নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত আৱাসিক প্ৰকৃতি শিবিৰ

নিয়মীয়া বাৰ্তা,  ৮ জুলাই : নতুন প্ৰজন্মৰ মাজত বন আৰু বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ঢকুৱাখনাৰ প্ৰকৃতি সংগঠন PU EN FO WILDৰ উদ্যোগত মেগামিক্স প্ৰকৃতি সংঘ আৰু অসম বিজ্ঞান সমিতি ঢকুৱাখনা শাখাৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে আৱাসিক প্ৰকৃতি আৰু শিক্ষা শিবিৰ। পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীৰ ঊৰ্ধ্বৰ শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত হোৱা আৱাসিক প্ৰকৃতি আৰু শিক্ষা শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম বিজ্ঞান সমিতিৰ উপ-সভাপতি ডঃ অমল চন্দ্ৰ দত্তই। PU EN FO WILDৰ কৰ্মী বিমান সন্দিকৈয়ে আঁত ধৰা অনুষ্ঠানত অসম বিজ্ঞান সমিতিৰ উপ-সভাপতি ডঃ দত্তই ভাষণ প্ৰসংগত এই শিবিৰৰ গুৰুত্ব সম্পৰ্কত মত প্ৰকাশ কৰি কয় যে ভৱিষ্যৎ প্ৰজন্মক প্ৰকৃতি সংৰক্ষণ তথা সুৰক্ষাৰ বিষয়ে অৱগত কৰোৱাৰ বাবে আৰু অধিক এনেধৰণৰ শিবিৰৰ আয়োজন কৰাৰ প্ৰয়োজন। প্ৰকৃতি সংৰক্ষণ কৰাটো আমাৰ মাথোঁ দায়িত্বই নহয় কৰ্তব্যও বুলি উল্লেখ কৰি তেওঁ লগতে আৰু কয়- আমি বছৰ বছৰ ধৰি ভোগ কৰি অহা প্ৰকৃতিৰ বিনিময়ত ইয়াৰ সংৰক্ষণৰ বাবে কাম কৰাটো প্ৰতিগৰাকী মানুহৰে কৰ্তব্য ।

                                                             

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিজ্ঞান কৰ্মী দ্বিগেন্দ্ৰনাথ হাজৰিকা, পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ দত্ত, পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তুলধৰ শৰ্মা, পশ্চিম ঢকুৱাখনা উঃ মাঃ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰমোদ দত্ত, পশ্চিম ঢকুৱাখনাৰ বিশিষ্ট ব্যক্তি তুলন ৰাজভৰ, বিজ্ঞান কৰ্মী, শিক্ষয়িত্ৰী সান্ত্বনা বৰুৱা, ঢকুৱাখনা মজলীয়া বালিকা অভ্যসন বিদ্যালয়ৰ প্ৰধান শিক্ষক লীলা দাস, যুৱ পৰিৱেশ কৰ্মী সুমিত দাস, মানস প্ৰতিম দত্ত, ধ্ৰৱজ্যোতি চেতিয়া, কৃষ্ণ দত্ত আদিয়ে অংশ লৈ ছাত্ৰ–ছাত্ৰীক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। উল্লেখ্য যে PU EN FO WILD-এ ঢকুৱাখনাৰ বিভিন্ন ঠাইত প্ৰকৃতি সংৰক্ষণৰ ওপৰত সজাগতা শিবিৰ অনুষ্ঠিত কৰি আহিছে, যাতে নতুন প্ৰজন্ম পৰিৱেশৰ জ্ঞানগত সংৰক্ষণৰ প্ৰতি আগ্ৰহী হৈ উঠিব পাৰে। ৯ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া এই আৱাসিক প্ৰকৃতি শিবিৰত এক নিয়ম শৃংখলাৰ মাজত ছাত্ৰ-ছাত্ৰীসকল তিনি দিন থাকি কোঠাৰ ভিতৰত আৰু বাহিৰৰ লগতে বিভিন্ন প্ৰাকৃতিক পৰিৱেশত ৰাজ্যখনৰ আগশাৰীৰ কেইবাজনো পৰিৱেশ কৰ্মী তথা অভিজ্ঞ লোকৰ সৈতে মত বিনিময় কৰাৰ সুবিধা লাভ কৰিব ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like