বিশেষ বাৰ্তা, ৬ অক্টোবৰঃ কাশ্মীৰ বিশ্ববিদ্যালয়ৰ ২০সংখ্যক বাৰ্ষিক সমাৱৰ্তনৰ মুখ্য অতিথি হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু প্ৰথমবাৰৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰিব। ১১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি মুৰ্মুৱে আৰু কাশ্মীৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত স্নাতক আৰু বিশিষ্ট ব্যক্তিসকলৰ সমাৱেশত সমাৱৰ্তন ভাষণ প্ৰদান কৰিব। ৰাষ্ট্ৰপতি মুৰ্মুৱে বিভিন্ন শৈক্ষিক বিষয়ৰ ৫৩ হাজাৰৰো অধিক পৰীক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক যাত্ৰাৰ শিখৰত উপনীত হ’ব এই বৃহৎ অনুষ্ঠান। চৰকাৰী তথ্য অনুসৰি এই গুৰুত্বপূৰ্ণ উপলক্ষে ৫৩,৫২৩গৰাকী প্ৰাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হ’ব। ইয়াৰে ৪৬,৮১২গৰাকীয়ে স্নাতক ডিগ্ৰী, ৫,৫০৯গৰাকীয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ বিপৰীতে ৫৭২গৰাকীয়ে ডক্টৰেট ডিগ্ৰী (পি এইচ ডি) আৰু অতিৰিক্ত ১০গৰাকী প্ৰাৰ্থীয়ে স্নাতকোত্তৰ (এম ফিল) ডিগ্ৰী লাভ কৰিব। এই উপলক্ষে ২১০গৰাকী ছোৱালী আৰু ১১০গৰাকী ল’ৰাকে ধৰি প্ৰায় ৩২০গৰাকী ছাত্ৰ-ছাত্ৰীক নগদ ধনৰ লগতে সোণ আৰু ৰূপৰ পদকেৰে সন্মানিত কৰা হ’ব। ১৮৯গৰাকী ছোৱালী আৰু ৯৪গৰাকী ল’ৰাকে ধৰি ২৮৩গৰাকী ছাত্ৰ-ছাত্ৰীক স্বৰ্ণ পদক প্ৰদান কৰাৰ বিপৰীতে ১৩গৰাকী ছোৱালী আৰু দুগৰাকী ল’ৰাকে ধৰি ২১গৰাকী ছাত্ৰ-ছাত্ৰীক পৃষ্ঠপোষকতাত স্বৰ্ণ পদক প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি দুজন ল’ৰা-ছোৱালীকে ধৰি চাৰিজন প্ৰাৰ্থীক পৃষ্ঠপোষকতাত ৰূপৰ পদক প্ৰদান কৰাৰ বিপৰীতে ছয়জন ল’ৰা আৰু ছয়গৰাকী ছোৱালীকে ধৰি ১২গৰাকী ছাত্ৰ-ছাত্ৰীক পৃষ্ঠপোষকতাত নগদ বঁটা প্ৰদান কৰা হ’ব।