নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে সমগ্র দেশতে চলি আছে লকডাউন ৷ সামাজিক দূৰত্ব বৃদ্ধিৰে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যেই জৰুৰীকালীন সেৱাৰ বাহিৰে বন্ধ কৰি দিয়া হৈছে সকলো ব্যৱসায়িক প্রতিষ্ঠানৰ লগতে গাড়ী–মটৰ, ৰে’ল–বিমানৰ চলাচল ৷ ফলত দেশৰ বিভিন্ন ঠাইত আবদ্ধ হৈ পৰে অসমৰ পৰা চিকিৎসাৰ বাবে যোৱা ৰোগী, ছাত্র–ছাত্রী, শ্রমিক, পর্যটককে ধৰি অসংখ্য লোক ৷ লকডাউনৰ বাবে বিগত এমাহ ধৰি বাংগালুৰুত আবদ্ধ হৈ আছে অসমৰ ২৩জনকৈ অৱসৰপ্রাপ্ত সেনা জোৱান ৷ কর্মজীৱনৰ পৰা অৱসৰ গ্রহণ কৰিও নিজৰ হেঁপাহৰ ঘৰখনলৈ আহিব পৰা নাই এইসকল জোৱান ৷ লকডাউনৰ বাবেই ৩১ মার্চতে অৱসৰ গ্রহণ কৰা অসমৰ ২৩জনকৈ জোৱান বর্তমানো আবদ্ধ হৈ থাকিব লগা হৈছে ৷ এইসকল সেনাবাহিনীৰ জোৱান এতিয়া উদ্গ্রীব হৈ পৰিছে নিজৰ হেঁপাহৰ ঘৰলৈ অহাৰ বাবে ৷ ইপিনে, স্বাভাৱিক জীৱনযাত্রাৰ বাবে এইপর্যন্ত সৃষ্টি হোৱা নাই এক অনুকূল পৰিৱেশ ৷ ইয়াৰ মাজতে ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা ছাত্র–ছাত্রীকে ধৰি একাংশক অসম চৰকাৰে ওভতাই অনাৰ বাবে ব্যৱস্থা কৰাৰ পাছতে বাংগালুৰুত আবদ্ধ হৈ থকা অসমৰ ২৩ অৱসৰপ্রাপ্ত সেনা জোৱানেও সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্রীলৈ ই–মেইলযোগে তেওঁলোকক স্ব–গৃহলৈ ওভতাই অনাৰ ব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনাইছে৷ জানিব পৰা মতে, বাংগালুৰুত আবদ্ধ হৈ থকা এইসকলৰ ভিতৰত আছে গুৱাহাটীৰ ১৯জন, লখিমপুৰ জিলাৰ ৩জন আৰু ধেমাজি জিলাৰ এজন জোৱান ৷