মৰিয়নি জাতীয় বিদ্যাপীঠত গ্ৰন্থদান অৱসৰপ্ৰাপ্ত ভূ-বিজ্ঞানী তৰুণ চন্দ্ৰ শইকীয়াৰ
বিশেষ বাৰ্তা, ২০ মে’ : যোৰহাট তৰাজানৰ নিবাসী অৱসৰপ্ৰাপ্ত ভূ-বিজ্ঞানী, সমাজকৰ্মী- লেখক তৰুণ চন্দ্ৰ শইকীয়াই নতুন প্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে সম্পূৰ্ণ নিজা উদ্যোগেৰে কিছু ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে। এই উদ্দেশ্যে আজি মৰিয়নিৰ অসমীয়া মাধ্যমৰ অন্যতম শিক্ষানুষ্ঠান মৰিয়নি জাতীয় বিদ্যাপীঠত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।
বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ অৱসৰপ্ৰাপ্ত ভূ-বিজ্ঞানী তৰুণ চন্দ্ৰ শইকীয়াই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা বক্তৃতা প্ৰদান কৰে। তেওঁ কিতাপ আৰু বক্তব্যৰ মাজেৰে জ্ঞানৰ পোহৰ দিবলৈ চেষ্টা কৰে।
নিজ বক্তব্যত তেওঁ ছাত্ৰ ছাত্ৰীসকলক সকলো দিশতে আগবাঢ়ি যাবলৈ আহ্বান জনায়। আজিৰ পৃথিৱী প্ৰতিযোগিতাৰ পৃথিৱী বুলি উল্লেখ কৰি এই প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ হ’লে সকলো ক্ষেত্ৰৰে সম্যক জ্ঞান থকাতো প্ৰয়োজন বুলি উল্লেখ কৰে।
তেওঁ কয়- এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী সকলো দিশতে সমানে পাৰ্গত নহ’লেও সকলোবোৰ বিষয়ৰে সম্যক জ্ঞান হ’লেও থকাতো বাঞ্চনীয়। প্ৰসংগক্ৰমে তেওঁ ছাত্ৰ ছাত্ৰীসকলক সজ গুণৰ অধিকাৰী হ’বলৈ আহ্বান জনায়। পঢ়া শুনাৰ লগতে সজ গুণৰ অধিকাৰী হ’লেহে জীৱনত উন্নতি কৰিব পাৰে বুলিও তেওঁ লগতে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনায়।
অধ্যয়নৰ দ্বাৰাহে জ্ঞান অৰ্জন কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ কেৱল পাঠ্যপুথিৰ শিক্ষাই নহয়, বিভিন্ন ধৰণৰ গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক নিজৰ জন্মদিনত বিদ্যালয়ৰ পুথিভঁৰাললৈ একোখনকৈ গ্ৰন্থা আগবঢ়াবলৈও আহ্বান জনায়।
আজিৰ অনুষ্ঠানত তেওঁ কেবাগৰাকীও প্ৰখ্যাত লেখকৰ বহুকেইখন বিখ্যাত গ্ৰন্থ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰে। এই অনুষ্ঠানতে ভূ- বিজ্ঞানী শইকীয়াই কেবাখনো প্ৰখ্যাত, বিৰল আলোকচিত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ আগত প্ৰদৰ্শন কৰে। বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানৰ আৰম্ভণিতে তৰুণ চন্দ্ৰ শইকীয়াক বিদ্যালয় কৰ্তৃপক্ষই আদৰণি জনায়।
অনুষ্ঠানটোত তৰুণ চন্দ্ৰ শইকীয়াই বিদ্যালয়খনৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়া কেবাগৰাকীও ছাত্ৰ ছাত্ৰীক মূল্যৱান গ্ৰন্থৰ লগতে বিভিন্ন বিদেশী মূদ্ৰা, কলম, বিভিন্ন প্ৰয়োজনীয় উপহাৰ আদি প্ৰদান কৰে। তেওঁলোকৰ ভিতৰত উচ্চ শ্ৰেণীৰ সকলো দিশতে পাৰ্গত ছাত্ৰ হিচাপে বিনীত গগৈ, সজ স্বভাৱ- চৰিত্ৰ- আচৰণৰ বাবে মৌমন শইকীয়া, শ্ৰেষ্ঠ ছাত্ৰ- ছাত্ৰী হিচাপে প্ৰিয়াংকী পাটনায়ক, শ্ৰেষ্ঠ গায়ক অমৃত তাঁতী, শ্ৰেষ্ঠ চিত্ৰশিল্পী পৰিণীতা গগৈ, সুন্দৰ হাতৰ আখৰৰ বাবে ৰিম্পী ছামাছীক গ্ৰন্থ আৰু বিভিন্ন মূল্যৱান উপহাৰ প্ৰদান কৰা হয়।
তদুপৰি অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত দেৱাংগনা শইকীয়া, প্ৰিয়ংকা শৰ্মা আৰু মাধুৰীমা গগৈ আৰু বিজ্ঞান বিষয়ত সৰ্বোচা নম্বৰ প্ৰাপ্ত দৃষ্টিনা গগৈ, ৰাখী বুঢ়াগোহাঁই আৰু মাধুৰীমা গগৈকো গ্ৰন্থ, উপহাৰ আদি প্ৰদান কৰা হয়। অনুষ্ঠানটোত ছাত্ৰী ছাত্ৰীৰ লগতে উপস্থিত ৰাইজৰ মাজত কেবাখনো পুস্তিকাও বিতৰণ কৰে।
বিদ্যালয়খনৰ পুথিভঁৰাললৈ শইকীয়াই বহুসংখ্যক মূল্যৱান গ্ৰন্থ আগবঢ়ায়। বিদ্যালয়ৰ সঞ্চালক ৰঞ্জিত গোহাঁইবৰুৱাই আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকি মৰিয়নিৰ সংবাদকৰ্মী – ক্ৰীড়া সংগঠক দীপক দত্তয়ো চমু বক্তব্য প্ৰদান কৰি তৰুণ চন্দ্ৰ শইকীয়াৰ এনে প্ৰচেষ্টাৰ শলাগ লয়।
উল্লেখযোগ্য যে, সম্পূৰ্ণ নিজা প্ৰচেষ্টাত ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ শীৰ্ষক এই ব্যতিক্ৰমী কৰ্মৰ দ্বাৰা তৰুণ চন্দ্ৰ শইকীয়াই বিভিন্ন শিক্ষানুষ্ঠানত এইদৰে কিতাপ অধ্যয়নৰ প্ৰতি নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈ আহিছে।
আজিৰ এই অনুষ্ঠান পঞ্চাশসংখ্যক বিদ্যালয়ৰ অনুষ্ঠান বুলি তেওঁ জানিবলৈ দিয়ে। মনোগ্ৰাহী অনুষ্ঠানটোত বিদ্যালয়খনৰ অধ্যক্ষ অনুশ্ৰী গোহাঁইবৰুৱা, সমৰকলা প্ৰশিক্ষক খোকন দে, মৰিয়নি প্ৰেছ ক্লাৱৰ সভাপতি জীৱন চন্দ্ৰ দত্ত প্ৰমুখ্যে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু বহুসংখ্যক অভিভাৱক উপস্থিত থাকে। জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া