নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি সমষ্টিৰ পৰা অখিল গগৈ, কি প্ৰতিক্ৰিয়া ৰূপজ্যোতি কুৰ্মীৰ?

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱা দুটা সমষ্টিৰ এটা মৰিয়নি। আনহাতে মৰিয়নি সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্য়োতি কুৰ্মী। ৰাইজৰ দলৰ ফালৰ পৰা অখিল গগৈয়ে মৰিয়নিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লগে লগে ৰূপজ্যোতি কুৰ্মীৰ ভেটিত গৰাখহনীয়া হোৱাৰ আশংকা কৰা হৈছে।

কিন্তু এইক্ষেত্ৰত আত্মবিশ্বাসী ৰূপজ্যোতি কুৰ্মী। কুৰ্মীয়ে আজি এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- ‘মৰিয়নিত অখিল গগৈ ফেক্টৰ নহয়, টিভিত ওলাই থাকিলেই বিধায়ক নহয়। অখিল গগৈৰ অৱদান কি আছে মৰিয়নি সমষ্টিত। মই অহংকাৰ কৰি নহয় আত্মবিশ্বাসেৰে কৈছো মৰিয়নিবাসীয়ে ওচৰতে পোৱা জনপ্ৰতিনিধিকহে ভোট দিব।’

ইয়াৰ লগতে কুৰ্মীয়ে পূজা, ফুটবল খেলত সাহায্যৰ ক্ষেত্ৰত অখিল গগৈৰ অৱদান শূন্য তথা হাস্পতালত গগৈয়ে কাৰ খবৰ লয় বুলিও প্ৰশ্ন কৰে।

You might also like