচনত বিজেপিয়ে বি টি আৰৰ ১২টা সমষ্টিত এককভাৱে প্রার্থী প্রক্ষেপ কৰিব বুলিও ঘোষণা কৰিছে৷ এক পৰিকল্পিত লক্ষ্যৰে বি পি এফৰ সৈতে মিত্রতা ভংগৰ পদক্ষেপ লোৱা বিজেপিয়ে ইতিমধ্যে এই সমগ্র বিষয়সমূহ ৰাষ্ট্রীয় নেতৃত্বক অৱগত কৰিছে৷

ৰাষ্ট্রীয় নেতৃত্বৰ সেউজ সংকেতৰ পাছতেই বি পি এফক মিত্রজোঁটৰ পৰা আঁতৰাই বিটিচি নির্বাচনত অধিক আক্রমণাত্মক হৈ পৰা বিজেপিয়ে বিটিচিত আগন্তুক সময়ৰ বাবে নতুন মিত্রদলৰ সন্ধানতো নামি পৰিছে৷ ইফালে মিত্রতা ভংগৰ কাৰণ আঙুলিয়াই ৰঞ্জিত দাসে এইবুলিও উল্লেখ কৰে যে মিত্রতা ভংগৰ প্রথম পদক্ষেপ বি পি এফে গ্রহণ কৰিছে৷ বিগত পঞ্চায়ত নির্বাচনত মিত্রদল হিচাপে বিজেপিক কোনো কথা অৱগত নকৰাকৈ নিজাববীয়াকৈ পঞ্চায়তত প্রার্থী প্রক্ষেপ কৰিছিল বি পি এফে৷ তদুপৰি আগন্তুক বিধানসভা নির্বাচনতো বিজেপিৰ দখলত থকা সমষ্টিত প্রার্থী প্রক্ষেপৰ বাবে প্রস্তুতি চলাইছে হাগ্রামা মহিলাৰীয়ে৷ ২০১৬ চনৰ নির্বাচনত মিত্রতাৰ পাছতো ৰঙিয়া, সৰভোগ আৰু ভৱানীপুৰত বি পি এফে নির্দলীয় প্রার্থীক সমর্থন দি বিজেপিৰ প্রার্থীক পৰাজিত কৰাৰ প্রচেষ্টা চলাইছিল৷ ৰঙিয়া, সৰভোগত বিজেপিৰ সাংগঠনিক শক্তিশালী স্থিতি থকা বাবে দলৰ প্রার্থী জয়ী হ’ল৷ এনেদৰে বি পি এফে প্রতিটো ক্ষেত্রতে বিজেপিক প্রতাৰণা কৰি মিত্রতাৰ ধর্ম চূড়ান্তভাৱে উলংঘন কৰি আহিছে৷ এসময়ত বিটিচিত কংগ্রেছৰ শক্তিশালী সাংগঠনিক স্থিতি থকাৰ পাছতো হাগ্রামা মহিলাৰীক নির্বাচনত আসন এৰি দিয়াৰ ফলত আজি বি টি আৰত কংগ্রেছশূন্য হৈছে৷ একেই প্রচেষ্টাৰে বি পি এফে বিজেপিকো নিঃশেষ কৰাৰ চেষ্টা চলাইছে৷ কিন্তু হাগ্রামা মহিলাৰীৰ এই প্রচেষ্টা সফল হ’বলৈ দিয়া নহ’ব৷ উল্লেখ্য যে যোৱাটো পঞ্চায়ত নির্বাচনত বিজেপিয়ে বি পি এফৰ বিৰুদ্ধে অৱতীর্ণ হৈ যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল৷ মুখ্যতঃ উক্ত ফলাফলৰ পাছতেই বিটিচি নির্বাচনতো দলৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে বিজেপিয়ে মিত্রতা ভংগৰে অধিক আগ্রাসী হৈ পৰিছে৷ আনকি বিটিচি নির্বাচনৰ পাছতে বি পি এফৰ তিনি মন্ত্রী পদত্যাগৰ বাবেও বিজেপিয়ে সৰৱ হৈ পৰাৰ সম্ভাৱনা আছে৷ কার্যতঃ ২০২১ চনৰ বিধানসভা নির্বাচনত বি টি এ ডিৰ ১২টা সমষ্টি দখলেৰে একক সংখ্যাগৰিষ্ঠতাৰ লক্ষ্য লোৱা বিজেপিয়ে এই উদ্দেশ্যে আগতীয়াকৈ মিত্রতা ভংগ কৰা বুলিও চর্চা চলিছে৷

You might also like