নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলক লৈ ৰাজীৱ ভৱনত পুনৰ বিভাজন

উপ–নির্বাচনৰ ফলাফলে নির্ণয় কৰিব বদৰুদ্দিন–হাগ্রামা– ৰাজনৈতিক ভৱিষ্যৎ

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ অহা ২০২৪ চনত হ’বলগীয়া লোকসভা নির্বাচনক লৈ সমগ্র দেশতে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ হৈছে৷ সমাগত লোকসভা নির্বাচনত বিজেপিক উৎখাতৰ বাবে ৰাষ্ট্রীয় প্রেক্ষাপটত বিৰোধী দলসমূহ ঐক্যবদ্ধ হোৱাৰ প্রক্রিয়াও ইতিমধ্যে আৰম্ভ হৈছে৷ কিন্তু অসমত লোকসভা নির্বাচনক লৈ বিৰোধীয়ে এতিয়াও অংক মিলাব পৰা নাই৷ ৰাজ্যখনত যোৱা বিধানসভা নির্বাচনত কংগ্রেছ, এ আই ইউ ডি এফ, বি পি এফ, চি পি আই (এম), চি পি আই, চি পি আই (এম এল), আঞ্চলিক গণমর্চা, আৰ জে ডি মিলি মহাজোঁট গঠন কৰে৷ কিন্তু নির্বাচনত বিপর্যয়ৰ সন্মুখীন হোৱাৰ পাছত সেই মহাজোঁটো ভংগ হয়৷ তদুপৰি অসমত বিৰোধী শিবিৰ ঐক্যবদ্ধ হোৱাৰ ক্ষেত্রত এ আই ইউ ডি এফ আৰু ৰাইজৰ দলক লৈ যথেষ্ট সমস্যাৰ সৃষ্টি হৈ আহিছে৷ প্রধান বিৰোধী দল কংগ্রেছৰ এটা শিবিৰে এ আই ইউ ডি এফৰে মিত্রতা বিচৰাৰ বিপৰীতে আন এটা শিবিৰে মিত্রতাৰ দুর্ঘোৰ বিৰোধী৷

এক কথাত ক’বলৈ গ’লে লোকসভা নির্বাচনৰ প্রাৰম্ভিক ৰণকৌশল প্রস্তুত কালতে মিত্রতাৰ বিষয়টোক লৈ উলম্ব বিভাজন ঘটিছে প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত৷ সেইদৰে ৰাইজৰ দলে এ আই ইউ ডি এফৰে মিত্রতা থকা দলৰ সৈতে মিত্রতা কৰিবলৈ পক্ষপাতী নহয়৷ এনেবোৰ কাৰণতে অসমত আসন্ন লোকসভা নির্বাচনক লৈ বিৰোধী শিবিৰত এতিয়াও নিমিলা অংক বিৰাজমান হৈছে৷ মন কৰিবলগীয়া এয়ে যে কংগ্রেছে এ আই ইউ ডি এফৰে মিত্রতা ছেদ কৰিলেও দলটোৰ সভাপতি বদৰুদ্দিন আজমল এতিয়াও মহাজোঁট গঠনৰ পক্ষপাতী৷ ইতিমধ্যে সেই কথা তেওঁ সদ্যসমাপ্ত উপ–নির্বাচনৰ প্রচাৰ সভাত স্পষ্টভাৱে ব্যক্ত কৰিছে৷ সেইদৰে প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি তথা ৰাজ্যসভাৰ সদস্য ৰিপুণ বৰায়ো এ আই ইউ ডি এফৰে মিত্রতাৰ পোষকতা কৰি আহিছে৷ কংগ্রেছৰ বিভিন্নজন নেতাই এ আই ইউ ডি এফৰে মিত্রতাৰ বাবেই যোৱা বিধানসভা নির্বাচনত উজনি অসমত কংগ্রেছ ক্ষতিগ্রস্ত হোৱা বুলি কৰা মন্তব্য নস্যাৎ কৰি ২০১৬ চনৰ বিধানসভা নির্বাচনৰ তুলনাত এইবাৰ বিধানসভা নির্বাচনত উজনি অসমত কংগ্রেছৰ ভোট বৃদ্ধিৰ লগতে বিজেপিৰে ভোটৰ ব্যৱধান যথেষ্ট কম বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷

কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, ধুবুৰী, বৰপেটা, নগাঁও, কলিয়াবৰ, কৰিমগঞ্জ সংসদীয় সমষ্টিত এ আই ইউ ডি এফক একাষৰীয়া কৰি ৰাখি অকল কংগ্রেছে নির্বাচনত অৱতীর্ণ হৈ জয়লাভ কৰাটো সম্ভৱ নহয় বুলি বিবেচনা কৰি দলৰ বহু নেতাই এতিয়াও লোকসভা নির্বাচনত মহাজোঁট গঠনৰ পক্ষত আছে৷ দিন বাগৰাৰ লগে লগেই তেওঁলোকে এই বিষয়ক লৈ পুনৰ সৰৱ হৈ পৰিব৷ মন কৰিবলগীয়া এয়ে যে কালি ভোটগ্রহণ অনুষ্ঠিত হোৱা ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ–নির্বাচনত এইবাৰ কংগ্রেছে অকল অসম জাতীয় পৰিষদৰে মিত্রতা কৰি নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ অহা ২ নৱেম্বৰত হ’বলগীয়া ভোটগণনাত পৰিস্ফুট হ’ব কংগ্রেছে অকলে নির্বাচনত অৱতীর্ণ হৈ কিমান সুফল অর্জন কৰিব পাৰিলে আৰু যোৱা বিধানসভা নির্বাচনৰ তুলনাত ভোটৰ পৰিমাণ বৃদ্ধি পালে নে হ্রাস পালে৷ ইয়াৰ ওপৰতেই নির্ভৰ কৰিব মহাজোঁট গঠনকে ধৰি মিত্রতাৰ ৰাজনীতিৰ সমীকৰণ৷ তদুপৰি উপ–নির্বাচনৰ ফলাফলৰ ওপৰতেই নির্ভৰ কৰিছে বদৰুদ্দিন আজমল, অখিল গগৈ, হাগ্রামা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যৎ৷ এইবাৰ উপ–নির্বাচনত আজমলৰ দল এ আই ইউ ডি এফে গোসাঁইগাঁও আৰু ভৱানীপুৰ সমষ্টিত প্রার্থিত্ব আগবঢ়োৱাৰ বিপৰীতে নতুন দিল্লীত কংগ্রেছ নেতাৰ দুৱাৰে দুৱাৰে মিত্রতাৰ বাবে টুকুৰিয়াই ফুৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে থাওৰা আৰু মৰিয়নি সমষ্টিত কংগ্রেছৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ সেইদৰে মহাজোঁট ত্যাগ কৰি বিজেপিৰ সংগী হ’বলৈ মন মেলা হাগ্রামা মহিলাৰীৰ বি পি এফ দলে অকল গোসাঁইগাঁও সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিছে৷

