বিশেষ বাৰ্তা, ২৯ জুনঃ মৰিয়নি মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ এক মিলন সমাৰোহ আজি অনুষ্ঠিত হয় । মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ উদ্যোগত ইয়াৰ সভাকক্ষত আজি অনুষ্ঠিত উক্ত মিলন সমাৰোহখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহন কৰে । সমাৰোহৰ আৰম্ভণিতে শিক্ষাতত্ব বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপক, বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা প্ৰয়াত তিলেশ্বৰ ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাই শিক্ষাতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা স্বপ্না ভট্টাচাৰ্য্যই । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালা, উপাধ্যক্ষ ড° মঞ্জুলা বৰঠাকুৰৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকাসকল উপস্থিত থাকে । ইয়াৰ পিছতেই শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী স্বপ্না ভট্টাচাৰ্য্যৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত প্ৰাক্তন শিক্ষাৰ্থীসকলক বৰ্তমানৰ শিক্ষাৰ্থীসকলে উষ্ম আদৰণি জনায় । শিক্ষাতত্ব বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিবেশন কৰা এটা সমবেত সংগীতেৰে কাৰ্য্যসূচী আৰম্ভ হয় । শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা অৰ্চনা শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিভাগৰ জ্যেষ্ঠা অধ্যাপিকা মিনতি বৰঠাকুৰে আদৰণি ভাষন প্ৰদান কৰে । মূলতঃ শিক্ষাতত্ব বিভাগত অধ্যয়নৰ অন্তত ওলাই যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক একেলগ কৰাৰ উদ্দেশ্যৰেই এই সমাৰোহৰ আয়োজন কৰা বুলি তেওঁ উল্লেখ কৰে । এই সভাত প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ চিনামৰা মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক তৰুণ শইকীয়া, প্ৰাক্তন ছাত্ৰী- বৰ্তমান নকছাৰী মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ অধ্যাপিকা অৰ্চনা হাজৰিকা, প্ৰাক্তন ছাত্ৰ তথা শিক্ষক অনন্ত খনিকৰ, প্ৰাক্তন ছাত্ৰ তথা কৃতী শিক্ষক মনোজ কুমাৰ শৰ্মা, শিক্ষয়িত্ৰী ৰশ্মি লইং, জিতাঞ্জলী বৰা, ৰঞ্জিত তিৱাৰী, মনিষা ভূঞা, অনুপমা ৰাজখোৱা, ধৰিত্ৰী গগৈ, বন্তি শইকীয়া, ৰীতামনি বৰা আদিৰ ওপৰিও ৰেখা বৰুৱা, পল্লৱী গোস্বামী আদি শতাধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । প্ৰাক্তন শিক্ষাৰ্থী সকলক স্মৃতি স্বৰূপে একোটাকৈ স্মাৰক প্ৰদান কৰা হয় । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন হাতে লিখা আৰু ছপা মাধ্যমৰ আলোচনী প্ৰকাশ কৰা হয় । ৰবীনা যাদৱে সম্পাদনা কৰা ‘জ্ঞানম’ নামৰ আলোচনীখন উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাই । আনহাতে, উক্ত সমাৰোহত প্ৰাক্তন শিক্ষাৰ্থীসকলে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমাৰ বিষয়ে উল্লেখ কৰি আৱেগিক হৈ পৰে । শিক্ষাতত্ব বিভাগৰ পৰা তেওঁলোকে লাভ কৰা শিক্ষা আৰু অভিজ্ঞতাৰ লগতে গুৰু সকলৰ সান্নিধ্যলৈ আহি তেওঁলোকে জীৱনত কি লাভ কৰিলে সেই সকলোবোৰ প্ৰকাশ কৰি তেওঁলোকে গুৰু শিষ্যৰ সম্বন্ধটো অধিক কটকটীয়া কৰি তোলে ।প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয়খনৰ সৰ্বাংগীণ উন্নয়ন সাধনৰ বাবে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মতপোষন কৰে । ন-পুৰণি গুৰু -শিষ্যৰ এই মহামিলনৰ এই সময়খিনি আৰু মনোগ্রাহী কৰি তুলিবলৈ বৰ্তমানৰ শিক্ষাৰ্থীসকলে এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে । শিক্ষাতত্ব বিভাগৰ ছাত্ৰ – ছাত্ৰী ৰাহুল ৰয়, প্ৰণামী গগৈ আৰু স্মৃতি দেৱে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে গীত – নৃত্য আদি পৰিবেশন কৰি অনুষ্ঠানটো সুন্দৰ কৰি তোলে । আনহাতে, এই সমাৰোহতে প্ৰাক্তন শিক্ষাৰ্থী তৰুণ শইকীয়াক সভাপতি, অনন্ত খনিকৰ আৰু অৰ্চনা হাজৰিকাক উপ-সভাপতি, কাঞ্চনা দাস আৰু পল্লৱী কলিতাক যুটীয়া সম্পাদক, ৰশ্মি লইং আৰু অনুপমা ৰাজখোৱাক সহকাৰী সম্পাদক, অনামিকা শইকীয়াক প্ৰচাৰ সম্পাদক, জীতাঞ্জলী বৰা,ধৰিত্ৰী গগৈ, ৰেখা লাহন, বন্তি শইকীয়াক সদস্য হিচাপে লৈ প্ৰাক্তন শিক্ষাৰ্থীসকলক লৈ এখন স্থায়ী সমিতি গঠন কৰা হয় । মনোজ কুমাৰ শৰ্মা ড° কুমুদ ঘোষক উপদেষ্টা আৰু প্ৰতিটো বৰ্ষৰ দুগৰাকী প্ৰাক্তন শিক্ষাৰ্থী সদস্য হিচাপে থাকিব লগীয়া এই সমিতিখনক শিক্ষাতত্ব বিভাগৰ তৰফৰ পৰা অৱসৰপ্ৰাপ্ত অধ্যাপিকা স্বপ্না ভট্টাচাৰ্য্য, বৰ্তমানৰ মুৰব্বী অৰ্চনা শইকীয়া আৰু জ্যেষ্ঠা অধ্যাপিকা মিনতি বৰঠাকুৰে সহযোগিতা কৰিব । এই সমিতিখনে ভৱিষ্যতে বিভিন্ন শিক্ষাতত্ব বিভাগৰ লগতে মহাবিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰিব বুলি উল্লেখ কৰা হয় ।প্ৰাক্তন শিক্ষাৰ্থীৰ এই সমাৰোহখনক সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সহকাৰী অধ্যাপিকা কাঞ্চনা দাসে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । সহকাৰী অধ্যাপিকা পল্লৱী কলিতাই শলাগৰ শৰাই আগবঢ়োৱা সমাৰোহখনত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰাক্তন শিক্ষাৰ্থীসকলে সমগ্ৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া