নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱম–দশম শ্রেণীৰ পাঠ্যক্রম ৪০ শতাংশ হ্রাস

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ ক’ভিডসৃষ্ট জটিল পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত নকৰাকৈ বিকল্প মূল্যায়ন পদ্ধতিৰে চলিত বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)–এ এইবাৰ নৱম আৰু দশম শ্রেণীৰ পাঠ্যক্রম হ্রাসৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাজ্য চৰকাৰে কালি এ এছ ই.১২১৪/২০১৭/পার্ট/৫০ নম্বৰৰ এখন পত্রযোগে বিষয়টোত অনুমোদন জনোৱাত আজি ছেবাই সংশোধিত পাঠ্যক্রম (ৰিভাইজ্ড চিলেবাছ) সন্দর্ভত আনুষ্ঠানিক নির্দেশনা জাৰি কৰে৷ অৱশ্যে এই নির্দেশনা কেৱল ২০২১–২২ শৈক্ষিক বর্ষৰ ক্ষেত্রতহে প্রযোজ্য হ’ব৷ ছেবাৰ এই সিদ্ধান্তৰ লগে লগে ২০২১–২২ শৈক্ষিক বর্ষৰ নৱম শ্রেণীৰ বছৰেকীয়া আৰু অহা বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সংশোধিত পাঠ্যক্রমৰ আধাৰত অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিল৷

ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি স্বাক্ষৰিত ছেবা/এবি/ন’টিফিকেচন/০৬/২০১৮/২৫ নম্বৰৰ নির্দেশনাটোত কোৱা হৈছে যে ক’ভিড–১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত যোৱা এপ্রিল মাহৰ তৃতীয় সপ্তাহৰ পৰাই শিক্ষানুষ্ঠানসমূহ বন্ধ আছে৷ এই সময়ছোৱাত বিদ্যালয়সমূহত অনলাইনযোগে পাঠদান কৰিলেও বিভিন্ন কাৰণৰ বাবে বহু ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰিব পৰা নাই৷ এনে প্রেক্ষাপটত শৈক্ষিক লোকচান হোৱাৰ বিষয়টো দৃষ্টিগোচৰ হৈছে৷ তদুপৰি ছেবাই ২০২১–২২ শৈক্ষিক বর্ষৰ বাবে নির্দিষ্ট কৰি দিয়া পাঠ্যক্রম ছাত্র–ছাত্রীসকলৰ লগতে শিক্ষকসকলে সামৰি লোৱাটোও কঠিন হ’ব৷ সেয়েহে নৱম আৰু দশম শ্রেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ প্রতিটো বিষয়ৰ পাঠ্যক্রম ২০১৯ শৈক্ষিক বর্ষৰ তুলনাত ২০২১–২২ শৈক্ষিক বর্ষত প্রায় ৪০ শতাংশ হ্রাস কৰিবলৈ ছেবাই সিদ্ধান্ত গ্রহণ কৰা বুলি নির্দেশনাটোত উল্লেখ কৰা হৈছে৷

সংশোধিত এই পাঠ্যক্রমৰ তালিকা ছেবাৰ তৰফৰ পৰা সকলো বিদ্যালয়সমূহৰ পৰিদর্শকলৈ প্রেৰণ কৰিব৷ যাতে শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু নৱম–দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলে সেয়া পাব পাৰে৷ তদুপৰি ছেবাৰ ৱেবছাইটwww.sebaonline.orgতো এই সংশোধিত পাঠ্যক্রমৰ বিস্তৃত তথ্য উপলব্ধ হ’ব৷ একমাত্র ২০২১–২২ শৈক্ষিক বর্ষৰ পৰীক্ষাৰ বাবেহে পাঠ্যক্রম হ্রাস কৰাৰ সিদ্ধান্ত লোৱা বুলি নির্দেশনাটো স্পষ্ট কৰি দিয়া হৈছে৷ একে সময়তে যদিহে সম্ভৱ হয়, তেন্তে শিক্ষার্থীসকলে পর্যাপ্ত জ্ঞান আহৰণ কৰিব পৰাকৈ সমগ্র পাঠ্যক্রম শিকাবলৈও শিক্ষকসকলক অনুৰোধ জনোৱা হৈছে ছেবাৰ তৰফৰ পৰা৷ উল্লেখ্য যে ক’ভিডসৃষ্ট জটিল পৰিস্থিতিয়ে সমগ্র দেশৰে শিক্ষা জগতত বিৰূপ প্রভাৱ পেলাইছে৷ পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে ফলাফল ঘোষণা কৰিবলগীয়া হোৱাৰ সমান্তৰালভাৱে ইতিমধ্যে চি বি এছ ই–চি আই এছ চি ইকে ধৰি বহুকেইখন ৰাজ্যৰ ব’র্ডে গ্রহণ কৰিছে পাঠ্যক্রম হ্রাসৰ সিদ্ধান্ত৷

অতি শেহতীয়াকৈ মহাৰাষ্ট্র চৰকাৰেও প্রথমৰ পৰা দ্বাদশ শ্রেণীৰ পাঠ্যক্রম ২৫ শতাংশ হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ ইয়াৰ মাজতে ছেবাই আজি জাৰি কৰা নির্দেশনাটোৰ জৰিয়তে ক’ভিডকালত হোৱা নৱম–দশম শ্রেণীৰ শৈক্ষিক লোকচান পূৰাবলৈ কার্যতঃ প্রথম ভাষা– অসমীয়া, বাংলা, হিন্দী, বড়ো, মণিপুৰী, খাচি, গাৰো, মাৰ, মিজো, উর্দু, নেপালী, কার্বি প্রথম ভাষাৰ পৰিপূৰক– সংস্কৃত (গ্রুপ–চি) দ্বিতীয় ভাষা– ইংৰাজী, ইংৰাজী (আই এল) মূল বিষয়– সাধাৰণ বিজ্ঞান, সাধাৰণ গণিত, সমাজ বিজ্ঞান ঐচ্ছিক বিষয়– অসমীয়া, বাংলা, বড়ো, মণিপুৰী, নেপালী, হিন্দী, উচ্চ গণিত, বুৰঞ্জী, ভূগোল, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, উডক্রাফ্ট, মিউজিক, ডেন্স, ফাইন আর্ট, উইভিং এণ্ড টেক্সটাইল ডিজাইন, গার্মেণ্ট ডিজাইনিং, গৃহ বিজ্ঞান, ছান্থালী, আৰবী, পার্চী, বাণিজ্য আৰু কার্বিৰ পাঠ্যক্রমৰ প্রায় ৪০ শতাংশ হ্রাস কৰিলে৷ একেদৰে হাইমাদ্রাছাৰ নৱম–দশম শ্রেণীৰ বিষয়সমূহৰ পাঠ্যক্রমো হ্রাস কৰিছে ছেবাই৷

You might also like