নগাঁৱৰ শ্বহীদ ভৱনত ৰণথলীৰ অসমীয়া গহনাৰ প্ৰদৰ্শন
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ নগাঁৱৰ শ্বহীদ ভৱনত প্ৰথমবাৰৰ বাবে ৰণথলীৰ হস্তশিল্পীসকলৰ হাতেৰে নিৰ্মিত অসমীয়া জুৱেলাৰীৰ বিক্ৰী-প্ৰদৰ্শনীৰ আজি শুভাৰম্ভ হয় ৷ভাৰত চৰকাৰৰ হস্ততাঁত বস্ত্ৰ-শিল্প মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত আত্মনিৰ্ভৰ অসমীয়া জুৱেলাৰী হেণ্ডিক্ৰাফ্ট প্ৰডিউচাৰ কোম্পানীৰ উদ্যোগত নগাঁও জিলাৰ শ্বহীদ ভৱনত প্ৰথমবাৰৰ বাবে ৰণথলীৰ হস্তশিল্পীসকলৰ হাতেৰে নিৰ্মিত অসমীয়া গহণাৰ বিক্ৰী-প্ৰদৰ্শনী অনুষ্ঠানৰ শুভাৰম্ভণি কৰে নগাঁও জিলাৰ জিলা হেণ্ডলোম-টেক্সটাইল বিষয়া বুদ্ধেশ্বৰ ৰাজবংশীয়ে । লগত উপস্থিত থাকি সহযোগ কৰে বিশিষ্ট সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ছাহিনা খানমে । ১০ দিনীয়া বিক্ৰী-প্ৰদৰ্শনী অনুষ্ঠান আজিৰ পৰা ২৩ মাৰ্চ তাৰিখলৈ চলিব বুলি উদ্যোক্তাসকলে জানিব দিয়ে। শুভাৰম্ভণি অনুষ্ঠান মুকলি কৰি ৰণথলীৰ হস্তশিল্পীসকলক দুয়োগৰাকী অতিথিয়ে ভাষণ ৰাখে । লগতে ৰণথলী শিল্পীসকলৰ দ্বাৰা নিৰ্মিত অসমীয়া গহণাসমূহৰ বিপণিসমূহ চাই উৎফুল্লিত হয়। শিপ্লীসকলৰ প্ৰচেষ্ঠাক শলাগে আৰু প্ৰধান মন্ত্ৰীৰ আত্ম নিৰ্ভৰ ভাৰতৰ সহযোগত আৰু আগুৱাই যাবলৈ উৎসাহ যোগাই । ইয়াৰ উপৰি উদ্যোক্তাসকলৰ এনে প্ৰচেষ্টাক দুয়োগৰাকীয়ে ভূয়সী প্ৰশংসা কৰে । আজিৰ সমগ্ৰ অনুষ্ঠানৰ গুৰি ধৰে নগাঁও ৰণথলী আত্মনিৰ্ভৰ অসমীয়া জুৱেলাৰী হেণ্ডিক্ৰাফ্ট প্ৰডিউচাৰ কোম্পানীৰ ক্লাষ্টাৰ মেনেজাৰ ছামচুদ্দিন আহমেদে । আহমেদে আজিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা সন্মানীয় অতিথিবৃন্দ, হস্তশিল্পী, সাংবদিক তথা উপস্থিত শুভাকাংক্ষীৰ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞাতা জ্ঞাপন কৰি শুভাৰম্ভণি অনুষ্ঠান সামৰে ।
প্ৰেৰক কনক হাজৰিকা