হিন্দু–মুছলমান সম্পর্ক
১৯৮১ চনৰ পৰা ১৯৯১ চনলৈকে সম্পূর্ণ দহটা বছৰ মই ক’লকাতাৰ ‘আজকাল’ নামৰ এখন দৈনিক বাংলা বাতৰিকাকতত কাম কৰিছিলোঁ৷ কাকতখনৰ সম্পাদক আছিল মেগাছেছে বঁটা বিজয়ী বিখ্যাত বাঙালী লেখক আৰু সাংবাদিক গৌৰ কিশোৰ ঘোষ৷ আজকালত যোগ দিবলৈ মোৰ বিশেষ আগ্রহ নথকা সত্ত্বেও তেওঁ জোৰ কৰি মোক আজকাললৈ নিছিল৷ এই বিষয়ে মই ‘মোৰ সাংবাদিক জীৱন’ নামৰ কিতাপত সবিস্তাৰে লিখিছোঁ৷ মই আছিলোঁ ‘আজকাল’ৰ উত্তৰ–পূর্বাঞ্চলৰ বিশেষ প্রতিনিধি৷ অর্থাৎ সাংবাদিক হিচাপে মোৰ কর্মক্ষেত্র আছিল সমগ্র উত্তৰ–পূর্বাঞ্চল৷ আজকালত কাম কৰি মোৰ ডাঙৰ লাভ হ’ল এই যে বিচিত্র জনগোষ্ঠী অধ্যুষিত আৰু জটিল সমস্যাজর্জৰিত এই অঞ্চলটোৰ ৰাজনীতি, ইতিহাস, মানুহৰ জীৱনধাৰা আৰু জটিল সমস্যাবোৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ মই এটা ডাঙৰ সুযোগ পালোঁ৷
সংবাদ পৰিৱেশনৰ উপৰিও মই বাতৰিকাকতখনৰ সম্পাদকীয় পৃষ্ঠাত সপ্তাহটোৰ প্রতি বৃহস্পতিবাৰে একোটা বিশেষ নিবন্ধ লিখিব লগা হৈছিল৷ ব্যাখ্যামূলক সাংবাদিকতা বুলিলে যিটো কথা বুজায় মোৰ নিবন্ধবোৰ আছিল ঠিক সেই ধৰণৰ নিবন্ধ৷ এদিন সম্পাদক গৌৰ কিশোৰ ঘোষে মোক ক’লে– ‘আমি এই কথা জানো যে ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত এটা বিশেষ ক্ষেত্রত অসম এটা ডাঙৰ ব্যতিক্রম৷ ভাৰতৰ প্রায় সকলো ৰাজ্যতে মাজে–সময়ে আৰু কম–বেছি পৰিমাণে হিন্দু–মুছলমানৰ সাম্প্রদায়িক কন্দল বা সংঘর্ষ হৈ থাকে৷ কিন্তু অসমত হিন্দু–মুছলমানৰ সাম্প্রদায়িক সংঘর্ষ বা কন্দল হোৱাৰ বাতৰি আমি কেতিয়াও শুনা নাই৷ এই কথাটো অতি তাৎপর্যপূর্ণ৷ এই বিৰল ব্যতিক্রমৰ কাৰণ কি সেই কথা জানিবলৈ আমি সকলোৱে তীব্র কৌতূহল অনুভৱ কৰোঁ৷ তুমি অতি সোনকালে এই বিষয়ে তোমাৰ নির্দিষ্ট স্তম্ভত প্রকাশ কৰিবলৈ এটা প্রবন্ধ লিখা৷’
এইখিনিতে স্মর্তব্য যে মই আজকালত সাংবাদিক হিচাপে যোগ দিছিলোঁ ১৯৮১ চনত আৰু ঠিক সেই সময়তে অসমৰ বিদেশী খেদা আন্দোলনে উগ্র ৰূপ ল’বলৈ আৰম্ভ কৰিছিল৷ বোধহয় সেই কাৰণেই সাম্প্রদায়িক সংঘর্ষৰ প্রসংগটো গৌৰ কিশোৰ ঘোষৰ মনলৈ আহিছিল৷ সম্পাদকৰ নির্দেশ মতে মই প্রবন্ধটো লিখিলোঁ আৰু যথা সময়ত সি আজকালত প্রকাশ হ’ল৷ মই ইয়াত প্রবন্ধটো সম্পূর্ণভাৱে উদ্ধৃত কৰিব নোখোজোঁ কেৱল তাৰ চমু সাৰাংশটোহে দিব খোজোঁ৷ মই দাবী কৰিব নোখোজোঁ যে মই দিয়া ব্যাখ্যাটোৱেই একমাত্র শুদ্ধ ব্যাখ্যা৷ কিন্তু মোৰ তত্ত্বটোৱে পাঠকসকলক কিছু চিন্তাৰ খোৰাক দিব পাৰে৷ কেইদিনমানৰ আগতে নিয়মীয়া বার্তাত প্রকাশিত এটা প্রবন্ধত চাহনাজ হুছেইনে এনে এটা ইংগিত দিছে যে অসমত হিন্দু–মুছলমানৰ সম্পর্কই এটা জটিল ৰূপ ল’বলৈ আৰম্ভ কৰিছে৷
