বিজেপিৰ এটা ভোটৰো ক্ষতি নকৰে নতুন দলেঃ ৰঞ্জিত দাস, আছু–যুৱ ছাত্রৰ পদক্ষেপক আদৰণি
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ ‘আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নতুন ৰাজনৈতিক দলে বিজেপিৰ এটা ভোটৰো ক্ষতি কৰিব নোৱাৰে৷’ –এই দাবী ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ৷
আছু আৰু যুৱ–ছাত্রৰ নেতৃত্বত কালি এটা নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্রক্রিয়া আৰম্ভ হোৱাৰ সময়তে প্রতিক্রিয়া প্রকাশ কৰি বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়– সদৌ অসম ছাত্র সন্থা আৰু যুৱ–ছাত্র পৰিষদৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন আঞ্চলিক ৰাজনৈতিক দললৈ আমি উষ্ম আদৰণি জনাইছো৷ গণতন্ত্রত যিমানেই নতুন ৰাজনৈতিক দল গঠন হ’ব সিমানেই গণতন্ত্র শক্তিশালী হ’ব৷ কিন্তু নতুন ৰাজনৈতিক দলে বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে৷
নতুন ৰাজনৈতিক দলে ভোট পাব৷ ক’ৰ পৰা ভোট পাব, সেয়া তেওঁলোকে জানিব৷ কিন্তু বিজেপি আৰু মিত্রদলৰ এটা ভোটৰো ক্ষতি নহয়৷ ৰাজ্যিক সভাপতি দাসৰ দাবী– বিজেপিৰ ৪২ লাখ কার্যকর্তা আৰু তেওঁলোকৰ পৰিয়ালৰ বন্ধু–বান্ধবৰ পৰা ১টাকৈ ভোট পালেও আমি ৮৪ লাখ ভোট পাম৷ গতিকে চৰকাৰ আমাৰেই হ’ব৷
বিগত লোকসভা নির্বাচনত আমি ১০টা সমষ্টিত ৬৪ লাখ ভোট পাইছিলোঁ৷ এইবাৰ ৩ লাখ পৃষ্ঠা প্রমুখ, ৬ হাজাৰ শক্তি কেন্দ্রৰ আহ্বায়ক, ২৮ হাজাৰ বুথৰ সভাপতি আৰু মুঠ বুথৰ ১২ লাখ কার্যকর্তাক লৈ আমি ৮৪ লাখ ভোট পাম৷
আনহাতে, বিজেপিক ওফৰাবলৈ এটা প্রতীক, এখন পতাকাৰ তলত এটা দল গঠন হ’ব লাগে বুলি অখিল গগৈয়ে কৰা মন্তব্য প্রসংগত দাসৰ কটাক্ষ– তেল আৰু পানী কেতিয়াও একলগ হ’ব নোৱাৰে৷ অখিল গগৈৰ পার্টী কমিউনিষ্ট আইড’লজীৰ পার্টী৷ আছু জাতীয়তাবাদী মনোভাবৰ সংগঠন৷ তেওঁলোক কিদৰে লগ হ’ব৷ তেওঁ কয় যে মাজতে শুনিলোঁ অজিত ভূঞাই এটা পার্টী খুলিলে৷ তাৰ পাছত এখন সভা মাতিলে, সভাত কোনেও নগ’ল৷ কার্যালয়ত তলা মাৰি দিলে৷
তাৰ পাছত অজিত ভূঞাই বিষোদগাৰ কৰি ক’লে এইদৰে– সকলোৱে ৰাজনৈতিক দল গঠন কৰিলে কি হ’ব৷ অখিল গগৈয়েও তাকেই কৈছে৷ কিন্তু ৰাইজৰ বুজিবলৈ বাকী নাই৷ ৰাইজে ইতিমধ্যে সকলো উত্তৰ গম পাইছে৷ আমি ৰাজনৈতিক দল হিচাপে সকলো ৰাজনৈতিক দলকে আদৰণি জনাইছোঁ।