নিয়মীয়া বাৰ্তা, ১৯জুনঃ নকল সামগ্ৰী তৈয়াৰ কৰাত চীন ওস্তাদ। আমি সকলোৱে মিলি চীনা সামগ্ৰী বৰ্জন কৰিব লাগে। এই মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ।
চীনা চিনেমা চাইছিলো, ভাল পাইছিলো কিন্তু এতিয়া নাচাও। দেখিলেই খং উঠে। ক’ৰোনা চীনৰে সৃষ্টি আৰু সীমান্তটো এতিয়া উত্তেজনা। তেওঁলোকৰ ৰাজনীতিৰে এয়া এটা অংশ। আমি ইমান সোনকালে ভয় নাখাও, আমাৰ দেশখন ডাঙৰ। চীনে ইমান সহজে সাহস কৰিব নোৱাৰে।
বাহিৰৰ দেশবোৰ চীনা সামগ্ৰী ব্যৱহাৰ কৰা বাদ দিছে, খুব সস্তাত আৰু নকল সামগ্ৰী উলিয়াই চীনে। ঘড়ীৰ পৰা আৰম্ভ কৰি টিভি লৈ সকলো নকল সামগ্ৰী উলিয়াই।
আমি আত্মৰনিৰ্ভৰশীল হ’ব লাগিব। নৱ প্ৰজন্ম বহুতো আগবাঢ়ি আহিছে। ‘ক’ৰোনা আৰু ইয়াৰ প্ৰতিৰোধ’ শীৰ্ষক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত এই মন্তব্য জুবিন গাৰ্গৰ।