ভাৰতৰ অন্যান্য ৰাজ্যৰ লগত অসমৰ এটা ডাঙৰ পার্থক্য এইটো যে অসমত কেতিয়াও আর্য বংশীয় হিন্দু ৰজাই ৰাজত্ব কৰা নাছিল৷ অসমত ৰাজত্ব কৰা আহোম, চুতীয়া, কোচ আৰু কছাৰী এই আটাইকেইটা ৰাজবংশই আছিল অনার্য মংগোলীয় জনগোষ্ঠীৰ মানুহ৷ ড০ সুনীতি কুমাৰ চট্টোপাধ্যায়ে এই কথা আঙুলিয়াই দিছে যে ভাৰতবর্ষৰ আর্যাৱর্তত হিন্দু সভ্যতা আৰু দাক্ষিণাত্যত দ্রাবিড় সভ্যতা গঢ়ি উঠাৰ দৰে উত্তৰ–পূর্বাঞ্চলত গঢ়ি উঠিছিল মংগোলীয় সভ্যতা৷ কালক্রমত ইয়াত হিন্দু ধর্ম আৰু সভ্যতাৰ প্রৱেশ ঘটিল যদিও ইয়াৰ অনার্য মূলীয় মংগোলীয় সভ্যতাই এই অঞ্চলৰ মানুহৰ গ্রহণযোগ্য হোৱাকৈ হিন্দু ধর্মক এটা উদাৰ ৰূপ পৰিগ্রহ কৰিবলৈ বাধ্য কৰিছিল৷ ঠিক এই কাৰণেই অসমত জাত–বিচাৰৰ আৰু অস্পৃশ্যতাৰ উগ্রতা বহু পৰিমাণে কম৷ হিন্দু ধর্মৰ বহুত গোড়ামি অসমত দেখিবলৈ পোৱা নাযায়৷ আনকেইটা ৰাজবংশৰ কথা বাদ দি আজিৰ প্রসংগত আহোম ৰাজবংশৰ কথাকে বিশেষ গুৰুত্ব দি আলোচনা কৰিব খোজোঁ৷ আহোমসকলে অসমত ৬০০ বছৰ ৰাজত্ব কৰিছে৷ ইয়ালৈ অহাৰ প্রায় ২০০ বছৰ মান পিছতহে তেওঁলোকে হিন্দু ধর্ম গ্রহণ কৰিবলৈ আৰম্ভ কৰিছিল৷ কিন্তু হিন্দু হোৱাৰ পিছতো তেওঁলোকে হিন্দু ধর্মৰ বহুতো নীতি–নিয়ম কঠোৰভাৱে পালন কৰা নাছিল৷ উদাহৰণ স্বৰূপে গদাধৰ সিংহৰ কথাকে ক’ব পাৰি৷ হিন্দু ধর্মত দীক্ষিত হৈও হিন্দু নাম লোৱাৰ পিছতো তেওঁ গো মাংস খাবলৈ এৰা নাছিল৷ আহোম সমাজত এটা বৃহৎ অংশৰ প্রিয় খাদ্য হ’ল মদ আৰু গাহৰি৷ ভাৰতৰ অন্যান্য ৰাজ্যত গোড়া হিন্দু আৰু গোড়া ইছলামৰ যি ধৰণৰ আদর্শগত সংঘাত হৈছিল তেনে ধৰণৰ সংঘর্ষৰ উদাহৰণ আমাৰ মাজত পাবলৈ নাই৷ একে আষাৰে ক’বলৈ গ’লে আহোমকে ধৰি অসমৰ আটাইকেইটা অনার্য ৰাজবংশ ইছলামৰ প্রতি যথেষ্ট উদাৰ আৰু সহিষ্ণু আছিল৷ নতুনকৈ ধর্মান্তৰিত হোৱা এই মংগোলীয় ৰাজবংশবোৰে ভাৰতৰ অন্যান্য প্রান্তৰ সকলো হিন্দু নৃপতিতকৈ ইছলামৰ প্রতি তুলনামূলকভাৱে অতি উদাৰ আৰু সহনশীল হ’ব পাৰিছে৷ ১৭বাৰকৈ মোগলৰ লগত যুদ্ধ কৰা আৰু কৰি বিজয়ী হোৱা আহোম ৰজাসকলে অসমত স্থায়ীভাৱে বাস কৰিবলৈ লোৱা মুছলমানসকলৰ প্রতি কেতিয়াও কোনো বৈষম্যমূলক আচৰণ কৰা নাই৷ অৱশ্যে এই প্রসংগতে এই কথাও স্মৰণ কৰিব লাগিব যে মোগল সম্রাটসকলৰ ৰাজসভাতো বহুতো হিন্দুৱে নিজৰ প্রতিভাৰ জোৰত গুৰুত্বপূর্ণ সন্মানজনক স্থান দখল কৰিবলৈ সমর্থ হৈছিল৷ কিন্তু সেয়ে হ’লেও অসমৰ বাহিৰে ভাৰতৰ সকলো প্রান্তত হিন্দু ৰজাসকলৰ সন্মুখত ইছলাম আবির্ভূত হৈছিল এটা প্রত্যাহ্বান স্বৰূপে৷ কিন্তু অসমৰ নব্য ধর্মান্তৰিত অনার্য ৰজাসকলে ইছলামক তেনে দৃষ্টিৰে চোৱা নাছিল৷ যুগ যুগ ধৰি তেনে এটা সাংস্কৃতিক পৰিৱেশত প্রতিপালিত হোৱাৰ কাৰণেই অসমীয়া সমাজ ধর্মৰ প্রশ্ণত আপোনা আপুনি হৈ পৰিছিল উদাৰ আৰু সহিষ্ণু৷ অসমত হিন্দু–মুছলমানৰ মাজত সংঘর্ষ নোহোৱাৰ প্রধান কাৰণ আছিল অসমৰ অনার্য্য তথা মংগোলীয় ৰজাসকলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা এক ধৰণৰ ধর্মনিৰপেক্ষতা বা ধর্মীয় সহিষ্ণুতাৰ আদর্শ৷