উপ–নির্বাচনৰ ফলাফলত এ আই ইউ ডি এফৰ বাবে কংগ্রেছ দল যদি গোসাঁইগাঁও আৰু ভৱানীপুৰত ক্ষতিগ্রস্ত হয়, স্বাভাৱিকতে অনাগত দিনত কংগ্রেছৰ বাবে পুনৰ গুৰুত্বপূর্ণ হৈ উঠিব আজমল৷ অনুৰূপ ধৰণে ৰাইজৰ দলৰ বাবেই থাওৰা–মৰিয়নিত কংগ্রেছ ক্ষতিগ্রস্ত হ’লে অখিল গগৈৰো গুৰুত্ব বৃদ্ধি পাব৷ কিন্তু যদিহে আজমল আৰু অখিল গগৈয়ে উপ–নির্বাচনত বিশেষ প্রভাৱ পেলাবলৈ সমর্থ নহয়, তেতিয়াহ’লে অনাগত দিনত কংগ্রেছৰ বাবে তেওঁলোক কিমান গুৰুত্বপূর্ণ হ’ব, সেয়াও লক্ষণীয় হ’ব৷ সেইদৰে উপ–নির্বাচনৰ ফলাফলত বি পি এফে গোসাঁইগাঁৱত পূর্বৰ খোপনি হেৰুৱালে বিজেপি মিত্রজোঁটৰ অংশীদাৰ হোৱাৰ আশাও সপোন হৈয়ে ৰোৱাৰ সম্ভাৱনা প্রকট বুলিব পাৰি৷ ইয়াৰ বিপৰীতে বিজেপিৰ মিত্রতাৰ ৰাজনীতিত অধিক গুৰুত্বপূর্ণ হৈ পৰিব প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলহে৷

ইপিনে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ উপ–নির্বাচনৰ ফলাফলত কংগ্রেছ দল অকলে কিমান শক্তিশালী, সেয়া অনুমান কৰিব পৰা যাব৷ যোৱা বিধানসভা নির্বাচনত কংগ্রেছ য’ত জয়ী হৈছে, তাত মহাজোঁটৰ বাবে জয়ী হোৱা বুলি কোৱা হৈছে৷ য’ত পৰাজিত হৈছে, তাত আন কাৰোবাৰ বাবে পৰাজিত হোৱা বুলি কোৱা হৈছে৷ কিন্তু এইবাৰ উপ–নির্বাচনত কংগ্রেছ জয়ী হ’লে নিজৰ বাবেই জয়ী হোৱাটো প্রতিপন্ন হ’ব আৰু পৰাজিত হ’লে নতুনকৈ পর্যালোচনা কৰিব লাগিব৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাৰ এই ভাষ্যও ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যথেষ্ট তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ বিশেষকৈ এইবাৰ উপ–নির্বাচনৰ ফলাফলত কংগ্রেছৰ ভোটৰ পৰিমাণ যোৱা বিধানসভা নির্বাচনৰ ভোটতকৈ অধিক বৃদ্ধি পালে দলটো যে আজমল–খিল গগৈক একাষৰীয়া কৰি ৰাখিয়েই লোকসভা নির্বাচনতো অগ্রসৰ হ’ব, তাৰেই ইংগিত দিয়ে৷ কিন্তু ভোটৰ পৰিমাণ হ্রাস পালে অনাগত দিনত পুনৰ যে বিৰোধী শিবিৰৰ মাজত মিত্রতা স্থাপনৰ প্রসংগ আহি পৰিব, সেয়াও আওপকীয়াকৈ স্পষ্ট হৈ পৰিছে৷ কিয়নো নির্বাচনৰ ভোটগণনা হ’বলৈ মাজত এটা দিন বাকী থকা অৱস্থাতে তেওঁ আজি অতি তাৎপর্যপূর্ণভাৱে নামনি অসমত এ আই ইউ ডি এফ আৰু উজনি অসমত ৰাইজৰ দল কংগ্রেছৰ ভোট কটা দল বুলি অভিহিত কৰে৷ তেওঁৰ এই ভাষ্যৰ জৰিয়তে নামনিত এ আই ইউ ডি এফে আৰু উজনিত ৰাইজৰ দলে কংগ্রেছৰ ক্ষতি কৰাৰেই কথা যে কৈছে, সেয়া সহজে অনুমেয়৷ সেয়ে অহা দুই নৱেম্বৰৰ পাছত অসমৰ বিৰোধী ৰাজনীতি শিবিৰত নতুন সমীকৰণ তথা মেৰুকৰণৰ ৰাজনীতি আৰম্ভ হোৱাৰ সম্ভাৱনা উলাই কৰিব নোৱাৰি৷

You might also like