নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামীক মুকলি কৰি দিয়াৰ কাতৰ আহ্বান পত্নীৰ

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ  চকুৰ পানীৰে সুদীর্ঘ দুটা মাহে বাট নেদেখা এটা পৰিয়ালৰ পাঁচ সদস্যই প্রতিটো মুহূর্তই এক আশাৰ ৰেঙনিৰ অপেক্ষাত ৰৈ আছিল৷ এক জটিল আৰু স্তব্ধ সময়ৰ মাজেৰে দিন আৰু ৰাতি অতিবাহিত কৰা পৰিয়ালটোৰ সন্মুখত ২৪ ঘণ্টাই এটা প্রশ্ণই জুমুৰি দি আছিল– মৰমৰ মানুহজনক স্বজাতিৰ মুক্তিৰ সপোন লৈ অৰণ্যগামী হোৱা আপোন ককাই–ভাইসকলে কেতিয়াকৈ মুক্তি দিব? সদায়েই একেলগে বহি হাঁহি–ধেমালিৰে দিনবোৰ পাৰ কৰা মানুহজন হঠাৎ এক জটিল পাক্চক্রত সোমাই পৰাৰ পাছৰ পৰাই শিৱসাগৰৰ হাবিৰাম বৰা পথৰ সেই গৃহটোৰ ভিতৰত থকা মানুহকেইজনে নিজৰ আপোন মানুহজনক প্রতি মুহূর্ততেই ঘৰটোৰ ভিতৰত বিচাৰি ফুৰিছিল৷ বিভিন্নজনৰ ওচৰত কাকুতি জুৰিছিল– আমাৰ মৰমৰ মানুহজনক ঘৰলৈ ঘূৰাই পঠিয়াওক৷ থাপনাৰ সন্মুখত বন্তি জ্বলাই এনেদৰেই নিজৰ মানুহজনৰ মুক্তিৰ কামনাৰে প্রার্থনাৰত পৰিয়ালটোৰ মাজলৈ আজি সন্ধিয়া আহিছিল সেই অনাকাংক্ষিত বতৰাটো৷

কুইপ কোম্পানী বনাম আলফা (স্বা)ৰ মাজত কোনো মীমাংসা নোহোৱাত দুই বন্দীৰ ওপৰত সংযুক্ত মুক্তি বাহিনী, চমুকৈ আলফা (স্বা)এ ঘোষণা কৰিলে চূডান্ত সিদ্ধান্ত– পর্যায়ক্রমে কার্যকৰী কৰা হ’ব এই সিদ্ধান্ত৷ হঠাৎ আলফা (স্বা)ৰ প্রচাৰ বিভাগৰ সদস্য ৰূমেল অসম স্বাক্ষৰিত চূডান্ত সিদ্ধান্তৰ এখন পত্র বিভিন্ন মাধ্যমযোগে ৰাজহুৱা হোৱাৰ পাছতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সময়তেই শিৱসাগৰৰ হাবিৰাম বৰা পথৰ প্রণৱ গগৈৰ ঘৰত সৃষ্টি হৈছে শোকাকুল পৰিৱেশ৷ কাৰো মুখলৈ কোনেও চাব নোৱাৰা এক অবর্ণনীয় পৰিৱেশ৷ পত্নী নমিতা গগৈৰ লগতে দুই সন্তান আৰু অপহূত প্রণৱ গগৈৰ বৃদ্ধ পিতৃ–মাতৃৰ মুখৰ পৰা হেৰাই গৈছিল মাত৷ হৈ পৰিছিল বাক্ৰুদ্ধ৷ পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্রীৰ পৰা আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাসগৃহলৈকে উপস্থিত হৈ পৰিয়ালটোৰ সন্মুখত শৰাই আগবঢাই নিজৰ স্বামীৰ প্রাণভিক্ষা কৰিছিল৷ আন নালাগে সেইদিনাখন এই দুর্ভগীয়া পৰিয়ালটোৱে পৰেশ বৰুৱাৰ বাসগৃহত উপস্থিত হৈ আলফা (স্বা)ৰ প্রতি আহ্বান জনাই স্বামীক মুক্তি দিবলৈ কাতৰ আহ্বান জনোৱাৰ লগতে ইয়াৰ অন্যথা পৰিয়ালৰ সকলোকে হত্যা কৰি থৈ যাবলৈ আহ্বান জনাইছিল৷ কিন্তু আজি হঠাৎ আলফা (স্বা)ৰ তৰফৰ পৰা লাভ কৰা বিবৃতিৰ পাছতেই দুর্ভগীয়া পৰিয়ালটোৱে কান্দি কান্দি এটাই আহ্বান জনালে– মানুহজনক একো নকৰিব৷ আমাৰ নিৰীহ মানুহজনক ঘূৰাই দিয়ক৷

