বিজেপিয়ে গঠন কৰিব বিটিচি চৰকাৰঃ কোকৰাঝাৰত ৰঞ্জিত দাসৰ হুংকাৰ
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে শনিবাৰে কোকৰাঝাৰত উপস্থিত হৈ আগন্তুক বিটিচি চৰকাৰ বিজেপিৰ নেতৃত্বতে গঠন হ’ব বুলি ঘোষণা কৰে৷ মূলতঃ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে আৰু চৰকাৰৰ সফলতাৰ ক্ষতিয়ান দাঙি ধৰিবলৈ কোকৰাঝাৰত উপস্থিত হোৱা বিজেপিৰ ৰাজ্যিক সভাপতিজনে আগন্তুক বিটিচি নির্বাচনত বিজেপিয়ে সর্বাধিক আসন লাভ কৰিব বুলি দাবী কৰি চৰকাৰ গঠনত প্রয়োজন হ’লে দ্বিতীয় সর্বাধিক আসন লাভ কৰা দলৰ সৈতে মিত্রতা কৰা হ’ব বুলি ঘোষণা কৰিছে৷
বি পি এফৰ সৈতে মিত্রতাত ফাট মেলিছে নেকি বুলি সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত ৰঞ্জিত কুমাৰ দাসে কয় যে মিত্রতা অব্যাহত আছে যদিও বিজেপিৰ ১০০+ মিছন সম্পূর্ণ কৰিবলৈ হ’লে অসমৰ ১২৬ সমষ্টিতে সাংগঠনিক স্থিতি মজবুত কৰিব লাগিব আৰু নির্বাচন খেলিব লাগিব৷ ২০২১ চনত মিত্রতা অব্যাহত থাকিব নে নাই, সেয়া ৰাষ্ট্রীয় নেতৃত্বই নির্ণয় কৰিব আৰু বর্তমান বিজেপিয়ে সাংগঠনিক স্থিতি মজবুত কৰাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰি অহা ১৬ জুনৰ পৰা ৫০ লাখ পৰিয়ালৰ ঘৰলৈ গৈ জনসম্পর্ক অভিযানৰ শুভাৰাম্ভ কৰিব বুলি ঘোষণা কৰিছে৷
জনসম্পর্ক অভিযানৰ অংশস্বৰূপে অহা ১৬ জুনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বকোত, মন্ত্রী হিমন্ত বিশ্ব শর্মাই তামুলপুৰত, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে পশ্চিম গুৱাহাটীত, বিজেপিৰ ৰাষ্ট্রীয় সম্পাদক ৰমেন ডেকাই পূব গুৱাহাটীত, কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে ডুমডুমাত জনসম্পর্ক অভিযানৰ শুভাৰাম্ভ কৰাৰ লগতে অসমৰ প্রতিটো সমষ্টিতে একে সময়তে বিজেপিৰ নেতা–সদস্যই অনুষ্ঠানৰ শুভাৰাম্ভ কৰিব৷ বিটিচি নির্বাচন সন্দর্ভত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কয় যে কভিড–১৯ৰ প্রতি লক্ষ্য ৰাখিহে নির্বাচন অনুষ্ঠিত কৰাটো উচিত হ’ব৷
নির্বাচনৰ বাবেই গণসংক্রমণ হ’লে ভয়াৱহ পৰিস্থিতি হ’ব বুলি মন্তব্য কৰি আজি নির্বাচন হ’লেও বিজেপিয়ে যিকেইখন আসন পাব পাছত নির্বাচন হ’লেও বিজেপিয়ে সমসংখ্যক আসন লাভ কৰিব বুলি দাবী কৰে ৰঞ্জিত দাসে৷ আনহাতে, চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় আসনৰ সংখ্যা কম হ’লে মিত্রদল হিচাপে কাক পছন্দ কৰিব বুলি সোধা এক প্রশ্ণৰ উত্তৰত ৰঞ্জিত কুমাৰ দাসে কয় যে এইক্ষেত্রত দ্বিতীয় সংখ্যাগৰিষ্ঠ দলক বিজেপিয়ে প্রাধান্য দিব৷