নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ আজি পুৱাৰ ভাগতে বাদুলীপাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত তিনিজন লোক গুৰুত্বৰ ভাবে আহত হয়। ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্যমতে ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত ৰখাই থোৱা এখন মালবাহী ট্ৰাকত গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে অহা এই এছ ০১ আৰ- ৭৬১১নম্বৰৰ বগা ৰঙৰ এখন ইন’ভা বাহনে বাদুলিপাৰ ৰাজহুৱা নামঘৰৰ সন্মুখত ৰখাই থোৱা এ এচ-০১ এন চি-৫৫৯৭ নম্বৰৰ মালবাহী ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা মাৰাৰ ফলত ইন’ভা গাড়ীখনত অহা তিনি ব্যক্তিৰ গুৰুতৰ ভাৱে আহত হয়। আহত কেইজন গুৱাহাটীৰ মেদিনী ৰঞ্জন শৰ্মা, দ্বীপজ্যোতি ৰাজবংশী বুলি জানিব পৰা গৈছে যদিও ইন’ভা গাড়ীখনৰ চালকজনৰ নাম জানিব পৰা হোৱা নাই। আহত কেইজন স্বাস্থ্য বিভাগৰ “ষ্ট্ৰাইকাৰ” নামৰ এটা কোম্পানীত কৰ্মৰত বুলি জানিব পৰা গৈছে। ঘটনাস্থ’লীত দেৰগাঁও থানাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী উপস্থিত হৈ আহত সকলক স্থানীয় ৰাইজৰ সহযোগত প্ৰাথমিক চিকিৎসাৰ বাবে দেৰগাঁওস্থিত ধেমাজি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰিব লগা হয়। আহতকেইজনৰ ভিতৰত মেদিনী ৰঞ্জন শৰ্মাৰ স্বাস্থ্য অধিক সংকটজনক হোৱাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত দুয়োখন বাহন ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে জব্দ কৰে।
প্ৰেৰক নবীন গোহাঁই