বহিৰাগত কুইপ কোম্পানীয়ে যদি আপোনালোকৰ দাবী মানি লোৱা নাই তেন্তে আমি আমাৰ টাউনৰ মাজত থকা ঘৰ–মাটি সমস্ত বিক্রী কৰি আলফা (স্বা)ক টকা দিম৷ আমি পথৰ ভিক্ষাৰী হ’ম৷ তথাপি আমাক আমাৰ মানুহজন ঘূৰাই দিয়ক৷ মোৰ শিৰৰ সেন্দূৰ নমচিব৷ এনেদৰেই আজি চিঞৰি চিঞৰি শোকত ভাগি পৰিল প্রণৱ গগৈৰ পত্নী৷ কোঠাটোৰ এটা কোণত তেতিয়াও নির্বিকাৰচিত্তে পৰি আছিল প্রণৱ গগৈৰ বৃদ্ধ পিতৃ–মাতৃ৷ সন্ধিয়াৰ পৰাই মুখত এটুপি পানীও লোৱা নাই৷ মাত্র এটা কথাই এই অসহায় দুর্ভগীয়া পিতৃ–মাতৃ হালে কৈছিল– ল’ৰাটোক কোনেও যেন একো নকৰে৷ আমি কেতিয়াও জীয়াই নাথাকোঁ৷ আজি সন্ধিয়া শিৱসাগৰৰ হাবিৰাম বৰা পথৰ প্রণৱ গগৈৰ গৃহত পৰিলক্ষিত হোৱা এই কৰুণ আৰু বাক্ৰুদ্ধ ছবিয়ে স্পষ্ট কৰি দিছিল সন্তানৰ প্রতি থকা পিতৃ–মাতৃৰ স্নেহ, সন্তান–পত্নীৰ স্বামীৰ প্রতি থকা প্রেম আৰু অকৃত্রিম ভালপোৱাৰ সেই চিৰশাশ্বত আত্মিক সমন্ধৰ ছবিখন৷ একে সময়তে ৰাজ্য চৰকাৰখনৰ তৰফৰ পৰাও প্রণৱ গগৈক উদ্ধাৰৰ ক্ষেত্রত বিশেষ ফলপ্রসূ সিদ্ধান্ত লোৱাত সম্পূর্ণৰূপে ব্যর্থ হোৱাৰো অভিযোগ তোলে দুর্ভগীয়া পৰিয়ালটোৱে৷ ইফালে, আলফা (স্বা)ৰ তৰফৰ পৰা চূডান্ত সিদ্ধান্তৰ ঘোষণাৰ বিবৃতি ৰাজহুৱা হোৱাৰ পাছতেই শিৱসাগৰৰ জাতি–জনগোষ্ঠীয় দল–সংগঠনৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

