নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিষেক চাইক্লনত ধৰাশায়ী ইংৰাজ আভিজাত্য

🔹 ১৫০ ৰানত বিজয়ী ভাৰত : শৃংখলাত ৪-১ত বিধ্বস্ত বাটলাৰৰ ইংলেণ্ড

নিউজ ডেস্ক, ৩ ফেব্রুৱাৰী : মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অভিষেক চাইক্লনত ভাঙি চূৰমাৰ হ’ল ইংৰাজ বাহিনীৰ আভিজাত্য৷ ভাৰতীয় যুৱ তাৰকা অভিষেক শর্মাৰ দর্শনীয় শতৰানৰ সহায়ত টি–২০ শৃংখলাৰ অন্তিমখন মেচত ভাৰতৰ হাতত ১৫০ ৰানৰ বিশাল ব্যৱধানত পৰাজিত হয় ইংলেণ্ড৷ ইয়াৰ লগে লগে পাঁচখনীয়া শৃংখলাত ভাৰত বিজয়ী হয় ৪–১ ব্যৱধানত৷ অভিষেকে শতৰান কৰে মাত্র ৩৭টা বলত৷ অলপৰ বাবে তেওঁ ৰোহিত শর্মাৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে৷ ৩৫টা বলত শতৰান কৰিছিল ৰোহিতে৷ অভিষেকৰ শতৰানকাৰী ইনিংছৰ পিছত ভাৰতীয় স্পিনাৰৰ ঘূর্ণিৰ জালত দিশহাৰা হৈ পৰে ইংলেণ্ড৷ এয়া আছিল ভাৰতীয় হিচাপে অভিষেকৰ টি–২০ত দ্বিতীয় দ্রুততম শতৰান৷ পঞ্চমখন টি-২০ মেচত মাত্র ৬.৩ অভাৰত ১০০ ৰান উঠিছিল ভাৰতীয় স্ক’ৰ ব’ৰ্ডত৷ টি–২০ৰ এটা ইনিংছত ভাৰতীয় হিচাপে সর্বোচ্চ ৰান কৰে অভিষেকে৷ তদুপৰি দেশৰ হৈ এখন টি–২০ মেচত সর্বাধিক ৬ মৰাৰ নজিৰো গঢ়ে তেওঁ৷ ৬ অভাৰৰ অন্তত ৯৫ ৰান কৰি টি–২০ ক্রিকেটৰ ইতিহাসত পাৱাৰ প্লে’ত ভাৰতৰ সর্বোচ্চ ৰান সংগৃহীত হয়৷ এনে একাধিক অভিলেখ গঢ়াৰ পিছত ভাৰতে ২০ অভাৰত ২৪৭ ৰান সংগ্রহ কৰে৷ ইয়াৰ ভিতৰত কেৱল অভিষেকৰ বেটৰ পৰা আহে ১৩৫ ৰান৷ বৃহৎ লক্ষ্য অতিক্রম কৰিবলৈ গৈ ভাৰতীয় বলাৰৰ ঘূর্ণিত দিশহাৰা হৈ পৰে ইংৰাজ বাহিনী৷ প্রথম অভাৰত আগ্রাসী বেটিং কৰিলেও লাহে লাহে মেচৰ পৰা হেৰাই যায় ইংলেণ্ড৷ স্পিনাৰৰ লগতে বিধ্বংসী হৈ উঠা মহম্মদ ছামিয়ে ৩টা উইকেট দখল কৰে৷ বৰুণ চক্রৱর্তী, শিৱম ডুবে আৰু অভিষেক শর্মাই দুটাকৈ উইকেট লাভ কৰে৷ ভাৰতীয় বলাৰৰ নিখুঁত বলিঙৰ বাবে ১০ অভাৰো পূর্ণ কৰিব নোৱাৰিলে ইংলেণ্ডে৷ মাত্র ৯৭ ৰানতে স্তব্ধ হৈ পৰে বাটলাৰৰ ইংলেণ্ড দলৰ ইনিংছ৷ দলটোৰ হৈ ফিল ছল্টে ২৩টা বলত ৫৫ ৰান সংগ্রহ কৰে যদিও অন্য বেটাৰসকল সম্পূর্ণৰূপে ব্যর্থ হয়৷ জেকব বেথেলে দ্বিতীয় সর্বাধিক ১০ ৰান সংগ্রহ কৰে৷ ইপিনে, অভিষেকৰ বাহিৰে ভাৰতৰ অন্য বেটাৰসকলে আশাপ্রদ বেটিং কৰাত ব্যর্থ হয়৷ অ’পেনাৰ সঞ্জু ছেমছনে ১৬ ৰান কৰি বিদায় লোৱাৰ পিছত তিলক বার্মাই ২৪ ৰান কৰে৷ শিৱম ডুবেই দ্বিতীয় সর্বাধিক ৩০ ৰান আৰু অক্ষৰ পেটেলৰ বেটৰ পৰা আহে ১৫ ৰান৷ উল্লেখ্য যে টি–২০ত এয়া আছিল ভাৰতৰ দ্বিতীয় বৃহৎ বিজয়৷ ইয়াৰ পূর্বে ভাৰতে নিউজিলেণ্ডক ১৬৮ ৰানত পৰাস্ত কৰিছিল৷

You might also like