নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰ প্ৰেছ ক্লাবত গণৰাজ্য দিৱস পালন

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : দেশৰ আন স্থানৰ লগতে শিৱসাগৰ প্ৰেছ ক্লাবতো কালি ৭৫সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰা হয় ৷ পূৰ্ব নিৰ্ধাৰিত চৰকাৰী নিৰ্দেশনাৰ সময় অনুসৰিয়েই প্ৰেছ ক্লাবৰ চৌহদত ক্লাবৰ সমূহ কৰ্মকৰ্তাৰ উপস্থিতিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ক্লাবৰ জেষ্ঠ উপ-সভাপতি, প্ৰবীণ বেডমিন্টন খেলুৱৈ, ক্ৰীড়া সংগঠক, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পৱিত্ৰ বৰঠাকুৰে ৷ পতাকা উত্তোলন কৰি দিয়া ভাষণত পৱিত্ৰ বৰঠাকুৰে দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি সশ্ৰদ্ধ শ্ৰদ্ধা নিবেদন কৰি কয় যে আমি প্ৰতিগৰাকী ভাৰতীয় নাগৰিকেই সংবিধানৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে ৰাষ্ট্ৰৰ হাত শক্তিশালী কৰি তুলিব লাগিব ৷ গণৰাজ্য দিৱসৰ এই পৱিত্ৰ দিনটোতে আমি প্ৰত্যেকেই এখন শক্তিশালী বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দেশ হিচাপে ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিবৰ বাবে নিজকে উৎসৰ্গা কৰিবলৈ সকলোৰে প্ৰতি আহব্বান জনায় ৷ প্ৰেছ ক্লাবৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাই আঁত ধৰা এই পতাকা উত্তোলন কাৰ্য্যসূচীত জ্যেষ্ঠ উপ-সভাপতি ডঃ উৎপল দত্ত, খাইৰুদ্দিন আহমেদ, মুজাহিদ আলী, অনন্ত স্মিথ, নজিউল্লা হাজৰিকা, পৱন কেজৰিৱাল, উমেশ বালদোৱা, প্ৰেছ ক্লাবৰ আইনী উপদেষ্টা বাপী দে, সাংবাদিক অমৃত ৰাজ বৰা, মুজ্জাক্কীৰ আহমেদ, ববীতা ভৰালী, চৈয়দ মুস্তাকুৰ ৰহমানৰ লগতে জ্যেষ্ঠ-কনিষ্ঠ সদস্যসকল উপস্থিত থাকে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like