সদ্যঘোষিত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক হোজাইৰ নৱদীপ একাডেমীত সম্বৰ্ধনা
নিয়মীয়া বার্তা, ১১ জুন:- সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নীলবাগানৰ মৌলানা মছদ্দৰ আলী বিদ্যাপীঠ, নীলবাগান জাতীয় বিদ্যালয়ৰ লগতে জয়নগৰ জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে উন্নত ফলাফল প্ৰদৰ্শন কৰে৷ এই কৃতী শিক্ষাৰ্থীক আজি হোজাই নীলবাগানৰ শিংগিৰপাৰ অঞ্চলৰ নৱদীপ একাডেমীত সম্বৰ্ধনা জনোৱা হয়৷ এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে নৱদীপ ফাউণ্ডেচনৰ ট্ৰাষ্টি অলিউৰ ৰহমানে৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে সহ শিক্ষক ইকৰামুল আলমে৷ সম্বৰ্ধনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নীলবাগান গ্ৰীণভেলী একাডেমীৰ অধ্যক্ষ আবু বক্কৰ চিদ্দিক আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জয়নগৰৰ যুৱ সমাজকৰ্মী চুহেইল আহমেদ৷ সভাত নীলবাগান আৰু মোৰাঝাৰ চেন্টাৰৰ ভিতৰত মেট্ৰিক পৰীক্ষাত অধিক নম্বৰ লাভ কৰা জয়নগৰ জাতীয় বিদ্যালয়ৰ তাহিৰ বিন ৰহিম (৯৩.৫%), মৌলানা মছদ্দৰ আলী বিদ্যাপীঠৰ শ্বামিম আখতাৰ (৮৮.৩৩%), নীলবাগানৰ মুহিবুৰ হক (৮৮.5%), চাবিয়া আনজুম (৮৫.৫%), মাৰুফা বেগম (৮১%), সুহাইল আহমেদ, ৰুহান উদ্দিন, ইনামুল হক, মাহমুদা বেগম, ফাকিয়া আনজুম, মেহবুবা সিদ্দিকা, ফৌজিয়া বেগম, মেহবুব আলম, আশ্ৰাফুল হুছেইন, ৰুহুল ইছলাম, কাইফ উদ্দিন, ৱাহিদ আলম, শ্বাহিদ আহমেম, মাশুক আহমেদক নৱদীপ একাডেমীৰ তৰফৰ পৰা জাপি, ফুলাম গামোচা, কলম আদিৰে সম্বৰ্ধনা জনোৱা হয়৷
প্ৰেৰক কিশলয় দেৱগোস্বামী