সংগ্রামী যুৱ–ছাত্র পৰিষদ, অসমৰ কেন্দ্রীয় কার্যকৰী সভাপতি দেৱজিত দত্তই এয়া আলফা (স্বা)ৰ নৃশংসতাৰ পৰিচয়ৰ বাদে আন একো নহয় বুলি তীব্র ক্ষোভ উজাৰে৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈয়ে কয় যে এয়া বর্বৰতাৰ বাদে আন একো নহয়৷ যদি খিলঞ্জীয়া অসমীয়াৰ ওপৰত এনে চৰম আৰু চূডান্ত শাস্তি ঘোষণা কৰিলে অসমলৈ স্বাধীনতা আহে তেনেহ’লে প্রতিজন অসমীয়াৰ ওপৰতেই এনে চূডান্ত শাস্তি ঘোষণা কৰিবলৈ যাদৱ গগৈয়ে আহ্বান জনায়৷ অসম ছাত্র–যুৱ সন্মিলনীৰ কেন্দ্রীয় সভাপতি জিণ্টু মেছে কয়–আলফাৰ দ্বাৰা অপহূত এই দুই কর্মচাৰী কোনো অসমবিৰোধী বা দেশবিৰোধী কার্যকলাপৰ লগত জডিত নহয়৷ তেওঁলোক এটা পুঁজিপতি প্রতিষ্ঠানত কর্মৰত তেনেই সাধাৰণ কর্মচাৰী৷ আলফা স্বাধীনৰ সংঘাত পুঁজিপতি গোষ্ঠীৰ সৈতেহে৷ তেনেস্থলত পুঁজিপতি কোম্পানীৰ মালিক গোষ্ঠীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণত ব্যর্থ হৈ এই তেনেই সাধাৰণ আৰু এজন অসমীয়া কর্মচাৰীৰ ওপৰত চৰম শাস্তিৰ ঘোষণাৰ সিদ্ধান্ত কৰি যি তথাকথিত জাতীয় মুক্তিৰ আন্দোলনৰ কথা দোহাৰিছে, তেনে জাতীয় মুক্তিৰ আন্দোলনক এজন অসমীয়া হিচাপে কেতিয়াও সমর্থন নকৰোঁ৷

দ্বিতীয়তে, পৰেশ বৰুৱাই পূর্বতেও এনে বহু হঠকাৰী সিদ্ধান্ত গ্রহণ কৰিছে আৰু অসমীয়া মানুহৰ প্রাণ লৈছে, যাৰ বাবে আলফাৰ গ্রহণযোগ্যতা অসমীয়া মানুহৰ মাজৰ পৰা হেৰাইছে৷ অসমীয়া মানুহে এতিয়াও সেই ৰক্তৰঞ্জিত ইতিহাস পাহৰা নাই৷ এই মুহূর্তত ৰক্তৰঞ্জিত ইতিহাসৰ পুনৰাবৃত্তি নকৰি মানৱীয়তাৰ দৃষ্টিকোণেৰে স্বজাতিৰ মুক্তিৰ সপোন বিচৰা আলফা (স্বা)এ আপোন ভূমিপুত্র, ভাই প্রণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক সুস্থ শৰীৰে ঘূৰাই পঠিয়াবলৈ অসম ছাত্র সন্মিলনীৰ কেন্দ্রীয় সভাপতি জিণ্টু মেছ প্রেৰিত এক বিবৃতিত উল্লেখ কৰে৷ আছুৰ কেন্দ্রীয় কার্যকৰী সদস্য সমীৰণ ফুকনে কুইপ কোম্পানীৰ মইমতালি আৰু ভুলৰ ফল কেতিয়াও দুজন নিৰীহ ব্যক্তিৰ ওপৰত প্রয়োগ কৰাটো উচিত নহয় বুলি কয়৷ চৰকাৰ আৰু কুইপ প্রতিষ্ঠানক জবাবদিহি কৰা আছু নেতাগৰাকীয়ে অবিলম্বে মানৱীয়তাৰ খাতিৰত দুর্ভগীয়া পৰিয়াল দুটাৰ মুখলৈ চাই দুই অপহূতক সুস্থ শৰীৰে পৰিয়ালৰ মাজলৈ ঘূৰাই পঠিয়াবলৈ আহ্বান জনায়৷

You might also like