নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজব বিচাৰ : চিলাপথাৰত ধৰ্ষণকাৰীক শাস্তিৰ পৰিৱৰ্তে ধনৰ বিনিময়ত ৰেহাই

নিয়মীয়া বাৰ্তা, ২৫জুলাইঃ নাৰী নিৰ্যাতনৰ ঘটনাই সমগ্ৰ দেশতে পৰিৱেশ উত্তপ্ত কৰি থকাৰ সময়তে চিলাপথাৰত পোহৰলৈ আহিল পুনৰ এটা ধৰ্ষণৰ ঘটনা। প্ৰাপ্ত অভিযোগ মতে প্ৰায় তিনিটা মাহৰ পূৰ্বে চিলাপথাৰ থানাৰ অন্তৰ্গত চিমেনমূখ বালিগাঁও নিৱাসী মহম্মদ উকীল আহমেদৰ পুত্ৰ মহম্মদ ৰিংকু আহমেদে (৩৫) একে গাঁৱৰে এগৰাকী ১২ বছৰীয়া দশম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰে। কেৱল ধৰ্ষণ কৰাই নহয় ম’বাইলত তুলি ৰাখিলে সমস্ত কুকাণ্ডৰ ভিডিঅ। ধৰ্ষিতাৰ অতি দৰিদ্ৰ পৰিয়ালটোৱে সমাজত লজ্জিত হোৱাৰ আশংকাত ঘটনাটো ৰাজহুৱা কৰা নাছিল। পিছে শেহতীয়াকৈ ধৰ্ষণকাৰীয়ে তুলি ৰখা ভিডিঅটো হোৱাটছএপে হোৱাটচএপত বিয়পি পৰাত সমস্ত ঘটনা ফাদিল হৈ পৰে। ঘটনাক লৈ দেওবাৰে নিৰ্যাতিতাৰ গাঁৱৰে এখন শিৱ মন্দিৰত অনুষ্ঠিত হ’ল ৰাজহুৱা বিচাৰ। বিচাৰত সূত্ৰধাৰৰ ভূমিকা পালন কৰিলে গাঁৱৰে একাংশ ছদ্মবেশী নেতাই ৷ বিচাৰ সভাত নিৰ্যাতিতাই নিজমুখে ব্যক্ত কৰিলে ধৰ্ষণৰ ভয়ানক কাহিনী। বিচাৰত ধৰ্ষিতাৰ ষ্টেটমেন্ট মুকলিমূৰীয়া লৈছিল সূত্ৰধাৰৰ ভূমিকা পালন কৰা একাংশ  ছদ্মবেশী নেতাই। বিচাৰৰ অন্তত কেংঙ্গাৰু কৰ্টে ৰায় হিচাপে বলাৎকাৰী মহম্মদ ৰিংকু আহমেদে ধৰ্ষিতাক ক্ষতিপূৰণ হিচাপে ৩ লাখ টকাৰ আৰ্থিক জৰিমনা দিব লাগিব৷ ইয়াৰে প্ৰথম আগধন হিচাবে ৫০ হাজাৰ টকা আৰু অৱশিষ্ট ২.৫ লাখ টকা অহা ফেব্ৰুৱাৰী মাহত দিব বুলি চুক্তিত স্বাক্ষৰ কৰে। কথামতেই ধৰ্ষণকাৰীয়ে মুহূৰ্ততে উলিয়াই দিয়ে ৫০ হাজাৰ টকা আৰু সেই টকা ভাগ কৰি খালে বিচাৰকসকলে। ইপিনে ধনৰ বিনিময়ত ধৰ্ষনকাৰীৰ পক্ষ লোৱাসকলৰ ভয়ত আতংকিত হৈ পৰিছে ধৰ্ষিতাৰ দৰিদ্ৰ পিতৃ-মাতৃ। কথাটো হ’ল এগৰাকী নাবালিকাক ধৰ্ষণ কৰি জীৱন ধংস কৰা অভিযুক্তক শাস্তি প্ৰদানৰ দিহা কৰাৰ পৰিৱৰ্তে ৫০ হাজাৰ টকাৰ ভাগ লৈ ৰেহাই দিবলৈ নিৰ্লজ্জ একাংশই বেপাৰ কৰিলে বুলি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ লগতে নিৰীহ নাবালিকাক ন্যায় প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে।
প্ৰেৰক কৰবী দলে
You might also like